P M Narendra Modi Attends a Special Program on International Yoga Day in Srinagar:দশম আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ শ্ৰীনগৰৰ বিশেষ কাৰ্যসূচীত অংশ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

শ্ৰীনগৰৰ পৰা দেশবাসীক জনালে শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

sri nagar 1

P M Narendra Modi Attends a Special Program on International Yoga Day in Srinagar:

২০১৪ বৰ্ষতে ৰাষ্ট্ৰসংঘই ২১জুনৰ দিনটোক আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালনৰ সিদ্ধান্ত লোৱাৰ পিছত আজি বিশ্বৰ ১৭৫খন দেশে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰি আহিছে।

আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষ্যত জম্মু-কাশ্মীৰ চৰকাৰে ৰাজধানী চহৰ শ্ৰীনগৰত আয়োজন কৰে কেন্দ্ৰীয় অনুষ্ঠান ৷ এই যোগ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

শ্ৰীনগৰৰস্থ শ্বেৰ-এ-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠানত যোগাভ্যাস কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। শ্ৰীনগৰৰ ডাল হ্ৰদত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন অংশগ্ৰহণকাৰীৰ সৈতে চেলফিও তোলে । জনসাধাৰণৰ অংশগ্ৰহণত সন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই অনুষ্ঠানত ‘অতুলনীয় স্পন্দন’ আছে।

আনহাতে অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয়, ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত যোগ আৰু ধ্যান-ধাৰণৰ ভূমি কাশ্মীৰলৈ অহাৰ সৌভাগ্য লাভ কৰিছো। আমি শ্ৰীনগৰত এই শক্তি অনুভৱ কৰিব পাৰো, যিটো আমি যোগৰ পৰা লাভ কৰো। মই দেশৰ জনতা আৰু বিশ্বৰ প্ৰতিটো কোণত যোগ কৰা লোকসকলক যোগ দিৱসৰ শুভকামনা জ্ঞাপন কৰিছো।’’

মোদীয়ে আৰু অধিক গুৰুত্ব আৰোপ কৰে মানুহৰ কল্যাণত যোগৰ গুৰুত্বৰ ওপৰত। তেওঁ আঙুলিয়াই দিয়ে যে, ‘যেতিয়া আমি শান্তিপূৰ্ণ হওঁ, তেতিয়া আমি বিশ্বত ইতিবাচক প্ৰভাৱো পেলাব পাৰো…যোগে সমাজত ইতিবাচক পৰিৱৰ্তনৰ নতুন উপায় আনিছে।’

যোগ ভাৰতৰ প্ৰচাৰ আৰু দেশলৈ পৰ্যটন অনাৰ এক উপায় হৈ পৰিছে বুলি উল্লেখ কৰি মোদীয়ে কয়, ‘আমি এতিয়া উত্তৰাখণ্ড আৰু কেৰালাৰ দৰে ৰাজ্যত যোগত পৰ্যটন দেখিবলৈ পাইছো। প্ৰামাণিক যোগাসন চাবলৈ পোৱাৰ বাবেই বিদেশৰ পৰা মানুহ ভাৰতলৈ আহিছে।’

উল্লেখ্য যে, ২০১৪ চনৰ ডিচেম্বৰ মাহত যোগক বিশ্বব্যাপী আবেদনক স্বীকৃতি দি ৰাষ্ট্ৰসংঘই ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰে। এই দিৱসৰ বাবে ভাৰতৰ প্ৰস্তাৱক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত অভিলেখ সংখ্যক ১৭৫ খন সদস্য ৰাষ্ট্ৰই সমৰ্থন কৰে।

Exit mobile version