All Assam Garia-Maria Deshi Jatiya Parishad :মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰে দিছপুৰস্থিত বাসভৱনত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ নেতৃবৰ্গৰ গুৰুত্বপূৰ্ণ বৈঠক

gariya 1

All Assam Garia-Maria Deshi Jatiya Parishad :

শুক্ৰবাৰে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ আৰু মন্ত্ৰী  জয়ন্ত মল্ল বৰুৱাৰ লগত তেওঁৰ দিছপুৰস্থিত বাসভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।  মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেওঁৰ বাসভৱনত এই বৈঠক অনুষ্ঠিত কৰে।

প্ৰায় ডেৰঘন্টা যোৰা আলোচনাত অসমৰ থলুৱা জনগোষ্ঠী গৰিয়া ,মৰিয়া, দেশী আদি জনগোষ্ঠীৰ আৰ্থসামাজিক জৰীপ আৰু পৰিষদৰ দীৰ্ঘদিনীয়া মূল দাবী সমূহৰ ওপৰত বিতং আলোচনা হয়। আলোচনাৰ অন্তত পৰিষদৰ প্ৰায় ৯ দফীয়া দাবীসম্বলিত এখন স্মাৰকপত্ৰ মন্ত্ৰী জনৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে।

বৈঠকত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ  সভাপতি নুৰুল হক,  প্ৰাক্তন সভাপতি তথা মুখ্য উপদেষ্টা ড: চহিৰ ভূঞা , কাৰ্যকৰী সভাপতি ছপিওৰ ৰহমান, সাধাৰণ সম্পাদক আৰিফ উদ্দিন আহমেদ, উপ-সভাপতি চহিদ আলী আহমেদ , সহকাৰী সাধাৰণ সম্পাদক জালাল উদ্দিন আহমেদ, সহকাৰী সাধাৰণ সম্পাদক ছাফিউল হক, যুটীয়া সম্পাদক নুৰুল আমিন, কেন্দ্ৰীয় বিত্ত সম্পাদক জাহিদুৰ ৰহমান আদিকে ধৰি বহুকেইজন কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকে।

পৰিষদৰ মূল দাবী সমূহ:

১) অসমৰ থলুৱা গৰিয়া, মৰিয়া, দেশী আদি জনগোষ্ঠী সমূহক চৰকাৰীভাৱে চিনাক্ত কৰি জনগোষ্ঠীয় প্ৰমাণপত্ৰ প্ৰদানৰ জৰিয়তে জনগোষ্ঠী কেইটাক OBC মৰ্যাদা (MOBC মৰিয়া জনগোষ্ঠীৰ বাদে) প্ৰদান কৰি সাংবিধানিক ভাৱে জনগোষ্ঠীকেইটাক সুৰক্ষিত কৰা। এইক্ষত্ৰত, চৰকাৰী স্বীকৃত অসমৰ থলুৱা গৰিয়া, মৰিয়া, দেশী আদি জনগোষ্ঠীৰ লোকসকলৰ ক্ষেত্ৰত বৰ্তমান ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত তথা বহু প্ৰতীক্ষিত আৰ্থ-সামাজিক মূল্যায়ণ (Socio-Economic Assessment)-ৰ কাম শীঘ্ৰে সম্পন্ন কৰিবলৈ ব্যৱস্হা গ্ৰহণ কৰা, প্ৰথম পদক্ষেপ স্বৰূপে জিলা আয়ুক্তসকলৰ নেতৃত্বত গঠন হ’বলগীয়া জিলা ভিত্তিক উক্ত মূল্যায়ণ সমিতি বিলাক অসমৰ প্ৰতিখন জিলাত শীঘ্ৰে গঠন কৰাৰ দাবী।  মাত্ৰ কেইখনমান জিলাৰ বাদে এতিয়ালৈকে অসমৰ অধিক সংখ্যক জিলাতেই উক্ত জিলা ভিত্তিক মূল্যায়ণ সমিতি সমূহ গঠন কৰা হোৱা নাই।

২) গৰিয়া, মৰিয়া, দেশী জনগোষ্ঠী সমূহৰ দ্ৰুত উন্নয়নৰ বাবে সম্পূৰ্ণ কৰ্তৃত্ব অৰ্পণ কৰি এখন সুকীয়াকৈ নিগম গঠন কৰিব লাগে আৰু এই নিগম সংখ্যালঘূ বিভাগৰ পৰা কৰ্তন কৰি স্বতন্ত্ৰকৈ গঠন কৰাৰ দাবী ।

৩) অসমৰ সমূহ জনজাতি বেষ্টনী অৰ্থাৎ স্বায়ত্বশাসিত অঞ্চল, ট্টাইবেল বেল্ট আৰু ব্লকত এই গৰিয়া, মৰিয়া, দেশী আদি জনগোষ্ঠী সমূহক সুৰক্ষিত জনগোষ্ঠী হিচাপে স্বীকৃতি প্ৰদান কৰাৰ দাবী জনালো।

৪) পশ্চিম অসমত বছৰ বছৰ ধৰি নিষ্পেষিত, অৱহেলিত আৰু বঞ্চিত হৈ থকা দেশী জনগোষ্ঠীৰ দ্ৰুত উন্নয়নৰ বাবে অনতি পলমে দেশী উন্নয়ন পৰিষদ গঠন কৰাৰ দাবী ।

৫) কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত জনসংখ্যা অনুপাতে দেশী আৰু গৰিয়া জনগোষ্ঠীৰ প্ৰতিনিধিৰ আসন সংৰক্ষণ কৰি প্ৰতিনিধিত্বৰ সুযোগ প্ৰদান কৰা।

৬) উক্ত জনগোষ্ঠী সমূহৰ যিসকল লোকৰ ওপৰত দুৰ্ভাগ্যবশতঃ ‘ডি ভোটাৰ’ আৰু বিদেশী নাগৰিকৰ অযথা লেবেল লগাই অসমৰ বিভিন্ন ন্যায়াধীকৰণত গোচৰ ৰুজু হৈ আছে, এই গোচৰসমূহৰ পৰা জনগোষ্ঠীকেইটাৰ সকলোকে বিনাচৰ্তে মুক্ত কৰাৰ দাবী জনালো।

৭) গৰিয়া, মৰিয়া, দেশী আদি জনগোষ্ঠী সমূহৰ ইতিহাস আৰু ঐতিহাসিক সম্পদসমূহৰ লগতে বুৰঞ্জী প্ৰসিদ্ধ গণ্য-মান্য ব্যক্তিসকলৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ সংৰক্ষণ আৰু জনগোষ্টীকেইটাৰ কৃষ্টি-সংস্কৃতি যুগমীয়া কৰাৰ লগতে কীৰ্তিস্থলসমূহৰ উন্নীতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী ।

৮) বি টি আৰ অঞ্চলত উক্ত জনগোষ্ঠীসমূহৰ ভূ-সম্পত্তি ৰক্ষাৰ লগতে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰকে ধৰি সকলোধৰণৰ অস্তিত্ব ৰক্ষাৰ ব্যৱস্থা কৰা ।

(৯) অসমত গৰিয়া, মৰিয়া, দেশী, জোলহা আৰু চৈয়দ জনগোষ্ঠীৰ লোকসকলৰ হ’বলগীয়া ৰাজ্য চৰকাৰৰ প্ৰস্তাৱিত তথা বহু প্ৰতিক্ষীত আৰ্থ-সামাজিক মূল্যায়ণ (Socio-Economic Assessment)-ৰ কাম অতি শীঘ্ৰে চলিত বৰ্ষতে সম্পন্ন কৰিবলৈ দাবী জনায়।

Exit mobile version