Lanslide In Guwahati Athmail:মহানগৰীৰ আঠমাইলত ভূমিস্খলন

গুৰুতৰভাৱে আহত ১৪ বছৰীয়া কিশোৰী

lanslide

Lanslide In Guwahati Athmail:

যোৱা নিশাৰে পৰা অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ মাজতে মহানগৰীৰ আঠমাইলৰ গাৰোবস্তীত সংঘটিত হয় ভূমিস্খলনৰ ঘটনা।

শুই থকা অৱস্থাতে পাহাৰৰ মাটি খহি কৰণ মৃত্যু ঘটে ৰুমী দাস আৰু তেওঁৰ পাঁচবছৰীয়া পুত্ৰ চম্পক দাসৰ ৷ ঘটনাত গুৰুতৰভাৱে আহত হয় দুৰ্ভগীয়া মহিলা গৰাকীৰ ১৪ বছৰীয়া কন্যা ৰীমা দাস ৷ শোকাৱহ ঘটনাটি সংঘটিত হয় খানাপাৰাৰ গণেশ মন্দিৰৰ সমীপত। এই ঘটনাই শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ গাৰোবস্তী অঞ্চলত ৷

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু চক্ৰ বিষয়া উপস্থিত হৈ মাতৃ- পুত্ৰৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে জিএমচিএইছলৈ ৷ উল্লেখ্য যে,মহানগৰীত ২০১৪ ৰ পৰা ২০২৪ ৰ পাঁচ জুলাইলৈকে ভূমিস্খলনত প্ৰাণহানী হোৱা লোকৰ সংখ্যা ৪৩ জন। চলিত বৰ্ষৰ ছমাহত ভূমিস্খলনত মৃত্যুৰ সংখ্যা তিনিজন ৷

মহানগৰীত নেৰানেপেৰা বৰষুণ দিলেই বহু কেইটা পাহাৰীয়া অঞ্চলত সংঘটিত হয় ভূমিস্খলনৰ ঘটনা ৷ যাৰ পৰিপ্ৰেক্ষিতত মহানগৰ প্ৰশাসনে বহু কেইটা ভূমিস্খলন প্ৰৱন এলেকা চিহ্নিত কৰি সংশ্লিষ্ট অঞ্চলবাসীৰ হাই এলাৰ্ট কৰি নিৰাপদস্থানলৈ যাবলৈ আহ্বান জনাইছিল ৷

আনহাতে গুৱাহাটীত কৃত্ৰিম বানৰ বাবে হেল্পলাইন নম্বৰ মুকলি  জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (ডিডিএমএ), কামৰূপ (মহানগৰ)ৰ জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰ (ডিইঅ’চি)ৰ | কামৰূপ মহানগৰ প্ৰশাসনৰ  টোল ফ্ৰী হেল্পলাইন নম্বৰ ০৩৬১-১০৭৭   | ৯৩৬৫৪-২৯৩১৪ মোবাইল নম্বৰতো কৰিব পাৰিব  যোগাযোগ  | জৰুৰীকালীন সহায়ৰ বাবে এই হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে ৷

 

Exit mobile version