Ghagrapar Fire:ঘগ্ৰাপাৰত খেৰ ভৰ্তি ট্ৰেক্টৰত জুই

কথমপি ৰক্ষা শতাধিক পৰিয়াল

fire 1

Ghagrapar Fire:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰ গাঁৱত আজি আবেলি ৪-৩০ মান বজাত এখন খেৰ ভৰ্তি ট্ৰেক্টৰত হঠাৎ জুই লগাৰ ফলত ৰাইজৰ মাজত হুৱাদুৱা লাগে। জানিব পৰা মতে খেৰ ভৰ্তি ট্ৰেক্টৰখন শ্বহীদ অচ‍্যুত কলিতা পথেদি ঘগ্ৰাপাৰ অভিমুখে আহি থকা অৱস্থাত কটকীয়া গাঁৱত হঠাৎ খেৰ ভৰ্তি ট্ৰেক্টৰ খন বিদ‍্যুৎ পৰিবাহী তাঁৰত লাগি জুইৰ সুত্ৰপাত হয়।

ট্ৰেক্টৰখনৰ চালকগৰাকীয়ে জুই জ্বলি থকা ট্ৰেক্টৰখন কটকীয়া- বাঘমাৰা গাওৰ সীমাৰ মুকলি ঠাইত ৰখাই দিয়ে। লগে লগে স্থানীয় ৰাইজে জুই নুমুৱাৰ বাবে অধিক তৎপৰতা অৱলম্বন কৰি অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱাৰ পুৰ্বে জুই নুমুৱাবলৈ সক্ষম হয়। উল্লেখ্য যে কটকীয়া-বাঘমাৰা গাঁৱৰ প্ৰায় শতাধিক পৰিয়াল ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰে।

Exit mobile version