Lanslide In Narengi – Sonapur Road:মহানগৰীত পুনৰ সংঘটিত ভূমিস্খলনৰ ঘটনা

আমছিং যোৰাবাটৰ নাৰেংগী-সোণাপুৰ পথত ভূমিস্খলন, পাহাৰৰ শিল-মাটি খহি পলকতে বন্ধ হৈ পৰে পথটো

lanslide

Lanslide In Narengi – Sonapur Road:

মহানগৰীত পুৱাৰে পৰা অব্যাহত থকা বৰষুণৰ মাজত সংঘটিত হ’ল ভূমিস্খলনৰ ঘটনা ৷ কৃত্ৰিম বানত ককবকাই থকা মহানগৰৰ আমছিং যোৰাবাটৰ নাৰেংগী-সোণাপুৰ পথত বৃহস্পতিবাৰে হঠাতে ভূমিস্খলনৰ ঘটনা সংঘটিত হয় ৷

পাহাৰৰ শিল-মাটি খহি পলকতে বন্ধ হৈ পৰে যোৰাবাটৰ নাৰেংগী-সোণাপুৰ পথটো ৷ ইতিমধ্যে ঘটনাস্থলীত প্ৰশাসনৰ উদ্ধাৰকাৰী দল উপস্থিত হৈছে ৷ ইয়াৰ পূৰ্বেও মহানগৰীত সংঘটিত ভূমিস্খলনৰ ঘটনাত এটি কন্যা শিশু সহ এটি কিশোৰৰ কৰুণ মৃত্যু ঘটিছিল ৷

Exit mobile version