Union Budget Sarbananda Sonowal Reaction:কেন্দ্রীয় বাজেট ২০২৪এ ‘বিকশিত ভাৰত’ৰ যাত্রাক নৱৰূপ দিব আৰু সামগ্রিক বিকাশৰ ৰোডমেপ ত্বৰান্বিত কৰিব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

SONOWALOOO

Union Budget Sarbananda Sonowal Reaction

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে আজি কেন্দ্রীয় বাজেট, ২০২৪ক আদৰণি জনায়। কেন্দ্রীয় বাজেট, ২০২৪ক ‘দূৰদৰ্শী দস্তাবেজ’ বুলি অভিহিত কৰি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “কেন্দ্রীয় বাজেট ২০২৪এ ‘বিকশিত ভাৰত’ৰ যাত্রাক নৱৰূপ দিব আৰু সামগ্রিক বিকাশৰ ৰোডমেপ ত্বৰান্বিত কৰিব।

এই দূৰদৰ্শী বাজেটৰ উদ্দেশ্য হৈছে গৰীব (দৰিদ্ৰ), মহিলা, যুৱপ্ৰজন্ম আৰু অন্নদাতা (কৃষক)ক শক্তিশালী কৰা যাতে উন্নয়নৰ সর্বাংগীণ প্রক্রিয়া দেশৰ প্ৰতিজন নাগৰিকৰ ওচৰলৈ যায়। এই বাজেটত ৯টা অগ্ৰাধিকাৰৰ সৈতে অতুলনীয়ভাৱে প্ৰস্তুত কৰা চাৰিটা বিষয়বস্তুয়ে সমাজৰ সকলো শ্রেণীক লাভান্বিত কৰিব। এই দূৰদৰ্শী বাজেট উপস্থাপন কৰাৰ বাবে দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিত্তমন্ত্রী নির্মলা সীতাৰমণকো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই দূৰদৰ্শী দস্তাবেজখনে নিযুক্তি, দক্ষতা বিকাশ, এমএছএমই,কৃষি আৰু বিনিয়োগৰ লগতে বিভিন্ন খণ্ডত অর্থনৈতিক বিকাশৰ দিশত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।

বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ সন্দৰ্ভত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “বাজেটখনে ভাৰতৰ জাহাজ পৰিবহণ, ক্রুজ, জাহাজ নির্মাণ আৰু জাহাজ মেৰামতি উদ্যোগ যথেষ্ট বৃদ্ধি কৰাত অৰিহণা যোগাব, যাৰ ফলত ব্যাপক নিযুক্তিৰ পথ সৃষ্টি হ’ব, ৰপ্তানি বৃদ্ধি হ’ব ৷

কেন্দ্রীয় বাজেট ২০২৪ত উল্লিখিত উত্তৰ-পূবৰ বাবে উন্নয়নমূলক ব্যৱস্থা সন্দৰ্ভত সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত উত্তৰ-পূব ভাৰতে দেশৰ নতুন যুগৰ অৰ্থনৈতিক বিকাশৰ বাবে অষ্টলক্ষ্মী হিচাপে ইয়াৰ সম্ভাৱনা উপলব্ধি কৰি আগবাঢ়ি আহিছে। সমগ্র অঞ্চলটোত ইণ্ডিয়া পোষ্ট পেমেন্ট বেংকৰ ১০০টাতকৈও অধিক শাখা উপলব্ধ কৰা হ’ব, যাৰ ফলত উত্তৰ-পূবৰ বেংকিং খণ্ডটোৱে আন এক নতুন শিখৰত উপনীত হ’বলৈ সাজু হৈছে। ইয়াৰ জৰিয়তে সমগ্ৰ অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ লোক বিত্তীয় অন্তর্ভুক্তিৰ পৰিসৰৰ ভিতৰত আহিব, যাতে তেওঁলোকে বেংকৰ

জৰিয়তে পোনপটীয়াকৈ চৰকাৰী লাভালাভ প্রাপ্ত কৰিব পাৰে। তদুপৰি জনজাতীয় সংখ্যাগৰিষ্ঠ গাঁও আৰু আকাংক্ষিত জিলাৰ জনজাতীয় পৰিয়ালসমূহৰ জীৱনধাৰণৰ উন্নত মান নিশ্চিত কৰি প্রধানমন্ত্রী জনজাতীয় উন্নত গ্রাম অভিযান কাৰ্যকৰী কৰা হ’ব। এই কাৰ্যসূচীৰ দ্বাৰা ৬৩,০০০ৰো অধিক গাঁৱৰ ৫ কোটিৰো অধিক জনজাতীয় লোক উপকৃত হ’ব।

কেন্দ্রীয় বাজেটত প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহৰ দ্বাৰা সৃষ্ট বানপানীৰ গুৰুতৰ সমস্যাৰ বিষয়েও উল্লেখ কৰা হৈছে আৰু অসমত বান ব্যৱস্থাপনা তথা সম্পর্কিত প্ৰকল্পসমূহৰ বাবে যাৱতীয় সহায়ৰ ব্যৱস্থা ঘোষণা কৰিছে। ইয়ে অসমত এক বৃহৎ সকাহ প্ৰদান কৰিব বুলি আমি আশাবাদী। অসমৰ জনসাধাৰণৰ দাবীৰ প্ৰতি সম্মান জনাই এই পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মই অসমবাসীৰ হৈ প্রধানমন্ত্রীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷

Exit mobile version