Transport Department Raid Against Green Buses:মহানগৰীত মৃত্যুদূতৰ ৰূপত গ্রীণ বাছ !

২৪ ঘন্টাত গ্ৰীণ বাছৰ খুন্দাত মৃত্যু দুজনকৈ লোকৰ, গ্ৰীণ বাছৰ বিৰুদ্ধে পৰিবহন বিভাগৰ অভিযান, নিয়ম ভংগকাৰী ৭খন গ্রীণ বাছ জব্দ

green bus

Transport Department Raid Against Green Buses:

মহানগৰীত গ্ৰীন বাছ হৈ পৰিছে মৃত্যুদূত ৷ অপৈণত চালকৰ অতপালিত য’তে ত’তে প্ৰাণ কাঢ়িছে বহুজনৰ ৷ যোৱা ২৪ ঘন্টাত মহানগৰীত গ্ৰীণ বাছৰ খুন্দাত মৃত্যু হৈছে দুজনকৈ লোকৰ ৷

উদ্থাপিত অভিযোগ অনুসৰি,ই- ৰিক্সা চালক আৰু শাক- পাচলী বিক্ৰেতা নিশাটোৰ ভিতৰতে অৱতীৰ্ণ হৈছে চালকৰ ৰূপত ৷ এইচাম অপৈণত চালকৰ হাতত ষ্টেয়াৰিঙ পৰাৰ লগে লগে সংঘটিত হৈছে নানান দুৰ্ঘটনা ৷ আনহাতে অধিকাংশ চালকৰে নাই অনুজ্ঞা পত্ৰ

গুৰু- গোসাঁই নমনা শীততাপ নিয়ন্ত্ৰিত গ্ৰীণ বাছৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ পদক্ষেপ ল’বলৈ আগবাঢ়ি আহিছে ৰাজ্যৰ পৰিবহণ বিভাগ ৷

মঙলবাৰে মহানগৰীৰ ভিন্ন স্থানত পৰিবহণ বিভাগে অৰ্তকিতে অভিযান চলাই নিয়ম ভংগকাৰী সাতখন গ্রীণ বাছ জব্দ কৰে ৷ অভিযানকাৰী দলটোৱে সদৰি কৰা মতে,এই অভিযান মহানগৰীত ধাৰাবাহিকভাৱে অব্যাহত থাকিব ৷

Exit mobile version