পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি কৃষি বিভাগৰ অতিথিশালাত এদিনীয়া চৰকাৰী কাৰ্যসূচীৰে পশ্চিম কাৰ্বি আংলং জিলা পশু পালন বিভাগ আৰু কাৰ্বি ফাৰ্মাচ এছ’চিয়েছন নামৰ এক বে-চৰকাৰী সংগঠনৰ যুটীয়া উদ্যোগত জিলাখনৰ কৃষক হিতাধীকাৰীক লৈ এক প্ৰশিক্ষন শিবিৰৰ আয়োজন কৰে ৷
জিলা পশু পালন বিভাগ আৰু কাৰ্বি ফাৰ্মাচ এছ’চিয়েছনৰ যুটীয়া উদ্যোগত আয়োজন কৰা প্ৰশিক্ষণ শিবিৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ছয়গৰাকীকৈ পশু চিকিৎসকে জিলাখনৰ শতাধিক হিতাধীকাৰীক অতি কম কৃষিভূমিত কি দৰে বৈজ্ঞানিক পদ্ধতিৰে কৃষি উৎপাদন বৃদ্ধি কৰিব পাৰি আৰু পশু পালনেৰে কি দৰে এটা পৰিয়াল স্বাৱলম্বীৰ লগতে আৰ্থিকভাৱে সবল হ’ব পাৰি সেই সন্দৰ্ভত সজাগতাৰ জ্ঞান আৰু প্ৰশিক্ষণ প্ৰদান কৰে।
লগতে কাৰ্বি পাহাৰত এতিয়াও যথেষ্ট পৰিমানৰ সাৰুৱা তথা অধিক উৰ্বৰা শক্তি থকা উপযোগী কৃষি ভূমি আছে য’ত নেকি কৃষকে আধুনিক কৃষি কাৰিকৰী কৌশল আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ, উন্নতমান বীজ-কঠীয়াৰ ব্যৱহাৰ, উন্নতমানৰ ৰাসায়নিক আৰু কৃত্ৰিম সাৰ ব্যৱহাৰ কৰি কৃষি কাৰ্য্য সম্পাদন কৰি অধিক পৰিমানৰ কৃষি উৎপাদনেৰে কৃষক ৰাইজ লাভান্বিত হ’ব বুলিও মন্তব্য কৰে চিকিৎসকৰ দলটোয়ে।
প্ৰশিক্ষণ শিবিৰত জিলাখনৰ কাৰ্বি ফাৰ্মাচ এচ’ছিয়েছনৰ পশ্চিম কাৰ্বি আংলং জিলা সভাপতি দুৰ্গেশ্বৰ ইংতি/সম্পাদকৰ লগতে অন্যান্য সদস্যও উপস্থিত থাকি উক্ত বিষয় সমূহৰ উপৰত প্ৰশিক্ষণ প্ৰদান কৰে। সমান্তৰালকৈ কাৰ্বি ফাৰ্মাচ এছ’চিয়েছন নামৰ বে-চৰকাৰী কৃষক সংগঠনটোৰ সভাপতি/ সম্পাদকে সাম্প্ৰতিক সময়ত বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰি অধিক উৎপাদনেৰে স্বাৱলম্বী হোৱাৰ বাবে পৰামৰ্শ দিয়ে কৃষক ৰাইজক ৷






























