Incident in pobitora wildlife sanctuary: পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত অঘটন

হাতীৰ আক্ৰমণত কৰুণ মৃত্যু মাউতৰ

elephant 2

Incident in pobitora wildlife sanctuary:

মৰিগাঁও জিলাৰ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত অঘটন ৷ অভয়াৰণ্য খনৰ পোহনীয়া হাতী এটাই হঠাতে আক্ৰমণ কৰাত প্ৰাণ গ’ল মাউতৰ । এই ঘটনা সংঘটিত হয় বুধবাৰে ৷

বিক্ৰম নামৰ পোহনীয়া হাতীটোৱে আক্ৰমণ কৰে হাতীটোকে আপডাল কৰি থকা মাউতজনক। নিহত মাউতজনৰ নাম হীৰা কুমাৰ।  ঘৰ দৰঙত ।

উল্লেখ্য যে শেহতীয়া পবিতৰাত হোৱা বানৰ বাবে অভয়াৰণ্য খনৰ এঘাৰটাকৈ পোহনীয়া হাতী ৰখা হৈছিল মায়ং পাহাৰত ৷ ইয়াতে আজি সংঘটিত হয় উক্ত ভয়ংকৰ ঘটনাটো ৷

Exit mobile version