GreekTheater Workshop In Nagaon:নগাঁৱত গ্ৰীক থিয়েটাৰৰ কৰ্মশালা সফলতাৰে সমাপন

কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত গ্ৰীচৰ পেলোপনিজ বিশ্ববিদ্যালয়ৰ নাট্য বিভাগৰ অধ্যাপিকা ক্ৰীষ্টিনা জ’নিউ আৰু গ্ৰীচৰ নাট্য শিক্ষাবিদ নিকোছ গ’ভাছ

greece 1

Greek Theater Workshop In Nagaon:

২৭ মেৰ পৰা ৩০ মেলৈ সূত্ৰধাৰ আৰু জন-সংস্কৃতি স্কুল অৱ ড্ৰামা (উত্তৰ-পূৰ্বাঞ্চল) শাখাৰ যৌথ উদ্যোগত নগাঁৱত গ্ৰীক নাটকৰ ওপৰত চাৰিদিনীয়া কৰ্মশালা সফলতাৰে সমাপন কৰা হয় ৷ এই কৰ্মশালাখনি অনুষ্ঠিত হয় পৰিবেশ্য কলা প্ৰশিক্ষণৰ প্ৰতিস্থান সূত্ৰধাৰ চৌহদত ৷

ইউৰোপীয়ান দেশ গ্ৰীচৰ গ্ৰীপেলোপনিজ বিশ্ববিদ্যালয়ৰ নাট্য বিভাগৰ অধ্যাপিকা ক্ৰীষ্টিনা জ’নিউ আৰু গ্ৰীচৰ নাট্য শিক্ষাবিদ নিকোছ গ’ভাছ অংশগ্ৰহণকাৰীসকলৰ নাট্য প্ৰশিক্ষক হিচাপে উপস্থিত আছিল ৷ এই উপলক্ষে কৰ্মশালাৰ তত্বাৱধায়ক হিচাপে পশ্চিম বংগৰ পৰা অহা জন সংস্কৃতি নাট্য বিদ্যালয়ৰ সঞ্চালক ড॰ সঞ্জয় গাংগুলী উপস্থিত থাকে ৷ গোটেই কৰ্মশালাটি পৰিচালনা কৰে জন সংস্কৃতি নাট্য বিদ্যালয় (উত্তৰ-পূৰ্বাঞ্চল) শাখাৰ সঞ্চালক মূচ্চৰ্না মহন্ত আৰু সূত্ৰধাৰৰ সঞ্চালক গৌৰৱ কুমাৰ হাজৰিকাই ৷

]কৰ্মশালাৰ সময়ছোৱাত ৫৫ জন অংশগ্ৰহণকাৰীয়ে গ্ৰীক নাট্যৰ উপাদান, গ্ৰীক নাট্যৰ ইতিহাস, শাৰিৰীক অংগ সঞ্চালন, বিভিন্ন নাটকীয় কাৰ্যকলাপ আৰু শিক্ষাত নাটকৰ ব্যৱহাৰৰ বিষয়ে অভিজ্ঞতা লাভ কৰে৷ কৰ্মশালাৰ শেষত ৩০ মে’ত এ ডি পি কলেজৰ সহযোগত একক আন্তঃৰাষ্ট্ৰীয় বক্তৃতা কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷

এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে এ ডি পি মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ সদানন্দ পায়েং, ড॰ চিত্তৰঞ্জন নাথৰ লগতে অন্যান্য অধ্যাপক, ছাত্ৰ-ছাত্ৰী আৰু বহু স-পৰিচিত নাট্য কৰ্মী উপস্থিত থাকে ৷ বক্তৃতা কাৰ্যসূচীৰ পিছত সকলো অংশগ্ৰহণকাৰীকে প্ৰমাণ পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷ বিশিষ্ট অতি্থিসকলক সূত্ৰধাৰ চৌহদত সন্মুখত অসম আৰু উত্তৰ –পূবৰ সংস্কৃতি প্ৰতিফলিত এক সাংস্কৃতিক সন্ধিয়া সূত্ৰধাৰৰ উদীয়মান শিল্পীসকলে উপহাৰ দিয়ে ৷

অসমৰ যুৱ আৰু প্ৰতিভাৱান শিল্পীৰ সৈতে কাম কৰাটো এক বৃহৎ অভিজ্ঞতা হোৱাৰ কথা ক্ৰীষ্টিনা জ’নিউৱে নিজৰ অভিজ্ঞতাত প্ৰকাশ কৰে৷ তেঁও ভৱিষ্যতে কিছু সহযোগিতামূলক কলাত্মক কাম কৰিবলৈ আগ্ৰহী ৷ ড॰ সঞ্জয় গাংগুলীয়ে কয় যে অসমৰ সাংস্কৃতিক পৰিচয় অতি শক্তিশালী ৷ মহান শ্ৰীমন্ত শংকৰদেৱৰ অৱদানত তেওঁ সঁচাকৈয়ে আপ্লুত ৷ কৰ্মশালাৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে গ্ৰীক নাট্য প্ৰডাকচন সৃষ্টি কৰাৰ লগতে গ্ৰীচত প্ৰদৰ্শন কৰাৰ ইচ্ছা প্ৰকাশ কৰে নিকোছ গ’ভাছে ৷

Exit mobile version