Compensation to families of five martyrs killed in fake army clashes after 30 years:ন্যায়ালয়ৰ নিৰ্দেশত ভুক্তভোগীৰ পৰিয়ালৰ একাউণ্টত সোমাল ক্ষতিপূৰণৰ ২০ লাখকৈ

অপৰাধী বিষয়াই শাস্তি নোপোৱাত ক্ষোভ, ৩০ বছৰৰ মূৰত সেনাৰ ভুৱা সংঘৰ্ষত মৃত পঞ্চ ছহিদৰ পৰিয়ালক ক্ষতিপূৰণ

jagdish

Compensation to families of five martyrs killed in fake army clashes after 30 years:

১৯৯৪ৰ ১৮ ফেব্ৰুৱাৰীৰ পুৱতি নিশা তিনিচুকীয়াৰ ডাঙৰী অঞ্চলৰ পাঁচজন নিৰীহ যুবকক শোৱাপাটীৰ পৰা আটক কৰি নি আলফা সদস্য সজাই ২২ ফেব্ৰুৱাৰীত ভুৱা সংঘৰ্ষৰে ভাৰতীয় সেনাৰ ১৮ নম্বৰ পঞ্জাৱ ৰেজিমেণ্টৰ কেইজনমান বিষয়া- জোৱানে হত্যা কৰিছিল। সুদীর্ঘ সময়ৰ অন্তত সেনাৰ চাৰিজনীয়া বিচাৰপীঠে ২০১৮ৰ ১৩ অক্টোবৰত ভুৱা সংঘর্ষত জড়িত থকা পঞ্জাৱ ৰেজিমেন্টৰ সাতজন বিষয়া-জোৱানক যাৱজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল।

সমান্তৰালভাৱে ন্যায়ালয়ে নির্দেশত ৩০ বছৰৰ পাছত এই ঘটনাৰ ভুক্তভোগী তথা পঞ্চ ছহিদ প্রবীণ সোণোৱাল, প্রদীপ দত্ত, দেৱজিৎ বিশ্বাস, অখিল সোণোৱাল আৰু ভৱেন মৰাণৰ পৰিয়ালক ক্ষতিপূৰণৰূপে কালি ভাৰত চৰকাৰে নিৰ্যাতিত পৰিয়ালকেইটাৰ বেংক একাউন্টলৈ ২০ লাখকৈ টকা আদায় দিয়ে।

উল্লেখ্য যে ৰাজ্য কঁপাই যোৱা এই ঘটনাত সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ উপ- সভাপতি তথা বৰ্তমানৰ অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। ন্যায়ালয়ে গোচৰটোৰ স’তে জড়িত প্রত্যক্ষদর্শী আৰু চৰকাৰী-বেচৰকাৰী সকলো পক্ষৰ সাক্ষ্য গ্রহণ কৰাৰ পাছত ২০০০ত চিবিআইক গোচৰটোৰ তদন্ত অর্পণ কৰিছিল। ন্যায়ালয়ৰ নিৰ্দেশ মর্মে চিবিআইয়ে আৰচি-৪ (এছ) ২০০০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত চলাই সাতজন সেনা বিষয়া- জোৱানক দোষী সাব্যস্ত কৰি ডেৰবছৰৰ ভিতৰতে তদন্তৰ চূড়ান্ত প্রতিবেদন গুৱাহাটী উচ্চ ন্যায়ালয় আৰু সেনা প্রধানৰ ওচৰত দাখিল কৰিছিল।

পৰৱৰ্তী সময়ত চিবিআইৰ প্ৰতিবেদনৰ ভিত্তিত দোষী সেনা বিষয়া- জোৱানৰ বিৰুদ্ধে বিচাৰ চলাবলৈ ইষ্টার্ণ আৰ্মীৰ দিনজানস্থিত ক’ৰ্ট মার্শাল ক’ৰ্টত চাৰিজনীয়া বিচাৰপীঠক নিয়োগ কৰে সেনাৰ বিশেষ ক্ষমতা কমিটীয়ে। শেষত দোষী সাতজন বিষয়া-জোৱানক সেনাৰ কৰ্টে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল। ইয়াৰ পাছতে ভুক্তভোগী পৰিয়াল কেইটাক ন্যায়ালয়ৰ নিৰ্দেশত ভাৰত চৰকাৰে ২০ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰে বুলি গুচৰীয়া ভূঞাই আজি মন্তব্য কৰি কয় যে ৩০ বছৰ পূৰ্বে আৰম্ভ কৰা ন্যায়িক। যুঁজখনৰ অন্ত পৰিল।

যোৱা বছৰৰ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ে এক ৰায়যোগে আক্রান্ত পৰিয়ালকেইটাৰ প্রতিটোকে ২০ লাখকৈ টকাৰ ক্ষতিপূৰণ দিবলৈ ভাৰত চৰকাৰক নির্দেশ দিছিল। সেই মর্মে কালি পৰিয়ালকেইটাৰ বেংক একাউন্টত ভাৰত চৰকাৰে এই ক্ষতিপূৰণ আদায় দিয়ে। উল্লেখ্য যে নিৰীহ যুৱককেইজনৰ ওপৰত সেনাৰ বিষয়া-জোৱান কেইজনে চলোৱা নির্যাতন ইমানেই ভয়ংকৰ আছিল যে কোনোবাজনৰ যদি চকু ফুটাই দিয়া হৈছিল, কোনোবাজনৰ আঁঠুৰ ঘিলা ভাঙি দিয়া হৈছিল। আন কোনোবাজনৰ জিভা কাটি দিয়া হৈছিল। এই ঘটনাৰ আইনী যুঁজৰ সমান্তৰালভাৱে ঘটনাৰ উচিত তদন্ত আৰু দোষী সেনা বিষয়া-জোৱানৰ শাস্তি আৰু পৰিয়ালক ক্ষতিপূৰণৰ দাবীত এক দীঘলীয়া সংগ্রাম চলাই নিছিল সদৌ অসম ছাত্র সন্থাই।

যাৰ ফলত সুদীর্ঘ দিনৰ অন্তত ন্যায়ালয়ৰ হস্তক্ষেপত পৰিয়ালকেইটা ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হয়। আনহাতে, সেনাবাহিনীৰ মেজৰ জেনেৰেল এ কে লালসহ সাতজন বিষয়া-জোৱানক দোষী সাব্যস্ত কৰা হৈছিল যদিও তেওঁলোকক শাস্তিৰ পৰা ৰেহাই দিয়া হ’ল বুলি গুচৰীয়া ভূঞাই মন্তব্য কৰি কয় যে দেশৰ গণতন্ত্ৰৰ মাদকতা এয়াই যে যুঁজি থাকিলে এদিন নহয় এদিন ন্যায় পোৱা যায়; কিন্তু হত্যাকাৰী সেনা বিষয়া কেইজনক আদালতে শাস্তিৰ পৰা ৰেহাই দিলে। আচলতে তেওঁলোকে ৰেহাই পাব নালাগিছিল। সেই দুখটো থাকি গ’ল বুলি তেওঁ কয়।

Exit mobile version