CM has criticized the Nalbari Commissioner for organizing a royal banquet: নলবাৰী কেবিনেট বৈঠকত ৩২বিধ ব্যঞ্জনৰ ৰাজকীয় ভোজৰ আয়োজন কৰি মুখ্যমন্ত্ৰীৰ ৰোষত নলবাৰীৰ আয়ুক্ত

cm 1 2

CM has criticized the Nalbari Commissioner for organizing a royal banquet:

বৃহস্পতিবাৰে নলবাৰী আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হৈছিল ৰাজ্যিক কেবিনেটৰ বৈঠক ৷ মুখ্যমন্ত্ৰী সহ মন্ত্ৰীসভাৰ সদস্য তথা উচ্চপদস্থ বিষয়াবৰ্গক আপ্যায়নৰ বাবে প্ৰস্তুত কৰা হৈছিল ৩২ বিধ ব্যঞ্জনৰ খাদ্য সম্ভাৰ ৷

কিন্ত এই ৰাজকীয় ভোজৰ আয়োজন কৰি মুখ্যমন্ত্ৰীৰ ৰোষত পৰিল নলবাৰীৰ জিলা আয়ুক্ত বনাৰ্লী ডেকা ৷ কেবিনেট বৈঠকত আহাৰ পৰিবেশনক লৈ অসন্তুষ্ট মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ কৰ্কথনাৰ সন্মুখীন হয় আয়ুক্ত গৰাকী। তালিকাত অত্যাধিক মাত্রাত ব্যঞ্জন পৰিবেশনত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি আজি মুখ্যমন্ত্ৰীয়ে চিঠি প্ৰেৰণ কৰে ডিচি বর্ণালী ডেকালৈ ৷

চিঠিত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ডিচিয়ে চৰকাৰী নিৰ্দেশনা অৱমাননা কৰিছে ৷ চৰকাৰী নিৰ্দেশনা অনুসৰি দিব লাগিছিল নিৰামিষ আহাৰ। উল্লেখ্য যে,মুখ্যমন্ত্ৰীয়ে নানা তৰহৰ ব্যঞ্জনপূৰ্ণ আহাৰ পৰিৱৰ্তে গ্ৰহণ কৰিছিল নিৰামিষ খাদ্য ৷ একেদৰে মন্ত্ৰী বিমল বৰাই গ্ৰহণ কৰে দৈ আৰু ৰুটি ৷

মনকৰিবলগীয়া যে,বৃহস্পতিবাৰৰ কেবিনেট বৈঠকত ৩২ বিধ খাদ্য সম্ভাৰৰ বৃহৎ তালিকাখন আছিল এনেধৰণৰ : প্লেইন ৰাইচ, জিৰা ৰাইছ আৰু পোলাও,ছাগলীৰ মাংস, কাৱৈ আৰু মাগুৰ মাছৰ বিশেষ আঞ্জা, মিছা মাছ ভাজি , আদা দিয়া সৰু মাছ, টেঙাৰে আৰি, ভকুৱা,বৰালি মাছ, খাহীৰ তেলৰে মাহৰ দাইল,মিক্সড ডাইল আৰু তৰকাৰী,কলফুল ভাজি, চিকেন চুপ বইল,ঢেঁকীয়া ভাজি ,কল পছলা, সৰু আলু ভাজি আৰু বৰা ভাজি, আলু পিটিকা,পদিনা চাটনি, তিল চাটনি, অমিতা খাৰ, চালাদ,মিঠা-দৈ আৰু গোলাপ জামুন ৷

Exit mobile version