Indigo Flight Hit With A Bomb Threat Again:
ইণ্ডিগো বিমানত পুনৰ বোমাতংক ৷শনিবাৰে পুৱা চেন্নাইৰ পৰা মুম্বাইলৈ ১৭২ জন যাত্ৰীক লৈ উৰা মাৰিছিল 6E-5314″ নম্বৰৰ ইণ্ডিগো বিমান এখন ৷ মাজ আকাশত হঠাতে বিমানখনত হুৱাদুৱা লাগে ৷কিয়নো মুম্বাই অভিমুখে উল্লিখিত বিমান খনত বোমা সংস্থাপিত হৈ থকা বুলি এখন চিঠি লাভ কৰে বিমান কৰ্তৃপক্ষ ৷
ইয়াৰ পাছতে কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি ততাতৈয়াকৈ ৮- ৪৫ বজাত বিমানখন মুম্বাই বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে পাইলটে ৷
উল্লেখ্য যে,চেন্নাই পৰা মুম্বাই অভিমুখী বিমান খনত বোমা থকা এখন চিঠি লাভ কৰিছিল ৷ চিঠি খনত লিখা আছিল ‘দু নট লেণ্ড বম্বে,অউ লেণ্ড ব’ম্ব ব্লাষ্ট “।
আনহাতে এই ধৰণৰ বিস্ফোৰণৰ ভাবুকি লাভ কৰি বিমান কৰ্তৃপক্ষই তৎকালেই মুম্বাই বিমানবন্দৰ এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ পৰা চেন্নাই পৰা মুম্বাই অভিমুখী ইণ্ডিগো বিমানখনৰ পাইলটক বিমান খন জৰুৰী অৱতৰণ কৰিবলৈ নিৰ্দেশ দিয়ে।
আনহাতে ,বিমান খন অৱতৰণৰ পূৰ্বেই মুম্বাই বিমানবন্দৰত বোমা বিশেষজ্ঞ,অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী,এম্বুলেন্স সহ আৰক্ষী – চিআইএচএফৰ জোৱান মোতায়েন কৰা হয় ৷ অৱশ্যে নিৰ্ধাৰিত সময়ৰ পূৰ্বেই পুৱা ৮-৪৫ বজাত বিমানখন সুকলমে অৱতৰণ কৰে ৷ ইয়াৰ পাছত যুদ্ধকালীন তৎপৰতাৰে ততাতৈয়াকৈ সকলো যাত্ৰীক নমাই বিমানৰ পৰা কিছু দূৰত অৱস্থান কৰোৱা হয়।
মুম্বাই বিমানবন্দৰত বিমান খন পৃথৰ ৰাণৱেত অৱস্থান কৰাই বোমা বিশেষজ্ঞ দলে তন্ন তন্নকৈ তালাচী চলাই বোমাৰ কোনো শুংসূত্ৰ নাপালে ৷ অৰ্থাৎ এইয়া এক ভুৱা ভাবুকি বুলি নিশ্চিত হয় বিমান বন্দৰ কৰ্তৃপক্ষ ৷ তথাপিও মুম্বাইৰ আৰক্ষী ক্ৰাইম বাঞ্চে এই ভাবুকি সন্দৰ্ভত ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত ৷
উল্লেখ্য যে,এনে ভাবুকি ইণ্ডিগো কৰ্তৃপক্ষই পূৰ্বতে কে’বাবাৰো লাভ কৰিছিল ৷ এনেদৰে বাৰেপতি বোমাতংকই সন্ত্ৰস্ত কৰি তুলিছে বিমান কৰ্তৃপক্ষ আৰু বিমানযাত্ৰী সকলক ৷