Landslide on Barak-Guwahati highway in Meghalaya:
চুবুৰীয়া মেঘালয়ত বিগত কে’বাদিন ধৰি অব্যাহত থকা বৃষ্টিপাতৰ সমান্তৰালভাৱে যোৱা নিশা হোৱা মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যখনৰ কুলিয়াং অঞ্চলত সংঘটিত হয় ভূমিস্খলন ৷
নেৰানেপেৰা বৰষুণৰ ফলস্বৰূপে পাহাৰৰ পৰা বোকা মাটি আৰু শিল খহি ছয় নম্বৰ শিলচৰ-শ্বিলং- গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ ৰূপে পুতি পেলায় ৷ যাৰবাবে সম্পূৰ্ণ বন্ধ হৈ পৰিছে সদাব্যস্ত ছয় নম্বৰ শিলচৰ-শ্বিলং-গুৱাহাটী ৰাষ্ট্ৰীয় পথটো।
আনহাতে পথটোৰে যানবাহনৰ চলাচল ব্যাহত হৈ পৰাৰ ফলত বৰাক উপত্যকা সহ চুবুৰীয়া মিজোৰাম, ত্ৰিপুৰাত এক প্ৰকাৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা আশংকা প্ৰকট হৈ উঠিছে ৷ একেদৰে হঠাতে ভূমিস্খলনৰ বাবে ইতিমধ্যে পথটোত আবদ্ধ হৈ পৰিছে বিভিন্ন সৰু – বৰ যানবাহন সহ যাত্ৰীবাহী বাছ ৷
অৱশ্যে শেহতীয়া খবৰ অনুসৰি পথটো মুকলি কৰিবলৈ মেঘালয়ৰ ইষ্ট জয়ন্তীয়া হিলছ জিলা প্ৰশাসনে গড় কাপ্তানি বিভাগৰ সহযোগত যুদ্ধকালীন তৎপৰতাৰে কাম আৰম্ভ কৰিছে ৷ আশা কৰা অনুসৰি আজিৰ ভিতৰতে পথটো মুকলি হ’ব পাৰে ৷