কৰ’না ভাইৰাছৰ মহাসংকটৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ সঞ্চালক প্রধান টেড্রছ অধম ঘেব্রেয়েছেছে । প্রাণঘাতক ভাইৰাছৰ সন্দৰ্ভত পুনৰ সকীয়নি দিলে বিশ্বক।
হুৰ সদস্যভুক্ত ১৯৪ দেশৰ স্বাস্থ্যমন্ত্রী স’তে এখন ভাচুৱেল বার্ষিক বৈঠকত অংশ লােৱাৰ সময়ত টেড্রছে সকীয়নি দি কয় যে কৰ’নাই অন্তিমটো ভাইৰাছ নহয়, অচিৰে ইয়াতকৈও ভয়াৱহ ভাইৰাছে বিশ্বত সংক্রমণ বিয়পাব পাৰে।
এই বিশ্ব বর্তমানে যথেষ্ট বিপজ্জনক স্থিতিত থাকিব। কোনাে ধৰণৰ ভুল নকৰিব। বিশ্বই এইটোৱে অন্তিমবাৰৰ বাবে মহামাৰীৰ বিপদৰ সন্মুখীন হােৱা নাই।
এই কথা প্রায় স্পষ্ট হৈছে যে আৰু এটা ভাইৰাছৰ আগমন ঘটিব আৰু এই নতুন ভাইৰাছ কৰ’না ভাইৰাছৰ তুলনাত অধিক সংক্রামক আৰু প্রাণঘাতক হ’ব।
হুৰ মুৰব্বীজনে আমেৰিকাৰ দৰে দেশকে সকীয়নি দি কয় যে দ্রুততাৰে ক’ভিড় প্রতিষেধক প্ৰদানৰ পাছতাে ভাইৰাছৰ নতুন সংক্ৰমণৰ বিপদৰ অন্ত নপৰিব। টেড্রছে প্রতিষেধক মজুত কৰি ৰখা দেশসমূহকে কঠোৰভাৱে সমালােচনা কৰিলে।
বিশ্বত ৭৫ শতাংশ ক’ভিড প্রতিষেধক কেৱল ১০ খন দেশত ব্যৱহাৰ কৰা হৈছে বুলি অভিযােগ কৰি হুৰ মুৰব্বীয়ে কয় যে প্রতিষেধক বিতৰণৰ ক্ষেত্ৰত বিশ্বত এক ‘অপমানজনক অসমতা’ পৰিস্থিতিৰ উদ্ভৱ হ’ল।
প্রতিষেধক মজুত কৰি ৰখা দেশসমূহে টেড্রছে দৰিদ্ৰ দেশক টিকা দান কৰিবলৈ অনুৰােধ জনায় । টেড্রছে কয় যে বর্তমানলৈকে কৰ’না ভাইৰাছ আৰু ইয়াৰ বিভিন্ন প্রজাতিৰ ব্যাপক সংক্রমণ বিশ্বত অব্যাহত আছে, এনে পৰিস্থিতিত বিশ্ববাসীয়ে কোনাে ধৰণৰ শিথিলতা অৱলম্বন কৰিলে পৰিস্থিতি অধিক ভয়াৱহ হ’ব পাৰে।
কৰ’নাৰ সংক্রমণে ভাইৰাছৰ অন্তিম সংক্রমণ নহয় বুলি মন্তব্য কৰি হুৰ মুৰব্বীয়ে কয় যে বিশ্ববাসীয়ে ক’ভিডতকৈও ভয়াৱহ ভাইৰাছৰ সম্ভাৱ সংক্রমণ প্রতি সতর্ক থকা জৰুৰী।

































