Women Are More Affected by Diseases:পুৰুষতকৈ দীর্ঘায়ু হ’লেও ৰোগ- ব্যাধিত অধিক আক্রান্ত হয় মহিলা

women 2

Women Are More Affected by Diseases:

সাধাৰণতে পুৰুষৰ তুলনাত নাৰীৰ আয়ুস অধিক হয়। কিন্তু একে সময়তে এই কথাও দেখা যায় যে পুৰুষতকৈ মহিলাৰ শাৰীৰিক-মানসিক ৰোগৰ সমস্যাও অধিক হয়। ‘গ্ল’বেল জেণ্ডাৰ হেল্থ নামৰ এক স্বাস্থ্য বিষয়ক প্রতিবেদনত এই তথ্য প্রকাশ পালে।

স্বাস্থ্য পত্রিকা ‘দ্য লেনচেট’ত প্রকাশিত এই প্রতিবেদনত উল্লেখ কৰা অনুসৰি, বিশ্বজুৰি স্বাস্থ্যগত দিশৰ পৰা পুৰুষ আৰু নাৰীৰ মাজত উল্লেখনীয় পার্থক্য দেখা যায়। আমি দেখা পাওঁ যে মহিলাৰ মাজত ভৰি, কঁকাল বা আঁঠুৰ বিষ অধিক হয়।

পেশীৰ সমস্যা, সমস্যা আৰু মুৰৰ বিষৰ দৰে সমস্যাও নাৰীৰ অধিক হয়। এইসমূহ ৰোগ প্রাণঘাতক নহ’লেও অসুস্থতা আৰু শাৰীৰিক অক্ষমতা সৃষ্টি কৰে বুলি গৱেষকে কয়। এনেবোৰ ৰোগৰ কাৰণত মহিলাৰ মাজত মানসিক সমস্যাও বৃদ্ধি পায় বুলি গৱেষকে দাবী কৰিছে।

আনহাতে, পুৰুষৰ মাজত শ্বাস ৰোগ, যকৃতৰ ৰোগ, দৰে জীৱনঘাতক ৰোগৰ প্রকোপ অধিক দেখা যায় বুলি গৱেষকে দাবী কৰিছে। আনকি পথ দুর্ঘটনাতো পুৰুষৰ মৃত্যুৰ হাৰ অধিক। নাৰী আৰু পুৰুষৰ স্বাস্থ্যগত যি ভিন্নতা আছে, সেয়া বয়স বৃদ্ধিৰ লগে লগে বাঢ়ি যায় বুলি গৱেষকে দাবী কৰিছে। নাৰীয়ে তুলনামূলকভাবে আজীৱন উচ্চ মাত্রাত অধিক শাৰীৰিক মানসিক সমস্যাত ভোগে। কিন্তু এনেবোৰ শাৰীৰিক সমস্যাৰ পাছতো পুৰুষৰ তুলনাত মহিলাসকলে দীর্ঘ জীৱন লাভ কৰে।

ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ হেল্থ মেট্রিক্স এণ্ড ইভালুৰেচন (আই এইছ এমই)ৰ গৱেষণামূলক অধ্যয়নৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি, বিগত ৩০ বছৰ ধৰি এই বিষয়ত চলোৱা অধ্যয়নত এইটো প্রমাণিত হৈছে যে পুৰুষতকৈ মহিলাৰ অধিক হয় যদিও মহিলাৰ মাজত স্বাস্থ্যজনিত সমস্যাও অধিক।

অৱশ্যে মহিলাসকল যিবোৰ স্বাস্থ্যজনিত সমস্যাত আক্রান্ত হয়, সেইসমূহৰ সৰহ সংখ্যকে প্রাণঘাতক নহয়। ড° ফ্ল’ৰে লগতে কয় যে পুৰুষসকল অপেক্ষাকৃতভাবে জটিল আৰু প্রাণঘাতক ৰোগত আক্রান্ত হয়। গৱেষণাত লাভ কৰা তথ্য অনুসৰি, ২০২১ বৰ্ষত অসুস্থতা আৰু মৃত্যুৰ শীর্ষ ২০ টা কাৰণৰ ১৩টা কাৰণেই পুৰুষৰ মাজত সর্বাধিক প্রত্যক্ষ হৈছিল। বিশেষকৈ উক্ত বর্ষত ক’ভিড- পথ দুর্ঘটনা, হৃদৰোগ, স্বাসতন্ত্ৰৰ ৰোগ, যকৃতৰ ৰোগৰ দবে জটিল স্বাস্থ্য সমস্যাত মহিলাতকৈ অধিক আক্রান্ত হৈছিল পুৰুষ।

আনহাতে, নাৰীৰ মাজত কঁকালৰ বিষ, আঁঠুৰ বিষ, মূৰৰ বিষ, হাড়ৰ সমস্যা, পেশীৰ সমস্যা, স্মৃতিভ্রম, এইচ আই ভিৰ দৰে ৰোগৰ প্রকোপ অধিক চিনাক্ত কৰা হৈছিল। ফ্ল’ৰে লগতে প্রতিবেদনত কৈছে যে এনেবোৰ কাৰণত জীৱনকালত নাৰীয়ে অধিক অসুস্থতা আৰু অক্ষমতাত ভুগিলেও অকাল মৃত্যুৰ সম্ভাৱনা তেনেই সীমিত হয়।

Exit mobile version