Sarupathar:
সৰুপথাৰৰ ইকৰাণী চাৰি আলিৰ সমিপত কালি সন্ধিয়া সংঘটিত হয় এক মাৰপিটৰ ঘটনা। বাইক আৰোহী আৰু টাটা এচি চালকৰ মাজত সংঘটিত হয় এই মাৰপিট। বাইক আৰোহী যুৱক কেইজনে টাটা এচি গাড়ী চালক আৰু গাড়ীৰ মালিকক গুৰুলা গুৰুলভাৱে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে।
যুৱক কেইজনৰ প্ৰহাৰত আহত হয় টাটা এচি গাড়ীৰ চালক উৰিয়ামঘাট মধুপুৰৰ নিবাসী আবু মুছা চাহেব আৰু ভাতৃ নুৰুল হক। আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় সৰুপথাৰ নগৰৰ বিশিষ্ট ব্যৱসায়ী মাধৱ লহকৰ। সৰুপথাৰ আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ আহত আহত ব্যক্তি কেইজনক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰাৰ লগতে উক্ত ঘটনাৰ লগত জড়িত চাৰি যুৱকক আটক কৰি সৰুপথাৰ আৰক্ষী থানাত লৈ আনে।
আহত ব্যক্তি কেইগৰাকীক ততাতৈয়াকৈ সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্রত ভৰ্তি কৰোৱা হয়। উক্ত ঘটনাৰ লগত আৰু ব্যক্তি জড়িত আছে বুলি আহত ব্যক্তি কেইগৰাকীয়ে অভিযোগ কৰে। আহত ব্যক্তি কেইজনক উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ চিকিৎসকে প্ৰেৰণ কৰে যদিও পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ লৈ যায়। সৰুপথাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।