Pineapple cultivation is a self-sufficient farmer in Garemari village of Rangjuli:আনাৰস খেতিৰে স্বাৱলম্বী ৰংজুলিৰ গৰেমাৰী গাঁৱৰ কৃষক

কৃষকে বছৰি উপাৰ্জন কৰিছে ৫০ হেজাৰ টকাৰ পৰা পাঁচ লাখ টকা পর্যন্ত

pineapple 1

Pineapple cultivation is a self-sufficient farmer in Garemari village of Rangjuli:

গোৱালপাৰা জিলাৰ ৰংজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত গৰেমাৰী গাঁও বৰ্তমান মিঠা আৰু সুস্বাদু আনাৰসৰে ভৰি পৰিছে। ৰংজুলি চহৰৰ পৰা দক্ষিণ-পূব ফালে প্রায় চাৰি কিলোমিটাৰ দূৰত্বত অৱস্থিত গৰেমাৰী গাঁও। অসম- মেঘালয় সীমান্তত অৱস্থিত গাঁওখনত প্ৰচুৰ পৰিমাণে উৎপাদন হয় আনাৰস।

গাঁওখনৰ শ শ বিঘা ভূমিত কৰা হয় আনাৰসৰ খেতি। গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ পদূলি মুখত এতিয়া আনাৰসৰ দ’ম। গাৰো জনগোষ্ঠীৰ প্রায় ১৩০ টা পৰিয়ালে বসবাস কৰা গাঁওখনৰ প্ৰায় প্রতিটো পৰিয়ালে কৰে আনাৰসৰ খেতি। কোনোরে ১০ বিঘা, কোনোৱে ২০ — বিঘা ভূমিত কৰিছে আনাৰসৰ খেতি। মুঠতে গাঁওখনত প্রায় এহেজাৰ বিঘা ভূমিত আছে আনাৰসৰ খেতি।

বর্তমান বজাৰত বিক্ৰীৰ বাবে সকলোৱে বাগানৰ পৰা আনাৰস ছিঙি ঘৰৰ চোতালত নাইবা পদূলিমুখত দ’ম কৰিছে আনাৰস। তেওঁলোকৰ এৰ উৎপাদিত আনাৰস সাধাৰণতে স্থানীয় ৰংজুলি, ধূপধৰা, ধনুভাঙাৰ বজাৰত বিক্ৰী কৰা হয় যদিও অধিকাংশ আনাৰস গুৱাহাটীৰ বেপাৰী আহি লৈ যায়। তদুপৰি নগাঁও, তেজপুৰ আদি ঠাইলৈও — ৰপ্তানি হয় আনাৰস। মিঠা আৰু সুস্বাদু আনাৰসৰ বাবে গুৱাহাটীৰ বজাৰত গৰৈমাৰীৰ আনাৰসৰ এক সুকীয়া নাম আছে। বর্তমান এযোৰ আনাৰস ৩০ টকাৰ পৰা ৫০ টকা দৰত বিক্ৰী কৰিছে খেতিয়কে।

উল্লেখ্য যে গাঁওখনৰ প্ৰতিটো পৰিয়ালে উপাৰ্জনৰ মূল উৎস হিচাপে বাছনি কৰি লৈছে আনাৰস খেতিক। সেয়ে প্রত্যেকৰ বাৰীতদেখিবলৈ পোৱা যায় কেৱল আনাৰস আৰু আনাৰস। সাধাৰণতে বছৰটোত দুবাৰ উৎপাদন হয় আনাৰস; জুন, জুলাই, আগষ্ট আৰু নৱেম্বৰ, ডিচেম্বৰত। নৱেম্বৰ, ডিচেম্বৰত আনাৰসৰ বিশেষ চাহিদা নাই যদিও জুন, জুলাইত আনাৰসৰ প্ৰচুৰ চাহিদা আছে। এই আনাৰস খেতি কৰিয়ে স্বাৱলম্বী হৈছে গাঁওখনৰ লোকসকল। গাঁওখনৰ গাঁওবুঢ়াৰ পৰা জানিব পৰা মতে, আনাৰস বিক্ৰী কৰি প্ৰতিটো পৰিয়ালে বছৰি ৫০ গাঁওখনৰ আনাৰস খেতিয়ক অর্জুনাথ চাংমাই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা আদর্শ খেতিয়কৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।

পৰিতাপৰ কথা আনাৰস খেতিৰে গ্ৰাম্য অর্থনীতিত বিশেষ ভূমিকা গ্রহণ কৰা গাঁওখনলৈ যোৱাৰ বাবে এতিয়াও যাতায়াত ব্যৱস্থা সুচল নহয়। ৰংজুলিৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দক্ষিণে চাৰি কিলোমিটাৰ দূৰত্বত অৱস্থিত গাঁওখনলৈ যোৱা পথৰ এক কিলোমিটাৰ পথ অতি জৰাজীৰ্ণ। যাৰ বাবে খেতিয়কসকলে উৎপাদিত আনাৰস বজাৰলৈ অনাত যথেষ্ট কষ্ট কৰিবলগীয়া হয়। আনহাতে, বেপাৰীসকলেও গাঁওখনলৈ যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। অৱশ্যে তাৰ পাছতো বেপাৰীসকলে পিকআপ ভান লৈ আনাৰস আনিবলৈ যায়।

গাঁওবাসী ৰাইজে জৰাজীৰ্ণ পথছোৱা পকীকৰণ কৰিবৰ বাবে চৰকাৰ তথা বিভাগীয় কর্তৃপক্ষক দাবী জনাইছে। গাঁওখনলৈ যোৱা পথ সুগম হ’লে আৰু অধিক লাভবান হ’ব পাৰিলেহেঁতেন ৷ উল্লেখ্য যে গাঁওবাসী হেজাৰ টকাৰ পৰা চাৰি-পাঁচ লাখ টকা পর্যন্ত উপার্জন কৰে।

Exit mobile version