Nagaon :প্রচণ্ড ৰ’দ-উৎকট গৰমে দহিছে ৰাইজক

গছ-গছনি কাটি খাস্তাং কৰাৰ দুর্ভোগ ভুগিছে, প্রতি বছৰে কমি আহিছে বৰষুণৰ পৰিমাণ

nagaon uu

Nagaon :

তাহানিৰ সুর্যৰ পোহৰ নপৰা ডাঠ অৰণ্যাবৃত ইখনৰ পাছত সিখনকৈ বনাঞ্চলৰ গছ-গছনি বাটি টকলা কৰা, কেবল পথ নির্মাণ আৰু পথ সম্প্ৰসাৰণৰ বাবেই লাখ লাখ জোপা গছ-গছনি কাটি খাস্তাং কৰা আদিৰ বাবেই যেন প্রকৃতি কষ্ট হৈছে জীৱ মানৱৰ ওপৰত।

কিয়নো প্ৰকৃতিৰ স্বকীয়াত্রাক নষ্ট কৰাৰ বাবেই যেন যেন প্রাকৃতিক ভাৰসাম্যহীনতাত ভুগিছে নগাওঁ জিলা। ফলত জিলা খনৰ তাপমাত্রা অতি উদ্বেগজনক দিনক দিনে বৃদ্ধি পোৱাৰ লগতে অনাবৃষ্টি আৰু অভূতপূর্ব বাবে দহিছে ৰাইজক। জিলা খনৰ প্রাকৃতিক ভাৰসাম্যহীনতাৰ বাবে কৃষি অর্থনীতিতো বিৰূপ প্রভাবৱ পৰা পৰিলক্ষিত হৈছে।

তাহানিৰ সেউজ নগাওঁ জিলাৰ বহু কেইখন বনাঞ্চল হোৱা, বনাঞ্চলৰ ভূমিত অব্যাহত থকা অবাধ অবাধ বেদখল, ৰাষ্ট্রীয় ঘাইপথ প্রধিকৰণে জিলা খনৰ মাজেৰে যোৱা চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপণ নির্মাণ কৰোতে কে’বা লাখ জোপা গছ কাটি পেলাইছিল। ঠিক একেদৰে নগাঁও- নলতলী, নগাঁও -মৰিগাঁও ৰাজ্যিক ঘাইপথ, অসমমালা আঁচনিৰ অধীনত নগাঁও-ধিং গড়কাপ্তানী পথ নির্মাণ কৰোতেও লাখ লাখ জোপা গছ কাটি পেলোৱা হৈছিল । এনেবোৰ কাৰণৰ বাবেই জিলা খনৰ প্রাকৃতিক ভালসাম্য হেৰুৱাই পেলাইছে বুলি প্ৰকৃতিপ্রেমী ৰাইজে মন্তব্য কৰিছে।

স্মর্তব্য যে বিগত কেইটামান বৰ্ষৰ পৰা জিলা খনত অনাবৃষ্টি আৰু প্রচন্ড খৰাঙৰ কবলত পৰিছে। অভাবৱনীয় হাৰত কমি গৈছে বৰষুণৰ পৰিমাণ। ইয়াৰ বিপৰীতে তাপমাত্রা দিনক দিনে বৃদ্ধি পায়োই আছে। প্ৰাপ্ত তথ্য অনুসৰি, চলিত বর্ষণ এপ্রিল-মে’ত জিলাখনত স্বাভাৱিক অৱস্থাতকৈ যথেষ্ট কম পৰিমাণে বৰষুণ হৈছে।

আনহাতে, বিগত কে’বা বছৰব পৰা জিলা খনত জুন -জুলাই -আগষ্ট আৰু ছেপ্তেম্বৰত যথেষ্ট কম পৰিমাণৰ বৰষুণ পৰা পৰিলক্ষিত হৈছে। এনেকৈয়ে যদি জিলাখনাত বৰষুণৰ পৰিমাণ কমি গৈ থাকে তেন্তে অচিৰেই তাহানিৰ সেউজ নগাঁও জিলা মৰুভূমি সদৃশ হৈ পৰিব বুলিও আশংকা কৰা হৈছে। অনাবৃষ্টি আৰু খৰাঙে জিলাৰ দৈনিক তাপমাত্রাও অতি উদ্বেগজনকভাবে বৃদ্ধি পাই গৈ আছে।

পাৰাস্তম্ভত আজি জিলাখনৰ তাপমাত্রা আছিল ৩৭ ডিগ্রী চেলছিয়াছ। নগাঁও জিলাখন প্রাকৃতিক ভাৰসাম্যহীনতাত ভোগাৰ বাবে জীৱকুললৈকো আহি পৰা চৰম দুৰ্যোগৰ সন্দৰ্ভত ৰাইজ আৰু প্রশাসন কোনো সজাগ-সচেতন নহয়। আজিও জিলাখনত অবাধ বনধ্বংস অব্যাহত আছে। ইতিপূর্বে জিলাখনৰ জুকুটা আৰু কোচমৰা সংৰক্ষিত বনাঞ্চল দুখন এশ শতাংশই ধ্বংস কৰি সকলো ভূমি বেদখল কৰিছে।

তদুপৰি, ৩১৭৩ হেক্টৰ মাটিকালিৰ বৰপানী বনাঞ্চলৰ প্ৰায় ২৫০০ হেক্টৰ ভূমি, ২২২৬ হেক্টৰ মাটি কালিৰ লুটুমাৰী বনাঞ্চলৰ প্ৰায় ১৫০০ হেক্টৰ মাটি, ১৬৬ হেক্টৰ মাটিকালিৰ পিলখানা বনাঞ্চলৰ প্রায় ৫০ হেক্টৰ মাটি ৬৪ হেক্টৰ মাটিকালিৰ মাধৱপাৰা বনাঞ্চলৰ প্ৰায় ৪০ হেক্টৰ মাটি বেদখলকাৰীৰ কৱলত পৰিছে। ঠিক একেদৰে জিলাখনৰ বুঢ়াচাপৰি অভয়াৰণ্য, লাওখোৱা অভয়াৰণ্যৰ লগতে অন্য একাংশ বনাঞ্চলো কম বেছি পৰিমাণে বেদখলকাৰীৰ কৱলত পৰিছে।

বনাঞ্চলসমূহত বাধাহীনভাৱে চলি আছে অবাধ বন ধ্বংসযজ্ঞ। এই বনধ্বংসৰ জ্বলন্ত সাক্ষী জিলা খনৰ বিভিন্ন প্রান্তত চলি থকা শশ অবৈধ কাঠফলা মিল। প্রাকৃতিক ভাৰসাম্যহীনতাৰ বাবেই জিলাখনৰ বিল, জলাশয়, সুঁতি জান-জুৰিৰ পানীৰ গভীৰতাও পূৰ্বৰ তুলনাত ভালেখিনি হ্রাস পাইছে। যিহেতু নগাঁও জিলাখন কৃষি প্রধান জিলা আৰু ইয়াৰ ৯০ শতাংশ কৃষকেই কেৱল বৰষুণৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰি কৃষিকার্য কৰে তেনে ক্ষেত্ৰত খেতি কৰাৰ বতৰত জিলাখনত স্বাভাৱিক হাৰতকৈ বহু কম পৰিমাণৰ বৰষুণ হোৱাত কৃষক ৰাইজে মূৰে-কপালে হাত দিব লগীয়া হৈছে।

ইপিনে, জিলাখনত ৰ’দৰ প্ৰখৰতা যিমানেই বৃদ্ধি পাইছে, যিমানেই তাপমাত্রা বৃদ্ধি পাইছে বিদ্যুতৰ লুকাভাকুও সিমানেই বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। জিলাখনৰ গ্রামাঞ্চলৰ কথাটো বাদেই নগাঁও চহৰতো বিদ্যুতৰ লুকাভাকুৱে ৰাইজক অতিষ্ঠ কৰি তুলিছে। প্রচণ্ড গৰমত ৰাইজে ছাটি-ফুটি কৰি থকাৰ সময়তো জিলাখনৰ অসংখ্য গাঁৱত বিভিন্ন কাৰণত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে।

ফলত দুর্ভোগ ভুগিব লগা হৈছে ৰাইজে। এই সন্দর্ভত সম্পূর্ণ উদাসীন ভূমিকাহে পালন কৰি আহিছে জিলাখনৰ বিদ্যুৎ বিভাগে। প্রখৰ ৰ’দ আৰু উৎকট গৰমৰ বাবে ছাত্র-ছাত্রীসকলে জীয়াতু ভুগিব লগা হৈছে। জিলাখনৰ অধিকাংশ শিক্ষানুষ্ঠানতেই বিদ্যুৎ সংযোগ আছে আৰু শ্রেণী কোঠাসমূহতো এখন-দুখনকৈ বৈদ্যুতিক ফেন আছে, কিন্তু বিদ্যুতৰ সঘন লুকা-ভাকুৰ বাবে এই ফেনসমূহ থাকিও নথকাৰ দৰে হৈছে।

Exit mobile version