Large Fertilizer Syndicate in Nagaon for a Long time:নগাঁৱত দীৰ্ঘদিন ধৰি সাৰৰ বৃহৎ চেণ্ডিকেট

নগাঁৱৰ ৰাজসাহায্যযুক্ত সাৰ বহিঃৰাজ্যলৈ নিয়াৰ চেষ্টা কৰোতেই আৰক্ষীৰ জালত, হয়বৰগাঁও ৰেক পইন্টৰ পৰাই চলি আছে সাৰৰ ৰমৰমীয়া বেহা, জব্দ হোৱা শশ বেগ ইউৰিয়া সাৰৰ তথ্য বিচাৰি হাবাথুৰি কৃষি বিভাগ

fertiliger

Large Fertilizer Syndicate in Nagaon for a Long time:

ৰাজ্যৰ কৃষি বিভাগে কৃষকৰ বাবে যোগান ধৰা ৰাজসাহায্যযুক্ত সাৰৰ নামত মধ্য অসমত এক চোৰাং ব্যৱসায় চলি অহাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। যোৱা ১০ জুলাইত মৰিগাঁও জিলাৰ জাগীৰোডত জাগীৰোড আৰক্ষীয়ে তিনিশ বেগ ইউৰিয়া সাৰসহ এল এন ০২ কিউ ৮০০৯ নম্বৰৰ এখন ট্রাক জব্দ কৰাৰ পাছত এই তথ্য পোহৰলৈ আহিছে।

ট্রাকখন জব্দ কৰি চালকজনক আটক কৰাৰ পাছত সোধপোছ কৰোতেই পোহৰলৈ আহে যে নগাঁও চহৰৰ হয়বৰগাঁও শ্ৰীমন্ত শংকৰদেৱ পথতস্থিত ‘বৰা ফার্টিলাইজাৰ‘ নামৰ পাইকাৰী সাৰ বিক্রেতা প্রতিষ্ঠানটোৰ পৰা জাগীৰোড অভিমুখে লৈ যোৱা অৱস্থাত জব্দ হোৱা সাৰখিনি কৃষকৰ বাবে আবণ্টিত ৰাজসাহায্যযুক্ত ইউৰিয়া সাৰ। লগে লগে জাগীৰোড আৰক্ষী থানাৰ আৰক্ষীয়ে বৰা ফার্টিলাইজাৰৰ মৰিগাঁও নগৰত থকা গুদামসমূহত অনুসন্ধান চলাই যদিও বিশেষ একো তথ্য লাভ নকৰিলে।

ইপিনে, মঙলবাৰে জাগীৰোড আৰক্ষীয়ে বৰা ফার্টিলাইজাৰৰ নগাঁও চহৰৰ হয়বৰগাঁৱত থকা বিভিন্ন গুদামত পুনৰ অভিযান চলাই ৬৩৭ বেগ ইউৰিয়া সাৰ জব্দ কৰে। ইপিনে, জাগীৰোড আৰক্ষীয়ে বুধবাৰে পুৱা নগাঁও জিলা কৃষি বিভাগলৈ এক আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰি তেওঁলোকে জব্দ কৰা বৰা ফার্টিলাইজাৰৰ সাৰখিনিৰ সন্দৰ্ভত নিশ্চিত তথ্য বিচাৰে।

নগাঁও জিলা কৃষি বিভাগৰ সূত্ৰই জনোৱা মতে, জাগীৰোড আৰক্ষীৰ পৰা আজি পুৱা তেওঁলোকে পত্রখন লাভ কৰাৰ পাছতেই মেচাৰ্ছ বৰা ফার্টিলাইজাৰৰ নগাঁও চহৰৰ কাৰ্যালয় আৰু তেওঁলোকৰ বিভিন্ন গুদাম ঘৰত অভিযান চলাবলৈ যায় যদিও অতি ৰহস্যজনকভাবে সেইসমূহ বন্ধ থকাত সেই অভিযান সফল নহ’ল।

জিলা কৃষি বিভাগৰ সূত্রটোরে আৰু জনোৱা মতে, ৰাজ সাহায্যযুক্ত সাৰ ইখন জিলাৰ পৰা আন এখন জিলালৈ যাব নোৱাৰে। যিখন জিলাৰ কৃষকৰ বাবে আবণ্টন দিয়া হয় সেইখন জিলাৰ কৃষককেই বিতৰণ কৰিব লাগে। আনহাতে, জাগীৰোড আৰক্ষী থানাই ইউৰিয়া সাৰসহ জব্দ কৰা মেচাৰ্ছ বৰা ফার্টিলাইজাৰৰ সাৰ পৰিবহণ কৰা ট্রাকখনৰ চালকজনৰ পৰা আৰক্ষীয়ে যিখন চালান জব্দ কৰিছে সেইখন ছিলঙলৈ গৈ থকা বুলি উল্লেখ আছে।

নগাঁৱত আৱণ্টিত নগঞা কৃষকৰ বাবে বিতৰণ কৰিবলগীয়া ৰাজসাহায্য যুক্ত ইউৰিয়া সাৰৰ চালান ছিলঙলৈ কিয় ইয়াকে লৈ ৰহস্য অধিক ঘনীভূত হৈ পৰিছে। সেয়েহে বিষয়টোক লৈ অধিক সচেষ্ট হৈ পৰিছে আৰক্ষী আৰু নগাঁও জিলা কৃষি বিভাগ। ইপিনে, জাগীৰোড আৰক্ষীয়ে সমগ্র ঘটনা সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতাৰ ৩৬১/৩১৬ (৩)/৩১৮ (৪) অধীনত ১৩৬/২০২৪ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।

আনহাতে, অবৈধভাবে ৰাজ সাহায্যযুক্ত সাৰ কঢ়িয়াই নিয়া বৰা ফার্টিলাইজাৰৰ ট্ৰাকখনৰ ধৃত চালকজনক আদালতত হাজিৰ কৰাই জেললৈ প্ৰেৰণ কৰিছে। ইপিনে, আৰক্ষী আৰু কৃষি বিভাগে এই পর্যন্ত মেচাৰ্ছ বৰা ফার্টিলাইজাৰৰ স্বত্বাধিকাৰীক যোগাযোগ কৰিব পৰা নাই আৰু বিগত দুটা দিন ধৰি এই পাইকাৰী সাৰৰ প্ৰতিষ্ঠানটো বন্ধ আছে বুলি জানিব পৰা গৈছে।

জাগীৰোডত জব্দ কৰা সাৰৰ তথ্য বিচাৰি আৰক্ষী আৰু কৃষি বিভাগে দুটা দিন ধৰি হাবাথুৰি খাই আছে যদিও বৰা ফার্টিলাইজাৰৰ ভূমিকাই সমগ্র বিষয়টো ৰহস্যৰ সৃষ্টি কৰিছে। তাৎপর্যপূর্ণভারে কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে জাগীৰোডত জব্দ হোৱা সাৰৰ ঘটনাই ৰাজ্যত চলি থকা সাৰৰ চোৰাং ব্যৱসায়ৰ তথ্য উন্মোচিত কৰিছে। আৰক্ষী আৰু কৃষি বিভাগে এই ঘটনাৰ সঠিক তদন্ত কৰিলে জোলোঙাৰ মেকুৰী ওলাই পৰিব।

উল্লেখ্য যে, নগাঁও চহৰৰ হয়বৰগাঁৱৰ ৰেক পইণ্টৰ পৰা দীর্ঘদিন ধৰি এই ৰাজসাহায্যযুক্ত সাৰৰ নামত জনৈক বৰা উপাধিৰ এইজন সাৰৰ পাইকাৰী বিক্রেতাৰ নেতৃত্বত চলি অহা এই সাৰৰ ছিণ্ডিকেটৰ পৰাই কলা বজাৰলৈ সাৰৰ আমদানি ঘটি আহিছে যদিও জিলা কৃষি বিভাগে গোপন বুজাবুজিৰে এইক্ষেত্ৰত নীৰৱ ভূমিকা গ্রহণ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখ্য যে, নগাঁও জিলাত বছৰ বছৰ ধৰি কৃষক ৰাইজৰ বাবে আৱণ্টিত চৰকাৰী ৰাজসাহায্যযুক্ত সাৰৰ চোৰাং বেহা অব্যাহত আছে। কৃষকৰ বাবে আবণ্টিত ৰাজসাহায্য যুক্ত সাৰৰ চোৰাং বেহা চলি থকা হেতুকে জিলাখনৰ প্রকৃত কৃষক ৰাইজে প্রয়োজনীয় সাৰৰ বাবে হাবাথুৰি খাবলগীয়া হয়। অথবা তিনি চাৰিগুণ দামত ৰাজসাহায্যযুক্ত সাৰকে ক্ৰয় কৰিবলৈ বাধ্য হৈছে।

নগাঁৱৰ কৃষকৰ বাবে আবণ্টিত সাৰ কৃষকক নিদি অসাধু ব্যবসায়ীয়ে এক চক্ৰৰ জৰিয়তে বহিঃৰাজ্যলৈ আনকি বহিঃৰাষ্ট্ৰলৈ সৰবৰাহ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। অভিযোগ অনুসৰি, অসাধু চক্রটোৱে চৰকাৰী ৰাজসাহায্য যুক্ত ইউৰিয়া সাৰ চোৰাংকৈ নি ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে বহিঃৰাজ্যলৈ সৰবৰাহ কৰে।

Exit mobile version