Union Minister Took Oath as Ex-officio members of Digboi and Makum Municipalities:ডিগবৈ পৌৰসভা আৰু মাকুম পৌৰসভাৰ পদেন সদস্য হিচাপে শপতগ্রহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ডিব্ৰুগড় লোকসভা সমষ্টিক উন্নয়নৰ এক নতুন শিখৰত উপনীত কৰোৱাটো মোৰ দৃঢ় লক্ষ্য: সোণোৱাল

oath scaled

Union Minister Took Oath as Ex-officio members of Digboi and Makum Municipalities:

কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে আজি ডিগবৈ আৰু মাকুম পৌৰসভাৰ পদেন সদস্য হিচাপে শপতগ্ৰহণ কৰে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ হিচাপে নির্বাচিত হৈয়ে সক্রিয় ভূমিকা পালন কৰা সৰ্বানন্দ সোণোৱালে লোকসভা সমষ্টিটোৰ সৰ্বাংগীণ উন্নয়নৰ হকে তেখেতৰ দূৰদৰ্শী দৃষ্টিভংগী দাঙি ধৰে।

সৰ্বানন্দ সোণোৱালে আজি কয়, স্বাধীনতাৰ আগৰে পৰাই অবিভক্ত ডিব্ৰুগড় জিলা ভাৰতৰ আটাইতকৈ ধনী জিলাবোৰৰ ভিতৰত এখন আছিল য’ত চাহ, কয়লা, কাঠ, পেট্ৰ’লিয়ামকে ধৰি বিভিন্ন সম্পদ প্ৰচুৰ পৰিমাণে পোৱা গৈছিল। স্বাধীনতাৰ পাছত কংগ্ৰেছ চৰকাৰৰ প্ৰণালীবদ্ধ অৱহেলাৰ বাবে ডিব্ৰুগড় ক্ৰমান্বয়ে চৰকাৰৰ অগ্ৰাধিকাৰৰ পৰা বাদ পৰি যায়। পূৰ্বৰ বাজপেয়ীৰ চৰকাৰ আৰু বৰ্তমানৰ মোদী চৰকাৰৰ নেতৃত্বতে এই অঞ্চলটোলৈ আকৌ আগৰ পৰিৱেশ ঘূৰি আহিছে।

এতিয়া ডিব্ৰুগড় দোপতদোপে আগবাঢ়ি গৈছে। ৰে’লপথ, স্থলপথ, আকাশীপথ আৰু জলপথৰ আমূল পৰিৱৰ্তন সাধন হৈছে, ডিব্ৰুগড়ৰ ঔদ্যোগীকৰণ আৰু যুৱপ্ৰজন্মৰ সংস্থাপনৰ দিশটোৱেও যথেষ্ট গতিশীলতা লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ডিব্ৰুগড় লোকসভা সমষ্টিৰ উন্নয়নে এক নতুন শিখৰত আৰোহণ কৰিব ধৰিছে। এয়া সবকা সাথ, সবকা বিকাশৰ এক নিদর্শন।

ডিগবৈ পৌৰসভা আৰু মাকুম পৌৰসভাই অঞ্চল দুটিৰ সর্বাংগীণ উন্নতি আৰু আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে সবল পদক্ষেপ গ্ৰহণ কৰি আহিছে। ঐতিহ্যমণ্ডিত অঞ্চল দুটিৰ বিকাশত আমাৰ চৰকাৰে যথেষ্ট অগ্ৰাধিকাৰ দিছে। ডিগবৈ পৌৰসভাই ৰাষ্ট্ৰীয় পৰ্যায়তো প্রশংসা লাভ কৰিছে। এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ শোধনাগাৰৰ ক্ষমতা বৃদ্ধিৰ বাবে আমি অহোপুৰুষাৰ্থ কৰি আহিছিলোঁ। কিন্তু পূৰ্বৰ চৰকাৰৰ সদিচ্ছা আৰু দূৰদৰ্শিতাৰ অভাৱতেই শোধনাগাৰটোৰ ক্ষমতা বৃদ্ধিৰ দিশটো অৱহেলিত হৈ ৰৈছিল।  প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ গুৰুত্ব আৰু ঐতিহ্য উপলব্ধি কৰিয়েই ডিগবৈ শোধনাগাৰৰ ক্ষমতা ০.৬৯ নিযুত টনৰ পৰা ১ নিযুত টনলৈ বৃদ্ধি কৰাৰ ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে।, সোণোৱালে ভাষণ প্রসংগত কয়।

তেখেতে উল্লেখ কৰে, ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তর্গত আটাইকেইটা বিধানসভা সমষ্টিকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জাতি-জনগোষ্ঠীক লগত লৈ আমি আগুৱাই যাম উন্নয়নৰ নতুন দিগন্ত অভিমুখে। যুৱশক্তি, মহিলাশক্তি, কৃষকশক্তি আৰু আৰ্থিকভাৱে পিছপৰা লোকসকলৰ সর্বাংগীণ বিকাশ হ’ব আমাৰ অগ্ৰাধিকাৰৰ মূল স্তম্ভ। ডিব্ৰুগড়ৰ লগতে অসমৰ সৰ্বাংগীণ আন্তঃগাঁথনিক ক্ষিপ্ৰতৰ কৰি এক নতুন শিখৰলৈ লৈ যোৱাটো আমাৰ দৃঢ় লক্ষ্য। অত্যাধুনিক প্রযুক্তি, বিকাশ, সংস্থাপন আৰু দক্ষতা বিকাশৰ জৰিয়তে যুৱশক্তিৰ সবলীকৰণো আমাৰ অগ্ৰাধিকাৰৰ অন্যতম মুখ্য দিশ, কিয়নো যুৱশক্তিয়েই দেশৰ মহাশক্তি।

বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ সৰ্বস্তৰৰ ৰাইজৰ মৰম-আশিস শিৰত লৈ আমি সমাজৰ শান্তি- সম্প্রীতি, প্রগতি, সমৃদ্ধিৰ বাবে সমর্পিতভাৱে কাম কৰি যাবলৈ বদ্ধপৰিকৰ। ডিব্ৰুগড় লোকসভা সমষ্টিক চাহ পর্যটন, চিকিৎসা পর্যটন আৰু নদী পর্যটন; ঔদ্যোগীকৰণ, কৃষিজাত সামগ্ৰীৰ মসৃণ ৰপ্তানি, জলপথৰ আন্তঃগাঁথনি, ক্রীড়া খণ্ড, দক্ষতা প্রশিক্ষণ আদি বিভিন্ন দিশত নতুন ৰূপত উজলাই তোলাৰ বাবে আমি নিৰলস প্ৰচেষ্টাৰে কাম কৰি যাম। ডিব্ৰুগড় লোকসভা সমষ্টিক যাতে দেশৰ লোকসভা সমষ্টিসমূহৰ ভিতৰত জাকত-জিলিকা কৰি তুলিব পাৰোঁ, তাৰ বাবে আমি আগলৈ এইক্ষেত্রত দ্রুতগতিত পদক্ষেপ গ্ৰহণ কৰি যাম।”

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আজি সংগ দিয়ে প্রাক্তন কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিগবৈৰ বিধায়ক সুৰেন ফুকন, অসম হাউছিং ব’ৰ্ডৰ অধ্যক্ষ পুলক গোহাঁই, তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি কুশকান্ত বড়া, ডিগবৈ পৌৰসভাৰ পৌৰপতি সুদীপ্ত দত্ত চৌধুৰী, মাকুম পৌৰসভাৰ পৌৰপতি বিপাশা বৰা প্ৰমুখ্যে অন্যান্য সতীর্থসকলে।

Exit mobile version