ULFA (I) Lower Council Reformed: আলফা (স্বাঃ)ৰ নিম্ন পৰিষদ পুনৰ গঠন: সভাপতিৰ দায়িত্ব নয়ন অসমক

পৰেশ বৰুৱাৰ ওপৰতে থাকিব বৈদেশিক সম্পাদকৰ দায়িত্ব

paresh asom

ULFA (I) Lower Council Reformed:

সাংগঠনিক দিশত কে’বাটাও সংশোধনীৰে আলফা (স্বাধীন) ই ইয়াৰ নিম্ন পৰিষদখন পুনৰ গঠন কৰিছে । সংগঠনটোৰ সভাপতি তথা উচ্চতম পৰিষদৰ সভাপতি আৰু সেনা প্রধান পৰেশ বৰুৱাই সদৰী কৰে যে সাম্প্রতিক প্রেক্ষাপটৰ লগত সংগতি ৰাখি নিম্ন পৰিষদৰ আন্তঃগাঁথনিত সংশোধনী অনান সিদ্ধান্ত গ্রহণ কৰা হয়।

সংগঠনৰ উচ্চতম পৰিষদে গ্রহণ কৰা এই সিদ্ধান্তত এটা নতুন বিভাগৰো অন্তর্ভুক্ত কৰি নিম্ন পৰিষদৰ কার্যকৰী সমিতিখন পুনৰ গঠন কৰা হয়। এক বিবৃতিত বৰুৱাই লগতে সদৰী কৰে যে তেওঁৰ অনুমোদনৰ পাছত যোৱা দুই জুনৰ পৰা নিম্ন পৰিষদৰ নতুন সমিতিখন কার্যকৰী হয়।

উল্লেখ্য যে নিম্ন পৰিষদৰ সমিতিখনৰো কে’বাটাও দায়িত্ব পৰেশ বৰুৱাৰ হাতত ন্যস্ত থাকিব। বৰুৱা স্বাক্ষৰিত বিবৃতিটোৰ অনুসৰি, পুনৰ গঠিত নিম্ন পৰিষদখনৰ পর্যবেক্ষক হ’ল মাইকেল অসম। আনহাতে, সভাপতিৰূপে নিযুক্তি দিয়া হৈছে নয়ন অসমক। সাধাৰণ সম্পাদক তথা বিত্ত সম্পাদকৰ দায়িত্ব অর্পণ কৰা হৈছে অৰুণোদয় অসমক। যুটীয়া সহকাৰী বিত্ত সম্পাদক হ’ল গণেশ অসম আৰু ৰূপম অসম। সাংগঠনিক সম্পাদকৰ দায়িত্ব অবৈতনিকভাবে অর্পণ কৰা হৈছে সমীৰণ অসমক।

যুটীয়া সহকাৰী সাংগঠনিক সম্পাদক আৰু সম্পাদিকা হ’ল জিৎ অসম আৰু সংগীতা অসম। সাংস্কৃতিক সম্পাদকৰ দায়িত্ব অবৈতনিকভাৱে অর্পণ কৰা হৈছে সুজিত অসমক। যুটীয়া সহকাৰী সাংস্কৃতিক সম্পাদক হ’ল অবৈতনিকভাৱে দীপাংকৰ অসম আৰু অনুৰাগ অসম।

জনস্বাস্থ্য বিভাগৰ সম্পাদক হ’ল প্রাণময় অসম। ইপিনে, ভাৰপ্রাপ্ত প্রচাৰ সম্পাদকৰ দায়িত্ব অর্পণ কৰা হৈছে আইচেং অসমক। সহকাৰী প্রচাৰ সম্পাদক হ’ল ঈশান অসম। কার্যালয় পৰিচালক হ’ল প্রজীত অসম আৰু সহকাৰী কার্যালয় পৰিচালক হ’ল চেজা অসম।

ইপিনে, উপ-সভাপতি হিচাপে সভাপতিৰ ওপৰতে অতিৰিক্ত দায়িত্ব ন্যস্ত থাকিব। আকৌ নিম্ন পৰিষদত জ্যেষ্ঠতাৰ ভিত্তিত সামৰিক বিভাগৰ পাঁচজনক আয়োগ বিষয়া হিচাপে অন্তর্ভুক্ত কৰা হৈছে। একেদৰে বৈদেশিক সম্পাদকৰ দায়িত্ব উচ্চতম পৰিষদৰ সভাপতি হ’লেও পৰুৱা বৰুৱা তথা পৰেশ অসমে বহন কৰিব।

Exit mobile version