BJP will split and the Assam Jana Sangh will be Born:বিজেপিত এলাগী হোৱা বিজেপিৰ নেতাৰ দলত্যাগৰ বাবে সাজু

অচিৰেই বিজেপি ফাটি ভূমিষ্ঠ হ'ব অসম জনসংঘ, বিজেপিৰ শদিয়া-শিৱসাগৰৰ প্ৰাক্তন সভাপতিৰ পদত্যাগৰ পাছত বিশেষ চৰ্চা আৰম্ভ, যুধিষ্ঠিৰ গগৈ-ড: ভৱেন মহনৰ ক্ষোভ উজাৰি দল ত্যাগ, নতুন সংগঠন গঢ়িবলৈ প্রস্তুতি

state bjp office

BJP will split and the Assam Jana Sangh will be Born:

লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তৰ পৰাই ৰাজ্যিক বিজেপিৰ শিবিৰত আৰম্ভ হোৱা গুণগুণনি ‘অসম জনসংঘ’ নামেৰে আনুষ্ঠানিক ৰূপ লোৱাৰ দিশে এখোজ আগবাঢ়িল। পূব অসমৰ দলৰ জ্যেষ্ঠ তথা গুৰুত্বপূৰ্ণ নেতাই বিজেপি ত্যাগ কৰাৰ পাছত বিষয়টোৱে এনেদৰে গতি লয়।

বৃহস্পতিবাৰে এক ঘটনাক্ৰমত বিজেপিৰ সাধাৰণ সদস্য পদো ত্যাগ কৰে শদিয়া জিলা বিজেপিৰ প্ৰাক্তন সভাপতি যুধিষ্ঠিৰ গগৈ আৰু শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ড:ভরেন মহনে। যুধিষ্ঠিৰ গগৈ দলৰ বিভিন্ন দায়িত্বত থকাৰ উপৰি
একেলেথাৰিয়ে দুবাৰ জিলা সভাপতি আছিল। তদুপৰি তেওঁ ধেমাজি জিলা বিজেপিৰ সহকাৰী তত্ত্বাবধায়কৰ দায়িত্বতো আছিল।

পূব অসমৰ ৰাজনীতিত বিজেপিয়ে সর্বাধিক গুৰুত্ব দিয়াৰ সময়তে দুজন জ্যেষ্ঠ তথা প্রভাৱশালী নেতাই বৃহস্পতিবাৰে এনেদৰে দল ত্যাগ কৰা বিষয়টোৱে ব্যাপক চর্চা লাভ কৰিছে। ৰাজ্যিক বিজেপিৰ মজিয়াত তুমুল চর্চা অব্যাহত থকা এই বিষয়টোক অধিক গতি দিছে তেওঁলোকে প্রকাশ কৰা অসন্তুষ্টিক লৈ। গগৈয়ে তেওঁৰ পদত্যাগ পত্রত স্পষ্টভাবে উর্ধ্বতন কর্তৃপক্ষৰ চিন্তা-চৰ্চাবোৰ তেওঁলোকৰ দৰে দায়িত্ববাহী কৰ্মকৰ্তাৰ পৰিপন্থী হৈছে। সেই চিন্তা-চর্চাত জীণ যাব নোৱৰাৰ বাবেই দল এৰাৰ সিদ্ধান্ত লয়।

এনেদৰে দল ত্যাগৰ পূৰ্বে দুয়োজন জ্যেষ্ঠ নেতাই বিগত কে’বাদিনৰ পৰা আনুষ্ঠানিকভাৱে ভূমিষ্ঠ হ’বলৈ উকমুকাই থকা ‘অসম জনসংঘ’ক আগবঢ়াই নিয়াত সক্ৰিয়তাৰে কাম কৰি আহিছে। সেয়েহে ইতিমধ্যে ৰাজ্যিক বিজেপিৰ মজিয়াত প্ৰস্তাৱিত ৰাজনৈতিক দল অসম জনসংঘক লৈ চর্চা তুংগত উঠে।

উল্লেখ্য যে ৰাজ্যিক বিজেপিত ‘বঞ্চনা’ আৰু ‘অৱজ্ঞা’ৰ বলি হোৱা বুলি দলৰ এক বৃহৎসংখ্যক বয়োজ্যেষ্ঠ আৰু যুৱ কর্মী ক্ষুণ্ণ হৈ আহিছে। এই যুৱ কৰ্মীসকল দলটোত দীর্ঘদিন ধৰি জড়িত হৈ আহিছে। অভিযোগ অনুসৰি, বিজেপিত সুদীর্ঘ দিন জড়িত হৈ অহা এইসকল বয়োজ্যেষ্ঠ আৰু যুৱ কৰ্মীৰ মূল্য এতিয়া আৰু নাই। তেওঁলোকক অৱজ্ঞা কৰি এনে বৃহৎসংখ্যকক দললৈ আমদানি কৰা হৈছে, যিসকলে এদিন তেওঁলোককে বিজেপি কৰা বুলি তুচ্ছ-তাচ্ছিল্য আৰু সমালোচনা কৰিছিল।

সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তৰ পৰা অসমত ন-পুৰণি বিজেপিক লৈ ব্যাপকভাৱে চৰ্চা আৰম্ভ হয়। এই চর্চা এনেদৰেও আগবাঢ়ে যে দলৰ একো নথকা অৱস্থাত যিসকলে বিজেপিৰ আদৰ্শৰে দলৰ পতাকাখন ধৰি ৰাখিছিল, তেওঁলোকৰ বেছিভাগেই ক্রমে সংগঠিত হ’বলৈ ধৰিছে। সেই সংগঠিত ৰূপেই এতিয়া অসম জনসংঘ নামেৰে নতুন ৰাজনৈতিক দল এটা গঠনৰ উকমুকনিত পৰিণত হৈছে। দেশৰ ৰাজনীতিত ভাৰতীয় জনসংঘ এটা পৰিচিত নাম। সেই জনসংঘৰে ভেটিত পৰৱৰ্তী সময়ত ভাৰতীয় জনতা পার্টি (বিজেপি) গঠন হয়। সেই জনসংঘৰে আদর্শত অসম জনসংঘ গঠনৰ দিশে আগবাঢ়িছে ৰাজ্যিক বিজেপিৰ পুৰণি আৰু বৰ্তমানৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰা নেতা-কর্মীয়ে।

সূত্রত প্রকাশ যে সমগ্ৰ ৰাজ্যখনত অসম জনসংঘক সংগঠিত কৰাৰ তৎপৰতা চলিছে। সম্পূর্ণ অনানুষ্ঠানিকভাৱে চলা এই তৎপৰতাৰ অংশ হিচাপে মৰাণ, নাহৰকটীয়া, যোৰহাট, নগাঁও আৰু গুৱাহাটীত সভাও অনুষ্ঠিত হৈছে। কোনো বেনাৰ-প’ষ্টাৰ নথকাকৈ অনুষ্ঠিত অসম জনসংঘৰ লগত প্রত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ পৰিছে বিজেপিৰ লগতে দলটো এৰি যোৱা বহু নেতা- কর্মীও। তেওঁলোকক আইনীভাৱেও পৰামৰ্শ দি থকা হৈছে। চর্চা অনুসৰি, এই পৰামৰ্শ দিয়াসকলৰ অন্যতম হ’ল বিজেপি এৰি কংগ্ৰেছত যোগ দিয়া এজন প্রাক্তন সাংসদ। একেদৰে সহযোগিতা আগবঢ়াইছে বিজেপিৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী, প্রাক্তন বিধায়ক আদিয়েও। অৱশ্যে এই নতুন দল গঠনৰ সন্দৰ্ভত ইয়াৰ লগত জড়িত থকা সকলে এতিয়াই মুখ খুলিব বিচৰা নাই।

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম জনসংঘই শক্তিশালী ৰূপত তথা বিজেপিৰ বিকল্প হিচাপে ভুমুকি মৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ইয়াৰ স’তে জড়িত সূত্রই সদৰী কৰে। লক্ষ্যণীয়ভাৱে দল গঠনৰ এই তৎপৰতাত সহযোগিতা আগবঢ়াইছে আৰএছএছৰো একাংশ নেতাই।

Exit mobile version