Three Newly Appointed Vice-Chancellor were sworn in at the Raj Bhavan:ৰাজভৱনত শপত ল’লে নৱ নিযুক্ত তিনি উপাচাৰ্যই

gu 1 1

Three Newly Appointed Vice-Chancellor were sworn in at the Raj Bhavan:

গুৱাহাটী বিশ্ববিদ্যালয় সহ আন দুই বিশ্ববিদ্যালয়ৰ সদ্য নিযুক্ত তিনি উপাচাৰ্যই সোমবাৰে শপত গ্ৰহণ কৰে ৷ ৰাজভৱনত ৰাজ্যপাল তথা বিশ্ববিদ্যালয় কেইখনৰ আৰ্চায গোলাপ ছান্দ কাটাৰীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: ননীগোপাল মহন্তক শপতবাক্য পাঠ কৰাই ।

ইয়াৰ পিছতে শপত লয় বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ধনপতি ডেকা আৰু হোজাইৰ ৰবীন্দ্রনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মানৱেন্দ্ৰ দত্ত চৌধুৰীয়ে ।

উল্লেখ্য যে ড: ননীগোপাল মহন্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ অধ্যাপক ৰূপে নিয়োজিত থকাৰ পূৰ্বে অসম চৰকাৰৰ শিক্ষা বিভাগৰ শিক্ষা উপদেষ্টা ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ একেদৰে ধনপতি ডেকা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰধান অধ্যাপক আৰু মানৱেন্দ্ৰ দত্ত চৌধুৰী শিলচৰস্থ অসম বিশ্ববিদ্যালয়ত গুৰু অধ্যাপক হিচাপে কৰ্মৰত আছিল ৷ তিনি বিশ্ববিদ্যালয়ৰ নব নিযুক্ত উপাচাৰ্য্যৰ শপত গ্ৰহণ অনুষ্ঠানত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগু সহ জ্যেষ্ঠ আমোলা উপস্থিত থাকে ।

Exit mobile version