Landslide in Guwahati’s Sarania Hills:মহানগৰীৰ পুনৰ ভূমিস্খলন

শৰণীয়া পাহাৰত সংঘটিত হয় ভূমিস্খলন, ভূমিস্খলনৰ বাবে ভাবুকি আহিছে গান্ধীৰ মণ্ডপলৈ

gandhi mandap 1

Landslide in Guwahati’s Sarania Hills:

মহানগৰীত পুনৰ ভূমিস্খলন ৷ যোৱা দুদিন ধৰি অব্যাহত থকা কিনকিনিয়া বৰষুণৰ ফলত শৰণীয়া পাহাৰত শণিবাৰে সংঘটিত হয় ভূমিস্খলন ৷

পাহাৰ পৰা মাটি খহি পৰিছে মণ্ডপলৈ যোৱা মূল পথত। যাৰবাবে ভূমিস্খলনৰ বাবে গান্ধী মণ্ডপলৈ আহিছে ভাবুকি।নেৰানেপেৰা বৰষুণ দিলেই যিকোনো মুহূৰ্ততে ভয়াৱহ ভূমিস্খলনৰ আশংকা নুই কৰিব নোৱাৰি ৷

উল্লেখ্য যে বিগত কে’বা মাহত মহানগৰীৰ পাহাৰীয়া অঞ্চলত সংঘটিত হোৱা ভূমিস্খলনত বাসগৃহ ধ্বংসস্তুপত পৰিণত হোৱাৰ লগতে মৃত্যু এগৰাকী কণমানি কন্যা শিশু সহ এটি কিশোৰ ৷ মহানগৰ প্ৰশাসনে ভূমিস্খলন হ’ব পৰা কে’বাটাও অঞ্চল চিহ্নিত কৰি অঞ্চলবাসীক নিৰাপদস্থানলৈ যাবলৈ আহ্বান জনাইছিল ৷

মনকৰিবলগীয়া যে,মহানগৰীত মুষলধাৰ বৰষুণ দিলে পাহাৰীয়া অঞ্চলত ভূমিস্খলন হোৱাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷

 

Exit mobile version