Industries Minister Bimal Bora inspects Pepsi India project in Nalbari:
ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়াই শুক্ৰবাৰে নলবাৰী জিলাৰ বানেকুছিত ৭৭৮ কোটি টকা বিনিয়োগেৰে নিৰ্মীয়মান বহু প্ৰত্যাশিত পেপছিকো (PepsiCo)প্ৰকল্পত উপস্থিত হৈ প্ৰকল্পটো পৰিদৰ্শন কৰে।
মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনৰ সহজ আৰু উন্নত বাণিজ্যিক তথা উদ্যোগ নীতিৰ বাবে জিলাখনত স্হাপিত বৃহৎ উদ্যোগটোৱে জিলাখনৰ শিল্প উদ্যোগ ক্ষেত্র খনত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি উদ্যোগ মন্ত্ৰী বড়াই পৰিদৰ্শন কালত মত প্ৰকাশ কৰে।
উল্লেখযোগ্য যে পেপছিৰ এই উদ্যোগটোৱে যথেষ্ট সংখ্যক প্রত্যক্ষ আৰু পৰোক্ষ সংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লগতে কৃষিখণ্ডও বিশেষভাৱে উপকৃত কৰিব। বিভিন্ন খাদ্য সামগ্রী উৎপাদিত হ’ব লগা এই সেউজ পথাৰ প্ৰকল্পটোৰ কাম ৩০শতাংশ অগ্ৰগতি লাভ কৰিছে। এই প্ৰকল্পটোত উৎপাদিত হ’ব লগা চিপছৰ বাবে প্ৰয়োজনীয় আলু উৎপাদনৰ বাবে বহুজাতিক কোম্পানীটোৱে স্হানীয় কৃষক সকলক সহায় আগবঢ়াব।
নলবাৰীত অনুস্হিত মন্ত্ৰীসভাৰ কেবিনেট বৈঠকৰ পাছতে বানেকুছিৰ প্ৰকল্প স্থলীত উপস্থিত হোৱা মন্ত্রী গৰাকীয়ে পেপছিকোৰ বিষয়া সকলৰে প্ৰকল্পটোৰ অগ্ৰগতি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকতো মিলিত হয়। পৰ্যালোচনাত নিৰ্মাণ কাৰ্য্যৰ স্থিতি বুজ লোৱাৰ লগতে, যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত উদ্যোগ বিভাগৰ তৰফৰ পৰা সহায় আগবঢ়োৱা হ’ব বুলিও পেপছিকোৰ বিষয়াসকলক তেওঁ আশ্বাস প্ৰদান কৰে।