Withdrawal of PRC in College Recruitment:কলেজৰ নিযুক্তিত পি আৰ চি নলগা উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনাত ক্ষুব্ধ মুখ্যমন্ত্ৰী

উচ্চ শিক্ষা সঞ্চালকালয়ে এনে নিৰ্দেশনা জাৰি কৰিব নোৱাৰে:মুখ্যমন্ত্ৰী, ততাতৈয়াকৈ প্ৰত্যাহাৰ কৰিলে নিৰ্দেশনা, শিক্ষামন্ত্ৰীৰ তদন্ত ঘোষণা

cm

Withdrawal of PRC in College Recruitment:

ৰাজ্যৰ ত্ৰিশলাখ নিবনুৱাই এটা চাকৰিৰ বাবে হাহাকাৰ কৰি থকাৰ মাজতে ৰাজ্যৰ শিক্ষিত নিবনুৱাক একাষৰীয়া কৰি চৰকাৰী চাকৰিত নিযুক্তিৰ বাবে শেহতীয়াকৈ ৰঙা দলিচা পাৰি দিয়া হৈছে বহি:ৰাজ্যৰ লোকক ৷

উল্লেখ্য যে, যোৱা চাৰিজুনত ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকে এক নিৰ্দেশনাত ৰাজ্যৰ মহাবিদ্যালয়ত অধ্যাপক, গ্ৰন্থাগাৰিক, এলডিএ তথা চতুৰ্থ বৰ্গৰ পদৰ চাকৰিত নিযুক্তিৰ ক্ষেত্ৰত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ(পিআৰ চি)নলগাৰ কথা উল্লেখ কৰে ৷

উচ্চ শিক্ষা সঞ্চালকৰ এই নিৰ্দেশনাৰ পিছতে ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়। চৰকাৰী চাকৰিত পি আৰ চি প্ৰয়োজন নাই বুলি জাৰি কৰা নিৰ্দেশনা এক হঠকাৰী সিদ্ধান্তই নহয় এইয়া থলুৱাক বঞ্চিত কৰি বহি:ৰাজ্যৰ নিবনুৱাক জোৱাই আদৰাৰ দৰে এক পদক্ষেপ ৷

এই নিৰ্দেশনাৰ পিছৰে পৰা ৰাজ্যৰ মহাবিদ্যালয়ত অধ্যাপক, সহ:অধ্যাপক পদৰ লগতে পিয়ন, চকীদাৰৰ পদত বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিবলৈ অনায়াসে লাভ কৰিবলৈ সক্ষম হ’ব।

আনহাতে,অসমৰ মহাবিদ্যালয় সমূহত সহকাৰী অধ্যাপকৰ পৰা আৰম্ভ কৰি ৩য় আৰু ৪র্থ বর্গৰ পদত নিযুক্তিৰ ক্ষেত্রত পি. আৰ. চি প্রত্যাহাৰ কৰিবলৈ অসম চৰকাৰে গ্রহণ কৰা সিদ্ধান্তক তীব্র প্রতিবাদ কৰি সদৌ অসম ছাত্র সন্থাই কয় পি. আৰ. চি. প্রত্যাহাৰে থলুৱাৰ স্বার্থ বিঘ্নিত কৰিব। অসমত লাখ লাখ যোগ্য শিক্ষিত নিবনুৱা থকাৰ পিচতো অসম চৰকাৰৰ এই সিদ্ধান্তই বহিৰাগত প্ৰাৰ্থীক ৰঙা দলিচা পাৰি দিলে। চৰকাৰে থলুৱাৰ স্বাৰ্থক প্রাধান্য দি এই থলুৱা বিৰোধী সিদ্ধান্ত প্রত্যাহাৰ কৰক।

ছাত্র সন্থাৰ সভাপতি উৎপল শর্মা আৰু সাধাৰণ সম্পাদক শঙ্কৰজ্যোতি বৰুৱাই কয় অসম চৰকাৰৰ পি. আৰ. চি প্রত্যাহাৰৰ সিদ্ধান্তই থলুৱাৰ স্বাৰ্থক জলাঞ্জলি দিছে। ছাত্র সন্থা আৰু অসমৰ জনসাধাৰণে অসম চুক্তিষ ৬ নং দফাৰ আধাৰত দীর্ঘদিনে বিচাৰি অহা সাংবিধানিক ৰক্ষা কৱচৰ দাবী যুক্তিপূর্ণ বুলি পুনৰ প্রমাণিত হ’ল।

স্মতৰ্ৱ্য যে ,দেশৰ সাংবিধানিক নিয়ম মতে,দেশৰ যিকোনো লোকে যিকোনো ৰাজ্যত চাকৰিৰ বাবে আবেদন কৰিব পাৰে ৷ কিন্ত সংশ্লিষ্ট ৰাজ্য চৰকাৰ সমূহে নিজ নিজ ৰাজ্যৰ থলুৱা প্ৰাৰ্থীৰ স্বাৰ্থ সুৰক্ষাৰ খাতিৰত পিআৰ চি আৰু বিভিন্ন পদৰ নিযুক্তিৰ পৰীক্ষাত স্থানীয় ভাষাৰ প্ৰশ্নকাকতক প্ৰাধান্য দিছে ৷

কিন্তু শেহতীয়াকৈ উচ্চ শিক্ষা সঞ্চালকে চৰকাৰী চাকৰিত পি আৰ চি প্ৰত্যহাৰৰ নিৰ্দেশনা জাৰি কৰাৰ লগে লগে চাকৰিৰ পৰা বঞ্চিত হ’ব ৰাজ্যৰ থলুৱা নিবনুৱা সকল ৷ মনকৰিবলগীয়া যে, এই নিৰ্দেশনাৰ পূৰ্বে চৰকাৰী চাকৰিৰ নিযুক্তিৰ পৰীক্ষাত অসমীয়া বিষয়ৰ প্ৰশ্নকাকত বাতিল কৰাৰ নিৰ্দেশনা জাৰি কৰিছিল ৰাজ্য চৰকাৰে।

আনহাতে, উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালিকা সুমিত্ৰা দেৱে চাৰি জুনত পিআৰ চি প্ৰত্যাহাৰৰ বিৰ্তকিত নিৰ্দেশনা জাৰিৰ বিষয়ে সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি পৰিবেশন কৰাৰ পিছতে ক্ষুব্ধ হৈ পৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা। এই সন্দৰ্ভত এক্সযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, সঞ্চালকালয়ে এনে নিৰ্দেশনা জাৰি কৰিব নোৱাৰে ৷এই কাম চৰকাৰেহে কৰিব পাৰে৷ কি কৰ্তৃত্ব লৈ উচ্চ শিক্ষা সঞ্চালকে এই নিৰ্দেশনা জাৰি কৰিলে তাৰ এক তাৎক্ষণিক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।

ইপিনে,মুখ্যমন্ত্ৰীৰ ক্ষুন্ন হোৱাত উচ্চ শিক্ষা সঞ্চালকে আজি ততাতৈয়াকৈ পি আৰ চি প্ৰত্যাহাৰৰ নিৰ্দেশনা বাতিল কৰে ৷ ইতিমধ্যে,শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এক্সযোগে এই নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ কথা উল্লেখ কৰাৰ লগতে এই সন্দৰ্ভত জাৰি কৰে তদন্ত ।

Exit mobile version