Cm Pressmeet In Loksewa Bhawan:ৰাজ্য চৰকাৰৰ তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে লাভ কৰিব পাৰস্পৰিক বুজাবুজি বদলি:মুখ্যমন্ত্ৰী

CM PRESSMEET

Cm Pressmeet In Loksewa Bhawan:

ৰাজ্য চৰকাৰৰ তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে এক ভাল খবৰ কঢ়িয়াই আনিলে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই। শিক্ষকৰ দৰে এতিয়াৰ পৰা ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়েও লাভ কৰিব পাৰস্পৰিক বুজাবুজিৰ ।

শুক্ৰবাৰে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ লোকসেৱা ভৱনত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,মই পূৰ্বতে শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত শিক্ষক সকলে নিজ গৃহ জিলালৈ বদলি হ’বৰ বাবে পাৰস্পৰিক বুজাবুজিৰ নিয়ম অনা হৈছিল ৷

সেই অনুসৰি পৰৱৰ্তী সময়ত এই নিয়মৰ জৰিয়তে শিক্ষক সকল লাভৱান হৈ আহিছে ৷ শিক্ষকৰ লেখিয়াকৈ তৃতীয়- চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবেও অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লয় ৰাজ্য চৰকাৰে ৷ এই নিয়মৰ অধীনত সংশ্লিষ্ট কৰ্মচাৰীদ্বয়ে নিজৰ গৃহ জিলা অথবা ঘৰৰ ওচৰৰ কোনো স্থানলৈ বদলি হ’বলৈ হ’বলৈ হ’লে নিৰ্ধাৰিত প্ৰ-পত্ৰত স্বাক্ষৰ কৰি দিলেই বদলিৰ নিৰ্দেশ লাভ কৰিব ৷ ৰাজ্য চৰকাৰৰ প্ৰৱৰ্তন কৰা এই নিয়মৰ জৰিয়তে লাভৱান হ’ৱ লক্ষাধিক কৰ্মচাৰী ।

মুখ্যমন্ত্ৰী ড’ শৰ্মাই আৰু কয় যে,ৰাজ্য চৰকাৰে অক্টোবৰ-নৱেম্বৰৰ ভিতৰত এক লাখ নিযুক্তি সম্পূৰ্ণ কৰি ২০২৫ৰ মে’ৰ ভিতৰত নতুনকৈ আৰু ৫০হাজাৰ নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে ৷ ইয়াৰ বাবে ইতিমধ্যে যাবতীয় পদক্ষেপ লোৱা হৈছে ৷ নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি একলাখ নিযুক্তিৰ পিছত অহাবৰ্ষৰ মে’ৰ ভিতৰত যি ৫০ হেজাৰ নিযুক্তি দিয়া হ’ব সেইয়া চৰকাৰৰ বাবে আন এক অভিলেখ ৷ একাদিক্ৰমে পৰৱৰ্তী সময়ছোৱাতো চৰকাৰে নিযুক্তি দি যাব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

Exit mobile version