Terrible landslide in Guwahati Lal Ganesh:
মহানগৰীৰ লালগনেশত সংঘটিত ভয়ংকৰ ভূমিস্খলনত কৰুণ মৃত্যুক সাবটি লয় এটি কণমানিয়ে ৷ ঘৰত শুই থকা অৱস্থাতে পাহাৰৰ মাটিয়ে ঘৰটো হেচি ধৰাত মৃত্যু হয় শিশুটিৰ ৷
ADVERTISEMENT
লালগণেশৰ কৃষ্ণ নগৰৰ দিলীপ দাসৰ ঘৰৰ ওচৰতে চলি আছিল নিৰ্মাণ কাৰ্য ৷ দুদিন ধৰি অব্যাহত থকা বৰষুণৰ ফলত নিৰ্মিয়মান এখন দেৱাল হোহোৱাই হেচা মাৰি ধৰে দিলীপ দাসৰ বাসগৃহ ৷ সেই সময়ত ঘৰটোত শুই আছিল দিলীপ দাসৰ দুবছৰীয়া পুত্ৰ সন্তানটি ৷ দেৱাল সহ পাহাৰৰ মাটিয়ে হেচি ধৰাৰ ফলত শুই থকা অৱস্থাতে মৃত্যু হয় শিশুটিৰ ৷
ইতিমধ্যে এই ঘটনাৰ পিছতে হুৱাদুৱা লাগে ৷ ঘটনাস্থলীত ফটাশিল-আমবাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযানত নামি পৰে আৰু উদ্ধাৰ কৰে শিশুটিৰ নিথৰ দেহ ৷






























