Bangladeshi- Rohingya Resettlement Revealed alarming Figures:বাংলাদেশী-ৰোহিংগ্যাক সংস্থাপনৰ ভয়াৱহ তথ্য উন্মোচিত

nia 1

Bangladeshi- Rohingya Resettlement Revealed alarming Figures:

আঠজনক অভিযুক্ত কৰি এনআইএৰ শপতনামা : বাংলাদেশী নাগৰিক আৰু বাংলাদেশত শৰণাৰ্থী হিচাপে থকা ৰোহিংগ্যা মুছলমানক ভাৰতত সংস্থাপিত কৰি অহা আন এক বৃহৎ চক্ৰৰ তৎপৰতা পোহৰলৈ আহিছে। অসম আৰক্ষীৰ বিশেষ টাস্কফ’র্চ (এছটিএফ)-এ যোৱা ছেপ্টেম্বৰত এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছিল। পৰৱৰ্তী সময়ত এই গোচৰটোৰ তদন্তৰ দায়িত্ব লয় ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (এনআইএ)ই।

সংস্থাটোৱে ইতিমধ্যে বিশেষ আদালতত অসম, ত্রিপুৰা, পশ্চিমবংগ আৰু বাংলাদেশৰ আঠজনক অভিযুক্ত কৰি এখন অতিৰিক্ত শপতনামা দাখিল কৰে। এই শপতনামাতে পোহৰলৈ আহিছে ভাৰতত চলি থকা মানৱ সৰবৰাহ আৰু ভাৰতবিৰোধী ষড়যন্ত্ৰৰ তথ্য। শপতনামাত উল্লেখ কৰা হৈছে যে বাংলাদেশী নাগৰিক আৰু ৰোহিংগ্যাক লৈ ভাৰত- বাংলাদেশ সীমান্তৰে ভাৰতলৈ মানৱ সৰবৰাহ ব্যাপক হাৰত চলি আহিছে।

ইয়াৰে এটা চক্ৰৰ আঠজন হ’ল ত্ৰিপুৰাৰ জলিল মিঞা, হান্নান মিঞা, কাজল সৰকাৰ, অধীৰ দাস, আনোৱাৰ হুছেইন ওৰফে মামা, শিলচৰৰ কমল দাস, পশ্চিমবংগৰ লিটন চক্রবর্তী আৰু বাংলাদেশৰ ৰবিয়াল হাছান ওৰফে ৰবিউল হাছান। উল্লেখ্য যে শিলচৰৰ কমল দাসৰ ভ্রাতৃ অমল চন্দ্র দাসো এই কার্যত জড়িত। অমলৰ নাম ইয়াৰ পূৰ্বৰ এখন অতিৰিক্ত অভিযোগনামাত অন্তর্ভুক্ত হৈছে।

অভিযোগনামাত উল্লেখ কৰা হৈছে যে ৰবিয়াল হাছানৰ লগত ভাৰতৰ অভিযুক্ত সাতজনৰ আছে সুসম্পর্ক। মানৱ সৰবৰাহক লৈয়ে এই সম্পর্ক গঢ়ি উঠিছে। ত্ৰিপুৰাৰ অভিযুক্তকেইজনে ৰবিয়ালৰ লগত যোগাযোগ কৰি বাংলাদেশৰ পৰা অবিৰতভাৱে ভাৰতলৈ মানৱ সৰবৰাহ কৰি আহিছে। একেদৰে শিলচৰৰ কমল দাস আৰু পূৰ্বৰ অভিযোগনামাত নাম উল্লেখ কৰা কমল চন্দ্ৰ দাসৰ লগতো যোগাযোগ কৰি ৰবিয়ালে বাংলাদেশৰ পৰা মানুহ পঠাই দিয়ে। মানুহবোৰক ভাৰতীয় নাগৰিকৰ জাল নথি যোগান ধৰি আহিছিল শিলচৰৰ অভিযুক্ত ভ্রাতৃদ্বয়ে। জাল নথি প্ৰস্তুতৰ লগত জড়িত হৈ আছে পশ্চিমবংগৰ লিটন চক্রৱতীও।

এনআইএৰ তথ্য অনুসৰি, বিশেষকৈ ৰোহিংগ্যাসকলক ভাৰতত আশ্রয় ল’ব পৰাকৈ পৰামর্শ দিয়াৰো দায়িত্ব পালন কৰিছিল অসম আৰু ত্ৰিপুৰাৰ অভিযুক্তকেইজনে। কাৰণ ৰোহিংগ্যাসকলৰ ভাষাৰ পৰা আৰম্ভ কৰি আচাৰ-আচৰণ ভাৰতীয়ৰ লগত নিমিলে। সামান্য ইফাল-সিফাল হ’লেই ধৰা পৰাৰ ভয় থাকে। গতিকে ভাৰতৰ পৰিৱেশৰ লগত মিলিব পৰাকৈ মানুহবোৰক কৌশল শিকোৱাৰ দায়িত্বও লৈছিল এই চক্রটোৱে।

ইপিনে, এই মানৱ সৰবৰাহ কার্যত তামিলনাডু আৰু কর্ণাটকতো বৃহৎ চক্র সক্রিয় হৈ আছে। তেনে চক্ৰৰ সহযোগতে ত্ৰিপুৰা সীমান্তৰে প্ৰৱেশ কৰা ৰোহিংগ্যা আৰু বাংলাদেশী নাগৰিকক তামিলনাডু, কণটিক আদি ৰাজ্যলৈ প্রেৰণ কৰা হয়। এনআইএৰ অভিযোগত উল্লেখ কৰা হৈছে যে মানুহবোৰক ভাৰতলৈ আনি কম মজুৰিত যথেষ্ট কষ্টকৰ কামত বিভিন্ন ৰাজ্যত নিয়োগ কৰা হয়। তেওঁলোকৰ আপত্তিৰো থল নাথাকে। কাৰণ আপত্তি কৰিলেই আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰৰ ভাবুকি প্ৰদান কৰা হয়।

Exit mobile version