NCERT texts Hargga became ‘Indus-Saraswati’ civilization, excluding Caste Distinctions:এনচিইআৰটিৰ গ্ৰন্থত হৰগ্গা হ’লগৈ ‘সিন্ধু- সৰস্বতী’ সভ্যতা, বাদ পৰিল বৰ্ণভেদ

indus

NCERT texts Hargga became ‘Indus-Saraswati’ civilization, excluding Caste Distinctions:

অলপতে এনচিইআৰটিয়ে নতুন পাঠ্যপুথি প্ৰকাশ কৰিলে। এনচিইআৰটিৰ নতুন পাঠ্যপুথিৰ পৰা ভাৰতত বর্ণভেদ প্রথা অধ্যায় কর্তন কৰা হ’ল। জাতিভেদ সন্দৰ্ভত বাবাচাহেব আম্বেদকাৰৰ অভিজ্ঞতাৰ অধ্যায়ো বাদ পৰিল। লগতে নতুন পাঠ্যপুথিত হৰপ্পা সভ্যতাৰ নাম সলনি কৰি ‘সিন্ধু-সৰস্বতী সভ্যতা’ বুলি উল্লেখ কৰা হৈছে।

নৰেন্দ্ৰ মোদীৰ শাসনকালত এনচিইআৰটিৰ পাঠ্যক্ৰমত সঘন সালসলনিৰ অভিযোগ উত্থাপন হৈ আহিছে। এইবাৰ এই দিশত এখোজ আগুৱাই গৈ সুপ্রাচীন হৰপ্পা সভ্যতাৰ নাম সলনি কৰি ‘সিন্ধু-সৰস্বতী’ সভ্যতা ৰখা হ’ল।

তদুপৰি আন একাধিক অধ্যায়ো এনচিইআৰটিয়ে নতুন পাঠ্যক্ৰমত সলনি কৰিলে। মৌয্য সাম্রাজ্য, ৰজা অশোক, অৰ্থশাস্ত্ৰৰ দৰে বিভিন্ন বিষয়ো নতুন পাঠ্যপুথিত বাদ পৰিল।

Exit mobile version