Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Modi will be Sworn in on 9 June :৯ জুনত মোদীৰ শপত গ্ৰহণৰ পূৰ্বে মন্ত্রিত্বক লৈ দিল্লীত টনা-আঁজোৰা

মিত্ৰদলৰ আসনৰ সমানুপাতিক মন্ত্রিত্ব বিতৰণৰ বাবে চাপ, গৃহ-বিত্ত-প্ৰতিৰক্ষা-বৈদেশিক পৰিক্ৰমা দপ্তৰ এৰিবলৈ ইচ্ছুক নহয় বিজেপি, অধ্যক্ষ পদৰো দাবীদাৰ

publisher by publisher
June 7, 2024
in India, News
Reading Time: 4 mins read
0
Modi will be Sworn in on 9 June :৯ জুনত মোদীৰ শপত গ্ৰহণৰ পূৰ্বে মন্ত্রিত্বক লৈ দিল্লীত টনা-আঁজোৰা
2
SHARES
20
VIEWS
ShareShareShareShare

Modi will be Sworn in on 9 June :

বিগত এটা দশক ধৰি প্ৰৱল প্রতাপী প্রধানমন্ত্রী ৰূপেই পৰিচিত হৈ আহিছে নৰেন্দ্ৰ মোদী। অহা দেওবাৰে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রীৰণে শপত গ্রহণ কৰিবলৈ সাজু হৈছে মোদী। ইয়াৰ লগে লগে গুৰুত্বপূৰ্ণ দপ্তৰক লৈ দৰদাম TDP আৰু JDU ৰ

ADVERTISEMENT

ইতিমধ্যে নতুন চৰকাৰৰ মন্ত্রীসভাক লৈ আৰম্ভ হৈছে টনা- আঁজোৰা। সংখ্যাগৰিষ্ঠতা লাভৰ ব্যৰ্থ হৈ সহযোগী দলৰ সমর্থনত গঠন কৰিবলগীয়া মৰ্চা চৰকাৰত মোদীৰ দপদপনি পূৰ্বৰ দৰেই অটুট থাকিবনে? মন্ত্রিত্বৰ লগতে দপ্তৰৰ দাবীৰ সমান্তৰালভাবে এই প্রশ্ন চর্চিত হৈছে। কিয়নো অষ্টাদশ লোকসভাত মোদীৰ নেতৃত্বৰ দূল কাণ্ডাৰীৰূপে কাষত থিয় দিছে জনতা দল ইউনাইটেডৰ মুৰব্বী তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু তেলুগু দেশম পর্টি (টিডিপি)ৰ মুৰব্বী তথা অন্ধ্র প্রদেশৰ ভাবী মুখ্যমন্ত্রী চন্দ্রবাবু নাইডু মৰ্চা ৰাজনীতিত সিদ্ধহস্ত বুলিয়ে পৰিচিত।

RelatedPosts

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

সামাজিক মাধ্যমত বিশ্বৰ শীৰ্ষস্থানত Modi, ইনষ্টাগ্ৰামত ১০ কোটি অনুসৰণকাৰী সম্পূৰ্ণ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওচৰৰ বস্তিবাসীক উচ্ছেদৰ নিৰ্দেশ!

বিগত এটা দশক ধৰি তেওঁৰ ‘নিৰংকুশ’ ক্ষমতা প্রত্যক্ষ কৰিছে দেশে প্রধানমন্ত্রী মোদীৰ সমান্তৰালভাৱে তেওঁৰ বিভাগ (পিএমঅ’)ৰ বিপুল ক্ষমতা আৰু প্ৰভাৱ আলোচিত হৈছে। মৰ্চা ৰাজনীতিত এই প্রভাৱ আৰু ক্ষমতা একে থাকিব নে সেয়া এক প্রশ্ন। এই মুহূৰ্তত আন এক গভীৰ কৌতূহলৰ বিষয় যে চৰকাৰৰ নতুন চৰকাৰৰ অংশীদাৰ টিডিপি আৰু জেডিইউৱে দাবী কৰা বুলি চর্চিত হোৱা দপ্তৰ বিতৰণত মোদীয়ে কিদৰে সিদ্ধান্ত ল’ব। কেন্দ্ৰত প্ৰথমবাৰৰ বাবে মৰ্চা চৰকাৰৰ নেতৃত্ব দিবলৈ সাজু হোৱা মোদী আৰু তেওঁৰ বিভাগে পূৰ্বৰ সেই কর্তৃত্ব বজাই ৰখাটো কঠিন হ’ব বুলি ৰাজনৈতিক বিশ্লেষকৰ অনুমান। এই বিষয়টো ইতিমধ্যে ৰাষ্ট্ৰীয় ৰাজনীতিত তীব্র আলোচনাৰ বিষয় হৈছে। অষ্টাদশ লোকসভাৰ নিৰ্বাচনৰ ফলাফল অনুসৰি এইবাৰ কেন্দ্ৰত মিত্রদলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব মোদীয়ে।

চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় যাদুকৰী আসন হৈছে ২৭২খন। বিজেপিয়ে অকলে বিজয়ী হৈছে ২৪০ খনত আৰু এনডিএয়ে মুঠ ২৯৩ খন আসন লাভ কৰিছে। ক্রমে ১৬ আৰু ১২ খন আসন দখল কৰি গুৰুত্বপূৰ্ণ হৈ পৰিছে নাইডু- নীতিশ। ইতিমধ্যে বিভিন্ন গুৰুত্বপূর্ণ দপ্তৰৰ দাবীত দুই নেতাই বিজেপিৰ ওপৰত চাপ বৃদ্ধি কৰা বুলি সূত্ৰত প্রকাশ। ফলত আগন্তুক সময়ত কেন্দ্রীয় চৰকাৰত পিএমৰ একাধিপত্য খর্ব হ’ব পাৰে বুলি বিভিন্ন মহলে ধাৰণা কৰে।

# কাৰ কি দাবী

নির্বাচনী ফলাফল ঘোষণাৰ দুটা দিন অতিক্রম কৰাৰ পাছত এনডিএৰ সহযোগীদলসমূহে বিজেপিৰ ওপৰত মন্ত্রিত্বৰ দাবীক লৈ চাপ বৃদ্ধি কৰা বুলি সূত্ৰত প্রকাশ। সম্প্রতি দৰ-দামৰ ৰাজনীতি হৈ পৰিছে এই মুহূৰ্তত সর্বাধিক চৰ্চাৰ বিষয় কিয়নো ৪ জুনত ঘোষিত ফলাফলে বিজেপিক একক সংখ্যাগৰিষ্ঠতা প্রদান নকৰিলে। অৱশ্যে বিজেপিয়ে গুৰুত্বপূৰ্ণ মন্ত্রিত্ব আৰু ভূমিকা এৰি দিয়াৰ পক্ষপাতী নহয়।

অহা দেওবাৰে মোদীৰ শপত গ্ৰহণৰ বাবে মাত্র দুটা দিন বাকী থকা অৱস্থাত এতিয়া মন্ত্রিত্বক লৈ ঐক্যমতত উপনীত হ’বলৈ এনডিএৰ সহযোগী দলসমূহ একপ্ৰকাৰ চূড়ান্ত সময়সীমাৰ বেষ্টনীত আবদ্ধ হৈছে। নীতিশ আৰু নাইডুৰ উপৰি আন দুই গুৰুত্বপূর্ণ সহযোগীৰ ভিতৰত আছে সাতখন আসন লাভ কৰা একনাথ শিণ্ডেৰ শিৱসেনা আৰু পাঁচখন আসন লাভ কৰা চিৰাগ পাচৱানৰ লোক জনশক্তি পার্টি-ৰামবিলাস। ইয়াৰে ভিতৰত নাইডু আৰু নীতিশ কুমাৰ উভয়কে মৰ্চা চৰকাৰৰ যুগৰ অভিজ্ঞতাৰে পুষ্ট ৰাজনীতিক বুলি কোৱা হয়।

উল্লেখ্য যে দুদিন পূর্বে ঘোষিত ফলাফলে এটা দশকৰ পাছত দেশত অন্ত পেলালে এক দলীয় শাসন। পুনৰবাৰ মৰ্চা চৰকাৰেই প্ৰাসংগিক হৈ পৰিল। এই ক্ষেত্ৰত কিংমেকাৰৰ ভূমিকাত অৱতীৰ্ণ হোৱা দুই নেতাই তেওঁলোকৰ সমৰ্থনৰ বিপৰীতে গুৰুত্বপূৰ্ণ দপ্তৰ বিচাৰি দৰ-দাম কৰাক লৈ এনডিএত আভ্যন্তৰীন চাপ বৃদ্ধি পাইছে। সূত্রত প্রকাশ যে টিডিপিয়ে লোকসভাৰ অধ্যক্ষৰ পদো বিচাৰিছে।

ইপিনে, জেডিইউৰ সূত্রই কয় যে তেওঁলোকে এনডিএ চৰকাৰৰ বাবে এক উমৈহতীয়া ন্যূনতম কাৰ্যসূচী প্রস্তুতৰ বাবেও দাবী জনাব পাৰে।

মনকৰিবলগীয়া যে উমৈহতীয়া ন্যূনতম কাৰ্যসূচী পূৰ্বৰ ইউপিএ মৰ্চা চৰকাৰৰ অন্যতম গুৰুত্বপূর্ণ বিষয় আছিল। সূত্রটোৱে কয় যে এই কাৰ্যসূচী ৰূপায়ণৰ বাবে নীতিশ কুমাৰৰ নেতৃত্বত এক সমন্বয় সমিতি গঠন কৰা হ’ব বুলি জেডিইউৰ ভিতৰচ’ৰাত গভীৰ আশাই গঢ় লৈছে। ইপিনে, বিজেপি সূত্রই কয় যে দলে অধ্যক্ষ পদ এৰি দিবলৈ সাজু নহয়। অৱশ্যে টিডিপিক উপাধ্যক্ষৰ পদবীৰ প্ৰস্তাৱ দিয়া হ’ব বুলি বিজেপি মহলত চর্চা চলিছে। এইবৰৰ চৰকাৰৰ অধ্যক্ষৰ ভূমিকা অত্যন্ত জটিল, কৌশলী আৰু গুৰুত্বপূৰ্ণ হ’ব বুলি বিশ্লেষকসকলে মত প্রকাশ কৰিছে।

আন এক লক্ষ্যণীয় বিষয় যে ২০১৪ আৰু ২০১৯ৰ নিৰ্বাচনৰ পাছত গঠন হোৱা মোদী চৰকাৰৰ মন্ত্রীসভাত সহযোগীদলৰ প্রতীকী প্রতিনিধিত্বহে আছিল। কিয়নো বিজেপিয়েহে অকলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। এইবাৰ এই ছবিখন সম্পূর্ণৰূপে সলনি হৈছে আৰু বিজেপিয়ে প্রতিটো মিত্রদলে লাভ কৰা আসনৰ সমানুপাতিকভাবে মন্ত্ৰিত্বৰ ভাগ বাটোৱাৰা কৰিব লগা হ’ব।

#বিজেপিও নাচোৰবান্দা নেকি?

সূত্রত প্রকাশ যে বহু কিবা কৰি এৰিব বিচৰা নাই বিজেপিয়ে। সুৰক্ষাৰ বাবে থকা কেবিনেট কমিটীৰ অধীনস্থ মূল মন্ত্রণালয় যেনে, গৃহ, বিত্ত, সুৰক্ষা আৰু বৈদেশিক পৰিক্ৰমা সহযোগী দলক দিব বিচৰা নাই বিজেপিয়ে। কোনোপধ্যেই এই দপ্তৰসমূহ সংগী দলক দিয়াৰ বাবে প্রস্তুত নহয় দলটো। সুত্রত প্রকাশ যে আন্তঃগাঁথনিৰ স’তে জড়িত থকা আন কেতবোৰ গুৰুত্বপূর্ণ বিভাগ যেনে পথ পৰিবহণ আৰু ঘাইপথ নির্মাণ আদি এৰি দিব বিচৰা নাই। বিজেপিয়ে গ্রহণ কৰা কল্যাণমূলক আঁচনিৰ স’তে জড়িত থকা বিভাগসমূহ নিজে ৰাখিব বিচাৰিছে।

সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ প্ৰচাৰত দলে ঘোষণা কৰা প্রতিশ্রুতিসমূহৰ ভিতৰত আছিল প্রধানমন্ত্রী মোদীয়ে উপস্থাপন কৰা চাৰিটা শ্ৰেণী যেনে দৰিদ্ৰ, মহিলা, যুৱ আৰু কৃষকৰ কল্যাণ সাধন। বিজেপিয়ে এই চাৰিটা শ্ৰেণীৰ স’তে জড়িত থকা বিভাগৰ নিয়ন্ত্রণ বাহাল ৰাখিবলৈ বিচাৰিছে। বিজেপিৰ দাবী যে বিগত ১০ বছৰত মোদীৰ নেতৃত্বত পথ আৰু ঘাইপথ নিৰ্মাণৰ কাম-কাজৰ শলাগ লৈছে ৰাইজে। নীতিন গডকাৰীৰ নেতৃত্বৰ মন্ত্রণালয়ে বিভিন্ন আওহতীয়া অঞ্চলৰ স’তে সংযোগ স্থাপন কৰিছে। বিজেপিয়ে মিত্রদলক এই বিভাগৰ দায়িত্ব দি বিভাগৰ কামৰ গতি হেৰুৱাব বিচৰা নাই বুলি সূত্রটোরে কয়।

ইপিনে, আন এক গুৰুত্বপূর্ণ বিভাগ হৈছে ৰে’ল মন্ত্রণালয়। প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত ৰে’ল মন্ত্রণালয়ৰ অভিজ্ঞতাপুষ্ট নীতিশ আৰু তেওঁৰ দলে বিচাৰে এই মন্ত্ৰিত্বৰ চাবিকাঠি। ইয়াৰ লগে লগে বিজেপি মহলে যুক্তি দর্শায় যে ৰেলখণ্ডত গুৰুত্বপূর্ণ সংস্কাৰ সাধন অব্যাহত আছে আৰু এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যাঘাত জন্মিলে উন্নয়নৰ গতি স্থৱিৰ হ’ব পাৰে। মোদী চৰকাৰৰ দ্বিতীয় কার্যকালত সহযোগী দলসমূহে তুলনামূলকভাৱে কম গুৰুত্বপূর্ণ বিভাগ যেনে খাদ্য সংসাধন আৰু গধুৰ উদ্যোগ আদিৰ দায়িত্ব লাভ কৰিছিল।

কিন্তু এইবাৰ বিজেপিয়ে সহযোগীৰ দাবী অনুসৰি কিছুমান গুৰুত্বপূর্ণ বিভাগ এৰি দিবলৈ বাধ্য হ’বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি বিশ্লেষক মহলে কয়। সূত্রত প্রকাশ যে জেডিইউক বিজেপিয়ে পঞ্চায়তীৰাজ, গ্রামোন্নয়ন আদিৰ দৰে দপ্তৰ দিব বিচাৰে। আনহাতে, টিডিপিক অসামৰিক বিমান পৰিবহণ আৰু তীখা দপ্তৰ আদিৰ দায়িত্ব গ্ৰহণৰ প্ৰস্তাৱ দিব পাৰে। তদুপৰি সহযোগী দলৰ সাংসদক বিত্ত আৰু প্ৰতিৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ মন্ত্রণালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ পদবী দিব পাৰে বুলি বিজেপি সূত্ৰত প্ৰকাশ। আন কিছুমান দপ্তৰ যেনে পর্যটন, ৰেছম উন্নয়ন, বিজ্ঞান আৰু প্রযুক্তি বিভাগ আদি এৰি দিবলৈ বিজেপিয়ে সংকোচ নকৰে বুলিও সূত্ৰত প্রকাশ।

#এনডিএত মন্ত্রিত্বক লৈ মাৰাথন আলোচনা

গুৰুত্বপূর্ণ মন্ত্রণালয়ৰ বাবে মৰ্চা চৰকাৰৰ অন্যতম অংশীদাৰ হ’বলগীয়া নাইডু আৰু নীতিশৰ দাবীয়ে ক্রমশঃ বিজেপিৰ ওপৰত চাপ বৃদ্ধি কৰিছে। সূত্ৰত প্রকাশ যে কালি এনডিএৰ বৈঠকত দুই নেতাই দাবী উত্থাপন কৰে। আনুষ্ঠানিকভাৱে সদৰী কৰা নাই যদিও নেতাদ্বয়ৰ দাবীক লৈ মাৰাথন আলোচনা অব্যাহত আছে। লোকসভাত ১৬ আসন লাভৰ লগতে অন্ধ্রপ্রদেশ বিধানসভা নির্বাচনত বৃহৎ সাফল্য লাভ কৰা টিডিপিয়ে পাঁচটা দপ্তৰ বিচাৰিছে।

ইয়াৰে ভিতৰত আছে বিত্ত মন্ত্রণালয়ত ৰাজ্যিক মন্ত্ৰীৰ পদবী আৰু লোকসভাৰ অধ্যক্ষৰ পদো একে সময়তে দলটোৱে পথ পৰিবহণ, পঞ্চায়তীৰাজ আৰু শিক্ষাৰ দৰে বিভাগৰ ওপৰতো চকু দিছে। ইপিনে, নীতিশ কুমাৰে বিহাৰৰ বাবে বিশেষ পেকেজ দাবী কৰা বুলিও সূত্রত প্রকাশ। জেডিইউৱে আশা কৰিছে কমেও দুজন কেবিনেট মন্ত্রী আৰু এজন ৰাজ্যিক মন্ত্রী। দলীয় সূত্রই জনোৱা মতে, এইক্ষেত্রত ৰে’ল মন্ত্রণালয় নীতিশৰ বাবে গুকুত্বপূর্ণ হ’ব।

ইপিনে, আন এক মিত্রদল জেডিএছ-এ দলৰ নেতা-সাংসদ, এইছ ডি কুমাৰাস্বামীৰ বাবে এটা কেন্দ্রীয় মন্ত্ৰিত্বৰ পদ দাবী কৰা বুলিও সূত্ৰত প্রকাশ। প্রাক্তন প্রধানমন্ত্রী এইছ ডি দেৱেগৌড়াৰ এই দলটোৱে নিজকে কৃষকৰ দল বুলি কয় আৰু কৃষি মন্ত্রণালয় তেওঁলোকৰ কাম্য বুলিও সূত্রই জনায়।

এনডিএৰ আন সহযোগী দল যেনে একনাথ শিণ্ডেৰ শিৱসেনাকো মন্ত্রিত্ব দিব লাগিব বিজেপিয়ে। মহাৰাষ্ট্ৰত সাতখন আসন হস্তগত কৰিছে শিণ্ডে বাহিনীয়ে। তদুপৰি চিৰাগৰ দল এলজেপিয়ে হস্তগত কৰা পাঁচখন আসনৰ বিনিময়তো বিজেপিয়ে মন্ত্রিত্ব দিবলগীয়া হ’ব পাৰে।

মোদীৰ বিগত দুটা কার্যকালত আপনা দল (ছোনেলাল) ৰ নেত্রী অনুপ্রিয়া পেটেলে মন্ত্রিত্ব লাভ কৰিছিল যদিও ২০১৯ৰ দুখন আসনৰ পৰিৱৰ্তে এইবাৰ এখন আসন লাভ কৰাত তেওঁৰ মন্ত্রিত্ব থাকিব নে নাই সেয়া স্পষ্ট হোৱা নাই। ইপিনে, জিতেন্দ্ৰ মাঝীৰ হামেও পৰিস্থিতিৰ গুৰুত্ব অনুধাৱন কৰি দাবী দিবলৈ আৰম্ভ কৰা বুলি চর্চা চলিছে। এই মিত্রদলসমূহৰ লক্ষ্য বিজেপিক চাপত ৰাখি যিমান পাৰি মন্ত্রিত্ব লাভ কৰাটো।

ইপিনে, নির্বাচনৰ পূৰ্বে নীতিশৰ স’তে বুজা-বুজি অনুসৰি এনডিএ ক্ষমতালৈ আহিলে নীতিশক তিনিটা মন্ত্রিত্ব দিয়াৰ আশ্বাস দিয়া হৈছিল। এতিয়া সংখ্যা গৰিষ্ঠতাৰ অভাৱত হাহাকাৰৰ সৃষ্টি হোৱা বিজেপিৰ পৰা পৰিস্থিতিৰ সুযোগ বুজি নীতিশে চাৰিজন মন্ত্ৰীৰ দাবীদাৰ হোৱা বুলিও সূত্ৰত প্ৰকাশ। ৰে’লৰ উপৰি গ্রামোন্নয়ন আৰু জলসম্পদ বিভাগতো চকু দিছে নীতিশে।

২০২৩ত বিশেষ বিত্তীয় পেকেজৰ সমান্তৰালভাৱে নীতিশে আর্থ-সামাজিক সমীক্ষাৰ পাছত ৰাজ্যখনৰ প্ৰায় ৯৫ লাখ অনগ্ৰসৰ পৰিয়ালক দুই লাখ টকাৰ বিত্তীয় সাহায্য প্রদানৰ কথা ঘোষণা কৰে। আগন্তুক বৰ্ষত বিহাৰত হ’ব বিধানসভা নির্বাচন। সেয়েহে এই পাঁচবছৰীয়া আঁচনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বর্ষতে যাতে নিজ অংশৰ ধন বৃদ্ধি কৰে সেই দাবীও নীতিশে জনাইছে। একেদৰে নাইডুৱেও বিগত এটা দশক ধৰি বিশেষ বিত্তীয় পেকেজৰ দাবী কৰি আহিছে। অন্ধ্রপ্রদেশ ভাঙি তেলেংগানা পৃথক ৰাজ্য হোৱাৰ পাছত সৃষ্টি হোৱা বিত্তীয় বোজা চম্ভালিবলৈ এই দাবী কৰি আহিছে নাইডুৱে। সম্প্রতি মোদী চৰকাৰক অন্ধ্ৰপ্ৰদেশৰ মূৰত থকা তিনি লক্ষকোটি টকাৰ দেনা আদায়ৰ বাবে নাইডুৱে বিশেষ বিত্তীয় পেকেজ দাবী কৰা বুলি সূত্ৰত প্রকাশ।

#সৰু সৰু দলক দিব লাগিব গুৰুত্ব

চর্চা অনুসৰি পূৰ্বতে মোদী চৰকাৰে যিসমূহ সৰু সৰু দলক গুৰুত্ব দিয়া নাছিল সেইবোৰক এইবাৰ গুৰুত্ব দিবলৈ বাধ্য হ’ব। এইবাৰৰ পৰিস্থিতি সৰু দলৰ দাবী মানি লোৱাৰ বাহিৰে সন্মুখত কোনো পথ খোলা নাই বুলি বিজেপিয়ে ধাৰণা কৰিছে। সৰু দলসমূহৰ দাবী মানি নল’লে সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰ ভয় আছে। অৱশ্যে বিজেপিৰ এক শীর্ষ নেতাই কয় যে নীতিশ বা নাইডুৰ ভিতৰত এজনে যদি চৰকাৰৰ পৰা ওলায়ো যায় তেতিয়াও চৰকাৰ ভাঙি যোৱাৰ সম্ভাৱনা নাই। অৱশ্যে দুজনে যদি একেলগে এনডিএ পৰিত্যাগ কৰে তেন্তে সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই প্রসংগতে প্রশ্ন উঠে যে গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰী হিচাপে একপ্ৰকাৰ অকলে শাসনৰ বাঘজৰী ধৰি থকা মোদীয়ে মিত্রদলৰ এনে চাপৰ ভৰ সহিব পাৰিব নে।

#প্ৰধানমন্ত্ৰী কাৰ্যালয়:

বিগত ১০ বছৰত প্রধানমন্ত্রী মোদীৰ সমান্তৰালভাৱে পিএমঅ’ৰ আধিপত্য চৰ্চাৰ বিষয়। দেশৰ প্ৰথমজন প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে যিকোনো গুৰুত্বপূৰ্ণ চৰকাৰী সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে মন্ত্রীসভাৰ সদস্যসকলৰ স’তে আলোচনাত মিলিত হৈছিল বুলি তেওঁৰ দিনৰ আমোলা জগতসিং মেহতাই লিখিছিল। ইন্দিৰা গান্ধীয়েও গুৰুত্বপূর্ণ পদক্ষেপৰ পূৰ্বে ঘনিষ্ঠ মহলৰ স’তে আলোচনা কৰিছিল যদিও চূড়ান্ত সিদ্ধান্ত এককভাৱে আৰু হঠাতে গ্রহণ কৰিছিল বুলি তেওঁৰ উপদেষ্টা পৃত্থিনাথ ধৰে দাবী কৰে।

মোদীয়ে কাৰ পৰামৰ্শ অনুসৰি সিদ্ধান্ত লয় আৰু কাৰ আপত্তিত কর্ণপাত কৰে এই বিষয়টো এটা দশকৰ পাছতো চৰকাৰ আৰু দলৰ ভিতৰতে ৰহস্যৰ আৱৰ্তত আছে। অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ সকলোবোৰ গুৰুত্বপূৰ্ণর্ণ সিদ্ধান্তৰ নেপথ্যত যে পিএমঅ’ৰ ছাঁ আছে সেই কথা বিজেপিৰে বহু নেতাই একাধিকবাৰ উল্লেখ কৰিছে। বহু সময়ত সংশ্লিষ্ট মন্ত্রণালয়ৰ দায়িত্ববাহী মন্ত্রীকো অন্ধকাৰত ৰাখি নানান গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণৰ অভিযোগ আছে মোদীৰ পিএমঅ’ৰ বিৰুদ্ধে। বিভিন্ন সময়ত মোদী আৰু পিএমঅ’ৰ এনে তৎপৰতা চর্চাত আছিল।

বিশেষকৈ প্ৰতিৰক্ষা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰশ্নত সংশ্লিষ্ট মন্ত্রীসকলক এৰাই চলাৰ অভিযোগ একাধিকবাৰ উত্থাপন হৈছে। এই ক্ষেত্রত মোদীৰ ঘনিষ্ঠ হিচাপে পৰিচিত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্ট অজিত ডোভালৰ নাম চৰ্চালৈ আহিছে। বিদায়ী গৃহমন্ত্রী অমিত শ্বাহ আৰু প্রতিক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ স’তে ডোভলৰ সম্পৰ্কর্ক মসৃণ নহয় বুলি বিজেপিৰ একাংশৰ দাবী।

২০২০ত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ পৰা আৰম্ভ কৰি দিল্লীৰ ছাহিনবাগ আৰু ওচৰৰ অঞ্চলত হিংসা বিয়পাৰ দৰে ঘটনা সংঘটিত হৈছিল। অভিযোগ উঠিছিল যে শ্বাহৰ মন্ত্রণালয়ৰ নিয়ন্ত্রণাধীন দিল্লী আৰক্ষীৰ ওপৰত ভৰসা নথকা বাবে পিএমঅ’ই তৎপৰ হৈ ডোভালক পৰিস্থিতি পৰিদৰ্শন কৰি প্রয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে নিৰ্দেশ দিয়াৰ দায়িত্বৰে প্ৰেৰণ কৰিছিল। ২০১৯৩ জম্মু-কাশ্মীৰৰ পুলৱামাত লস্কৰ-ই-তৈবাৰ আক্ৰমণৰ পাছত ৱালাকোটত বিমান আক্রমণ তথা সংবিধানৰ ৩৭০ অনুচ্ছেদ বিলুপ্তিৰ পাছত জম্মু-কাশ্মীৰত সৃষ্টি হ’ব পৰা অশান্ত পৰিস্থিতি প্ৰতিৰোধৰ বাবেও ডোভালে সক্রিয় ভূমিকা লৈছিল। ইয়াৰ আঁৰত আছিল পিএমঅ’ৰ ভূমিকা।

২০২০ৰ কেন্দ্ৰীয় বাজেট দাখিলৰ পূৰ্বে বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ অনুপস্থিতিতে তেওঁৰ বিভাগৰ বিষয়া আৰু বিত্তীয় উপদেষ্টাৰ স’তে বৈঠক কৰিছিল মোদীসহ পিএমঅ’ৰ বিষয়াসকলে। ইয়াকে লৈ বিৰোধীয়ে সমালোচনাও কৰিছিল। আন এজন জ্যেষ্ঠ মন্ত্রী তথা বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি নীতিন গাডকাৰীয়ে পিএমঅ’ৰ নাম উল্লেখ নকৰাকৈয়ে কৈছিল, ‘মনত ৰখা উচিত, অসত্য কথা ক’লে জনতাই পিটিবও পাৰে।’ সহযোগী দলৰ মন্ত্রীসকলব প্রতি প্রধানমন্ত্রীৰ আচৰণো চৰ্চাৰ বিষয়।

২০২০ত তিনিখন বিতর্কিত কৃষি আইনৰ প্ৰতিবাদত কেন্দ্ৰীয় মন্ত্রী সভাৰ পৰা পদত্যাগ কৰি শিৰোমণি অকালি দলৰ নেত্ৰী হৰছিমৰত কৌৰ বাদলে অভিযোগ কৰিছিল যে মন্ত্রীসভাক অন্ধকাৰত ৰাখি এই আইনৰ বিধেয়কৰ খচৰা প্ৰস্তুত কৰা হৈছিল।

কাগজে-কলমে বিভিন্ন মন্ত্রণালয়ৰ দায়িত্ববাদী মন্ত্রীসকল থাকিলেও ইমান দিনে কার্যতঃ মোদীয়ে অকলে সকলো বিভাগৰ ভাৰ চম্ভালিছিল বুলি দলৰ একাংশই কয়। ২৪ ঘণ্টাৰ ভিতৰত মোদীয়ে মাত্র চাৰিঘণ্টাহে নিদ্রামগ্ন হয় বুলিও তেওঁৰ ঘনিষ্ঠ মহলে কয়। আগন্তুক দিনত মোদী বা পিএমঅ’ৰ এই একাধিপত্য থাকিব নে বুলি প্রশ্ন উঠিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: JDUModis New CabinetNarendra ModiNDA GovtTDP
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d