Encounter in Hajo:হাজোত এনকাউন্টাৰ,গুলীবৃদ্ধ কিশোৰী হত্যাকাৰী

হিন্দু কিশোৰীক প্ৰেমৰ জালত পেলাই নৃশংসভাৱে হত্যা কৰা অভিযুক্ত ৰাহুল হুছেইনক এনকাউণ্টাৰ, বাওঁভৰিত গুলীবিদ্ধ হৈ আঘাতপ্ৰাপ্ত ৰাহুল হুছেইনক ভৰ্তি জিএমচিএইছত

hajo 2

Encounter in Hajo

অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীৰ পুনৰ এনকাউণ্টাৰ। কামৰূপ জিলাৰ হাজোৰ ভৈল্যাবড়ীত নিশা আৰক্ষীৰ গুলীচালনা।কিশোৰী হত্যাকাৰী ৰাহুল আলীলৈ হাজোৰ আৰক্ষীৰ গুলী ৷ আৰক্ষীৰ গুলীত বাওঁভৰিত গুলীবিদ্ধ হৈ আঘাতপ্ৰাপ্ত ৰাহুল হুছেইনক নিশাই ভৰ্তি কৰা হয় জিএমচিএইছত ৷

উল্লেখ্য যে,ৰাহুল হুছেইনে প্ৰেমৰ জালত পেলাই হাজোৰ এগৰাকী হিন্দু কিশোৰীক হত্যা কৰি পথাৰৰ কালৰ্ভাটত পেলাই থৈছিল নিথৰ দেহটো ৷ তাৰ পিছৰে পৰা পলাতক হৈ আছিল অপৰাধীটো৷ কিন্ত হাজো আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি চাংসাৰিত আত্মগোপন কৰি থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰে দেওবাৰে নিশা ৷

আনহাতে হত্যাকাণ্ডত ব্যৱহ্ত ৰাহুল আলীৰ মটৰ চাইকেল খনো উদ্ধাৰ কৰি থানালৈ নি থকা সময়তে হঠাতে পলায়নৰ চেষ্টা চলাই ঘাতক ৰাহুল আলী ৷ আৰক্ষীয়ে ৰবলৈ কয় যদিও কোনো কৰ্ণপাত নকৰাত আৰক্ষীয়ে গুলীচালনা কৰে ৷ বৰ্তমান বাঁওভৰিত গুলীবৃদ্ধ ৰাহুল আলী জিএমচিএইছত ভৰ্তি ৷

Exit mobile version