Cm Nijut Moina Scheme : ৰাজ্যত আৰম্ভ হ’ল নিযুত মইনা’ আঁচনি

আঁচনি'ৰ বাবে প্ৰথম বছৰৰ খৰচ ৩০০ কোটি টকা ধাৰ্য, পাঁচ বছৰৰ বাবে এই আঁচনিৰ ধন ১৫০০ কোটি টকা হ’ব, কেবিনেট বৈঠকৰ অন্তত এই আঁচনি সন্দৰ্ভত সদৰি কৰিলে মুখ্যমন্ত্ৰীয়ে

cm pressmeet 1

Cm Nijut Moina Scheme :

ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে এটা ভাল খবৰ কঢ়িয়াই আনিলে মুখ্যমন্ত্ৰীয়ে। আজি দিছপুৰস্থ জনতা ভৱনৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত কেবিনেট বৈঠকত নিযুত মইনা’ আঁচনিৰ ক্ষেত্ৰত লোৱা হয় সিদ্ধান্ত ৷

কেবিনেট বৈঠকৰ অন্তত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,নিযুত মইনা আঁচনি’ক কেবিনেটে দিলে অনুমোদন ৷ এই আঁচনিৰ বাবে প্ৰথম বছৰৰ খৰচ ৩০০ কোটি টকা ধাৰ্য কৰাৰ বিপৰীতে এই আঁচনি আগন্তুক পাঁচ বছৰলৈ এই আঁচনিৰ ধন ১৫০০ কোটি টকা হ’ব ৷ ১১ অক্টোবৰৰ এই আঁচনিৰ ধন দিয়া হ’ব। জুলাইত কলেজসমূহলৈ প্ৰেৰণ কৰা হ’ব প্ৰ-পত্ৰ।

মুখ্যমন্ত্ৰীয়ে কয়,এতিয়াৰে পৰা মহাবিদ্যালয়-বিশ্ববিদ্যালয় পঢ়া ছাত্ৰীয়ে হাত খৰচৰ বাবদ প্ৰতিমাহে লাভ কৰিব ধন। অৱশ্যে উচ্চতৰ মাধ্যমিকত স্কুটী লাভ কৰা ছাত্ৰীসকলে এই সুবিধা লাভ নকৰিব। কোনোবাই ইচ্ছা কৰিলে দুটাৰ ভিতৰত যিকোনো এটা সুবিধা ল’ব কৰিব।

আনহাতে,এই আঁচনিৰ জৰিয়তে একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলে গৰম বন্ধ দুটা মাহ বাদ দি বাকী মাহত ১০০০ টকাকৈ লাভ কৰিব। দ্বাদশ শ্ৰেণী শেষ নোহোৱা পৰ্যন্ত প্ৰতিমাহৰ ১১ তাৰিখে লাভ কৰিব এই ধন। স্নাতক শ্ৰেণীত পঢ়ি থকাসকলে ১২৫০ টকা আৰু স্নাতকোত্তৰ আৰু বি এডত নামভৰ্তি কৰা ছাত্ৰীসকলে ২৫০০ টকাকৈ মাহেকত লাভ কৰিব । প্ৰতিমাহৰ ১১ তাৰিখে বেংক একাউণ্টত সোমাব এই ধন। ১০ লাখ ছোৱালীয়ে পাব নিযুত মইনাৰ আঁচনিৰ ধন। নিযুত মইনা আঁচনি এবাৰহে ফৰ্ম ভৰ্তি কৰিব লাগিব |  আৰ্থিকভাৱে সবল পৰিয়ালে ইচ্ছামতে এই আঁচনি নল’বও পাৰে।

মুখ্যমন্ত্ৰীয়ে লগতে কয়,সাংসদ, বিধায়কৰ ছোৱালীয়ে নাপাব ‘নিযুত মইনা আঁচনি’ৰ সুবিধা। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত মাচুল দি পঢ়া ছাত্ৰীয়েও নাপাব এই সুবিধা। স্নাতকোত্তৰ পৰ্যায়ৰ বাদে স্নাতক আৰু দশম উত্তীৰ্ণ ছাত্ৰীৰ ক্ষেত্ৰত ‘নিযুত মইনা আঁচনি’ৰ হিতাধিকাৰী হ’ব নোৱাৰিব বিবাহিতা আৰু কলেজ এৰা ছাত্ৰী সকলে। বাল্য বিবাহ ৰোধৰ বাবে এই সিদ্ধান্ত ৰাজ্য চৰকাৰ লোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, এইবাৰৰ পৰা ৬০ শতাংশ লাভ কৰা ছাত্ৰীয়ে লাভ কৰিব স্কুটী। একেদৰে অহাবৰ্ষৰ পৰা ৭৫ শতাংশ লাভ কৰা সকলেও লাভ কৰিব স্কুটী। ৰাজ্যৰ ৪০ হাজাৰ ছাত্ৰীয়ে লাভ কৰিব স্কুটী। এই আঁচনি ৫ বছৰৰ কাৰণে এনেদৰেই থাকিব। পিছলৈ ইয়াক সংশোধন কৰা হ’ব। । অহা জুলাই মাহত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত মন্ত্ৰী-বিধায়কৰ উপস্থিতিত অনুষ্ঠিত হ’ব সজাগতামূলক সভা ৷

Exit mobile version