10 Crore youths will get internship opportunities in more than 500 top institutions in the country:দেশৰ পাঁচ শতাধিক শীৰ্ষস্থানীয় প্ৰতিষ্ঠানত ১ কোটি যুৱক-যুৱতীক ইণ্টাৰ্ণশ্বিপৰ সুযোগ

ইণ্টাৰ্ণশ্বিপৰ সময়ত দিয়া হ'ব ৫ হাজাৰ টকাকৈ ইণ্টাৰ্ণশ্বিপ ভাত্তা, যুৱক-যুৱতীক ৬ হাজাৰ টকাৰ এককালীন ভাত্তাও দিয়াৰ ঘোষণা বিত্তমন্ত্ৰীৰ

badget666

10 Crore youths will get internship opportunities in more than 500 top institutions in the country:

দেশৰ তৰুণ যুৱক- যুৱতীৰ বাবে এটা ভাল খবৰ কঢ়িয়াই আনিছে আজি সংসদত দাখিল হোৱা ২০২৪-২৫ ৰ বাজেটে ৷
১ কোটি যুৱক- যুৱতীৰ বাবে ইণ্টাৰ্ণশ্বিপৰ সুবিধাৰ লগতে কেতবোৰ নতুন প্ৰকল্পৰ কথা আজি বাজেট ভাষণত ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে ৷ সেই অনুসৰি আগন্তুক পাঁচ বছৰত দেশৰ প্ৰায় ৫০০টা প্ৰতিষ্ঠিত প্ৰতিষ্ঠানত ইণ্টাৰ্ণশ্বিপৰ বাবে নিৰ্বাচিত কৰা হ’ব যুৱক-যুৱতীসকলক।

উল্লেখ্য যে,দেশত শেহতীয়াকৈ শিক্ষিত নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ এনে প্ৰেক্ষাপটত নিবনুৱা সমস্যা দুৰীকৰণত ইণ্টাৰ্ণশ্বিপৰ ব্যতিক্ৰমী ব্যৱস্থাই কিছু সকাহ দিব পাৰিব বুলি সচেতন মহলে আশা কৰিছে ৷ ইয়াৰ পূৰ্বে চৰকাৰৰ ব্যৱস্থাপনাত এনে ব্যৱস্থা লোৱা হোৱা নাছিল ৷

মঙলবাৰে সদনত বাজেট উদ্থাপন কৰি দিয়া ভাষণত ইণ্টাৰ্ণশ্বিপৰ কথা উল্লেখ কৰি বিত্তমন্ত্ৰী সীতাৰমনে ঘোষণা কৰি কয়, ইণ্টাৰ্ণশ্বিপ চলি থকা সময়ত ৫ হাজাৰ টকাকৈ ইণ্টাৰ্ণশ্বিপ ভাত্তা আৰু ৬ হাজাৰ টকাৰ এককালীন ভাত্তা পাব যুৱক-যুৱতীসকলে। একেদৰে তেওঁলোকৰ প্ৰশিক্ষণৰ খৰচ বহন কৰিব শীৰ্ষ প্ৰতিষ্ঠানে ৷ আনহাতে,চৰকাৰে কৰ্প’ৰেট ছচিয়েল ৰেচপনচিবিলিটী পুঁজিৰ পৰাও খৰচ কৰিব ধন । উল্লেখ্য যে, এই ইণ্টাৰ্ণশ্বিপৰ জৰিয়তে বাস্তৱ পৰিস্থিতিৰ স’তে পৰিচিত হ’ব যুৱক-যুৱতীসকল। আনকি তেওঁলোকে প্ৰত্যেক মাহে উপাৰ্জনো কৰিব।

আনহাতে যিসকল যুৱক- যুৱতীয়ে প্ৰথমবাৰ বাবে চাকৰিৰ বজাৰত ভৰি ৰাখিব তেওঁলোকৰ বাবেহে এই ইণ্টাৰ্ণশ্বিপৰ সুযোগ লাভ কৰিব। নিবনুৱা সমস্যা দুৰীকৰণত চৰকাৰে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয়, চাকৰিৰ সুযোগ বৃদ্ধি কৰি অৰ্থনীতিৰ উন্নয়নৰ সিদ্ধান্ত লোৱা হৈছে।

একেদৰে আগন্তুক পাঁচ বছৰত যুৱক-যুৱতীসকলৰ দক্ষতা বৃদ্ধিৰ বাবে ধন অনুমোদন কৰা হৈছে। ২০ লাখ যুৱ কৰ্মচাৰীয়ে ইয়াৰ সুবিধা পাব। অনুমোদন কৰা হৈছে ১.৪৮ লাখ কোটি টকা। চৰকাৰে কৰ্মৰত মহিলাসকলৰ বাবে একাধিধ হোষ্টেলৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰি সীতাৰমণে উল্লেখ কৰে যে ইয়াৰ ফলত মহিলাসকলৰ চাকৰিত যোগদানৰ সুবিধা, কৰ্মক্ষেত্ৰত সক্ৰিয় অংশগ্ৰহণ প্ৰতি আগ্ৰহী হ’ব বুলি আশা কৰে ৷

Exit mobile version