BJP MLA’s son to join Asom Jatiya Parishad Soon:
খুমটাই সমষ্টিৰ বিধায়কতথা জ্যেষ্ঠ বিজেপি নেতা মৃণাল শইকীয়াৰ পুত্রই অচিৰেই যোগদান কৰিব আঞ্চলিক ৰাজনৈতিক দলত। বিজেপিৰ বিধায়কজনৰ বৰপুত্র বব্ৰুবাহন শইকীয়াই আঞ্চলিক বাজনৈতিক দলত যোগদান কৰিবলৈ ওলোৱা বাতৰিয়ে ৰাজনৈতিক মহলৰ লগতে ৰাইজৰ মাজত বিশেষ চর্চা লাভ কৰিছে।
এক সূত্রই দাবী কৰা মতে, বিজেপি বিধায়ক শইকীয়াৰ পুত্ৰই অসম জাতীয় পৰিষদত যোগদানৰ জৰিয়তে ৰাজনৈতিক পথাৰত আত্মপ্রকাশৰ যো-জা ইতিমধ্যে আৰম্ভ কৰিছে। ইয়াকে লৈ ভিন্ন মহলত ভিন্ন প্রশ্নৰো অৱতাৰণা হৈছে। কিয়নো ৰাজনৈতিক নেতা, মন্ত্রী, বিধায়ক বা নেতাৰ পুত্র, পৰিয়ালে ৰাজনীতিত পদার্পণ কৰিলে সাধাৰণতে তেনে পদাংক অনুসৰণ কৰি পিতৃ, পৰিয়ালে জড়িত থকা ৰাজনৈতিক দলতে যোগদান কৰা দেখা যায়; কিন্তু বিজেপি বিধায়ক শইকীয়াৰ পুত্র বব্ৰুবাহনে আঞ্চলিক ৰাজনৈতিক দলত যোগদান কৰাৰ প্ৰস্তুতিৰ বাতৰিয়ে বিশেষ তাৎপর্য বহন কৰিছে।
উল্লেখ্য যে যোৱা ৯ জুনত সামাজিক মাধ্যম ফেচবুকযোগে দুই পুত্রক বিধায়ক শইকীয়াই ৰাইজৰ মাজত বিশেষভাবে চিনাকিও কৰাই দিছিল। ইফালে, শেহতীয়াভাবে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ স’তে বিধায়ক শইকীয়াৰ সম্পৰ্কত ঘুণে ধৰাৰ বিষয়টোৱে চর্চা লাভ কৰি আহিছে। লোকসভা নির্বাচনৰ ফলাফলৰ পাছত গৌৰৱ গগৈক সামাজিক মাধ্যমত শইকীয়াই অভিনন্দন জনোৱাক লৈয়ো আনকি মুখ্যমন্ত্রীয়ে প্রতিক্রিয়া প্রকাশ কৰিছিল।
সাতে-পাঁচে মিলি বিধায়ক পুত্ৰৰ আঞ্চলিক ৰাজনৈতিক দল গমনৰ জৰিয়তে খুমটাই বিধানসভা সমষ্টিত এক নতুন ৰাজনৈতিক সমীকৰণৰ প্ৰকৃততে সৃষ্টি কৰিব বিচৰা হৈছে নেকি! ইয়াক লৈও সৰৱ আলোচনাই ঠাই পাইছে।
উল্লেখ্য যে আগন্তুক ‘২৬ৰ বিধানসভা নির্বাচনত খুমটাই বিধানসভা সমষ্টিৰ বিজেপিৰ দলীয় টিকটৰ দাবীদাৰৰূপে প্রাক্তন সাংবাদিক-ব্যৱসায়ী প্রিয়ংদ্বীপ কাকতিয়ে বিজেপিত যোগদান কৰি সমষ্টিটোত কুজকাৱাজ চলোৱা পৰিলক্ষিত হৈছে। সেইদৰে প্ৰাক্তন মন্ত্রী তথা খুমটাই সমষ্টিৰ প্রাক্তন বিধায়িকা বিস্মিতা গগৈয়ে বিজেপিত যোগদান কৰিছে আৰু অসম ক্রিকেট সন্থাৰ প্ৰাক্তন উপ-সভাপতি বিজেপিৰ পৰীক্ষিত দত্ত, বিজেপিৰ প্ৰবীণ নেতা মৃদুল দত্ত আদিয়েও নিজকে খুমটাইৰ দলীয় টিকটৰ দাবীদাৰৰূপে প্রতিষ্ঠা কৰাৰ প্ৰতিযোগিতাত ব্রতী হৈছে।
এনেবিলাক কাৰকক লৈও খুমটাই সমষ্টিৰ বিধায়ক শইকীয়া বাৰুকৈয়ে খৰ্গহস্ত বুলি ভুৰখা মহলে দাবী কৰিব বিচাৰে। যদিহে আগন্তুক বিধানসভা নিৰ্বাচনত খুমটাইৰ দলীয় টিকটৰ পৰা কিবা কাৰণত বিধায়ক শইকীয়াক দলে বঞ্চিত কৰে, বৰপুত্ৰ বজ্রবাহনক আঞ্চলিক ৰাজনৈতিক দলৰ পৰা সমষ্টিটোত প্রক্ষেপ কৰোৱাই সকলো নির্বাচনী অংক ওলট-পালট কৰি দিয়াৰ ৰণ-কৌশলৰ ই এক পূর্বাভাস নেকি বুলিও ৰাজনৈতিক মহলত চর্চিত হৈছে। মূলতঃ যিয়েই নহওক কিয়, ৰাজনৈতিক পথাৰত সকলো কথাই যে সম্ভৱ, বিগত দিনৰ কার্যক্রমণিকাই জ্বলন্ত ৰূপত প্রমাণিত কৰি আহিছে।