Ajp:চুবুৰীয়া দেশৰ পৰিস্থিতিক লৈ অসমতো উদ্বিগ্নতা, অসম-বাংলা সীমান্ত ছীল নোহোৱাৰ সুযোগ মৌলবাদী-অনুপ্ৰৱেশকাৰীয়ে লোৱাৰ আশংকা

বাংলাদেশৰ অস্থিৰতাৰ সুযোগত অসমলৈ হ'ব পাৰে অনুপ্ৰৱেশ, সীমান্তৰ নিৰাপত্তা কটকটীয়া কৰাৰ আহ্বান জাতীয় পৰিষদৰ

lurin 1

Ajp:

চুবুৰীয়া দেশ বাংলাদেশত গণ বিদ্ৰোহত সেও মানি দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই পদত্যাগ কৰি ভাৰতলৈ পলাই অহাৰ পিছত ভাৰত-বাংলা সীমান্তৰ নিৰাপত্তা ব্যৱস্থা পৰ্যালোচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে অসম জাতীয় পৰিষদে ৷ দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে দেশখনৰ অশান্ত পৰিস্থিতিৰ সুযোগ লৈ সেই দেশৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশ তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে ৷

সেয়ে ভাৰত-বাংলা সীমান্তৰ, বিশেষকৈ অসমৰ সৈতে সংলগ্ন সীমা এলেকাৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা প্ৰয়োজন ৷ জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দলটোৰ মতে, বাংলাদেশৰ শেহতীয়া গণবিদ্ৰোহৰ সৈতে যিকেইটা শক্তি জড়িত হৈ আছে, তাৰ ভিতৰত ভাৰত বিৰোধী সাম্প্ৰদায়িক সংগঠনো আছে ৷

উক্ত শক্তিসমূহে পূৰ্বে ভাৰতৰ পশ্চিম বংগ আৰু অসমত সন্ত্ৰাসবাদী সংযোগ স্থাপন কৰাৰ বহু উদাহৰণ আছে ৷ একেদৰে, ভাৰতত কা’ আইন প্ৰয়োগে সুযোগ দিয়া বাংলাদেশী নাগৰিকেও অসমলৈ গুছি অহাৰ সম্ভাৱনা বিদ্যমান ৷ এনে দুয়ো ধৰণৰ অনু্প্ৰৱেশ প্ৰতিৰোধ কৰাটো জৰুৰী ৷

জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে বিবৃতিটোত কয় যে বিজেপি দলৰ চৰকাৰে প্ৰতিশ্ৰুতি দিও অসম-বাংলাদেশ সীমা ছীল নকৰিলে, সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ সম্পূৰ্ণ নকৰিলে, অসম চুক্তি অনুসৰি বিদেশী চিনাক্ত আৰু বহিষ্কৰণ নকৰিলে ৷

একেদৰে এন আৰ চি উন্নীতকৰণৰ কাম সম্পূৰ্ণ নকৰা আৰু নাগৰিকত্ব সংশোধনী আইন (কা’) প্ৰয়োগে দেশখনৰ পৰা অসমলৈ অনুপ্ৰৱেশ হোৱাৰ পথ মুকলি কৰি ৰাখিলে ৷ ফলত বাংলাদেশৰ মৌলবাদী, সন্ত্ৰাসবাদী বা ভাৰতত কা’ প্ৰয়োগে সুবিধা কৰি দিয়া বাংলাদেশী লোক, উক্ত তিনিও শ্ৰেণীৰ অনুপ্ৰৱেশ অসমলৈ অবাধে ঘটাৰ বাট মুকলি হৈ আছে ৷

এই ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ তথা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে যোগাযোগ স্থাপনেৰে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দলটোৱে অসমৰ মুখ্যমন্ত্ৰীকো দাবী জনায় ৷

Exit mobile version