Union Minister Sarbananda Sonowal:ডিব্ৰুগড় চহৰ আৰু চাবুৱা নগৰ তথা সমীপৱৰ্তী অঞ্চলৰ খহনীয়া, কৃত্রিম বানৰ স্থায়ী সমাধানৰবাবে তৎপৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অর্পণেৰে শ্রদ্ধা জ্ঞাপন সোণোৱালৰ

SONOWAL 1

Union Minister Sarbananda Sonowal:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সর্বানন্দ সোণোৱালে মঙলবাৰে ডিব্ৰুগড় চহৰত উপস্থিত হৈ কৃত্রিম বানে শেহতীয়াকৈ সৃষ্টি কৰা সমস্যা তথা অসুবিধাৰ বিতং বুজ লয়। ইয়াৰ পূৰ্বেও যোৱা ২০ জুলাইত সর্বানন্দ সোণোৱালে সমগ্ৰ ডিব্ৰুগড় চহৰৰ বিভিন্ন অঞ্চল তথা সমীপৱৰ্তী অঞ্চলবোৰ পৰিদৰ্শন কৰি কৃত্রিম বানে সৃষ্টি কৰা সামগ্রিক অৱস্থাৰ বুজ লৈছিল।

সোণোৱালে আজি বগীবিলৰ সমীপৱৰ্তী মোহনাঘাটৰ পৰা আৰম্ভ কৰি আইথানলৈ – অঞ্চলসমূহ ভ্রমণ কৰি স্বচক্ষে খহনীয়া, কৃত্রিম বানে সৃষ্টি কৰা সমস্যা, মথাউৰিৰ অৱস্থা আদি নিৰীক্ষণ কৰে। শেহতীয়া কৃত্রিম বানপানী আৰু খহনীয়াই ডিব্ৰুগড়ত বিস্তৰ প্ৰতিকূলতাৰ সৃষ্টি কৰাৰ ফলত স্বাভাৱিক জনজীৱনত প্ৰভাৱ পৰিছিল। সোণোৱালে ডিব্ৰুগড় চহৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ পুনৰ বুজ লয় আৰু নলা-নৰ্দমাৰ ব্যৱস্থাপনাৰ দিশটোৰ পুনৰ পর্যালোচনা কৰে। জনসাধাৰণক সকাহ দিয়াৰ বাবে এইক্ষেত্রত তৎপৰতাৰে ব্যৱস্থা ল’বলৈ আৰু জাৱৰ নিষ্কাষণৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈও সংশ্লিষ্ট বিষয়াসকলক  নির্দেশ দিয়ে।

সমস্যাবোৰৰ স্থায়ী সমাধানৰ পথ ক্ষিপ্ৰতাৰে প্রশস্ত কৰাত তেখেতে গুৰুত্ব দিয়ে। তেখেতে জনায় যে- আইআইটি গুৱাহাটীয়ে শীঘ্রেই ডিব্ৰুগড়ৰ কৃত্রিম বানৰ কাৰকসমূহ অধ্যয়ন কৰি মাষ্টাৰপ্লেন প্ৰস্তুত কৰিব আৰু চৰকাৰক কাৰিকৰী পৰামৰ্শ তথা সহযোগিতা আগবঢ়াব। এই সন্দৰ্ভত ৰাজ্য চৰকাৰে আইআইটিলৈ লিখিতভাৱে পত্ৰ প্ৰেৰণ কৰাৰ কথা তেখেতে উল্লেখ কৰে। আইআইটি গুৱাহাটীৰ পৰামৰ্শৰ আধাৰত চৰকাৰে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি সোণোৱালে উল্লেখ কৰে।

তদুপৰি তেখেতে কয় যে আৰআইডিবি-ৰ ৩৫০ কোটি টকাৰ প্ৰকল্পৰ কাম শীঘ্ৰেই আৰম্ভ হ’ব, যাৰ যোগেদি খহনীয়া, কৃত্রিম বান ৰোধ, নলাৰ সু-ব্যৱস্থা আদি বিভিন্ন দিশত কাম কৰি সমস্যাবোৰৰ স্থায়ী সমাধানৰ বাবে ব্যৱস্থা লোৱা হ’ব। খহনীয়া ৰোধৰ বাবে জিঅ’ বেগ আদি ব্যৱস্থাৰে কাম চলি আছে বুলিও সোণোৱালে সদৰী কৰে।

আনহাতে চাবুৱা নগৰৰ নৰ্দমা ব্যৱস্থাপনাৰ বাবেও আইআইটি গুৱাহাটীৰ পৰামৰ্শ লোৱা হ’ব বুলি তেখেতে উল্লেখ কৰে, যাতে ডিব্ৰুগড় চহৰ আৰু চাবুৱা নগৰৰ খহনীয়া, কৃত্রিম বান পৰিস্থিতিৰ স্থায়ী সমাধানৰ পথ প্রশস্ত হয় আৰু বহনক্ষম উন্নয়ন ত্বৰান্বিত হয়। এইক্ষেত্রত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে যৌথভাৱে পদক্ষেপ গ্রহণ কৰি যাব বুলি সোণোৱালে মন্তব্য কৰে।

আনহাতে হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ গৌৰৱময় ৭৮তম স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ডিব্ৰুগড় জিলা বিজেপি আৰু যুৱ মৰ্চাৰ উদ্যোগত আয়োজিত বাইক ৰেলী- তিৰংগা যাত্রাত কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰে। তাৰ পূৰ্বে তেখেতে ডিব্ৰুগড়স্থিত শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূর্তিত পুষ্পাঞ্জলি অর্পণেৰে শ্ৰদ্ধা জ্ঞাপন কৰে। তেখেতে উল্লেখ কৰে, “দেশৰ স্বাধীনতা সংগ্রামত শ্বহীদ কুশল কোঁৱৰৰ অতুলনীয় ত্যাগ, সাহস আৰু সক্রিয় ভূমিকা ~ এক অবিস্মৰণীয় অধ্যায়। ডিব্ৰুগড়ত ‘তিৰংগা যাত্ৰা’ত ভাগ লোৱাৰ পূৰ্বে মহান শ্বহীদগৰাকীৰ প্ৰতিমূর্তিত সতীর্থসকলৰ সৈতে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। শ্বহীদ কুশল কোঁৱৰৰ স্বদেশপ্রেম আৰু মাতৃভূমিৰ হকে আগবঢ়োৱা সমর্পিত সেৱাই দেশবাসীক উদ্বুদ্ধ কৰি যাব।”

আজি কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকন, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, অসম পেট্র’-কেমিকেলছ লিমিটেডৰ অধ্যক্ষ তথা বিজেপিৰ ৰাজ্যিক সম্পাদক বিকুল ডেকা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্ৰ, উপ-মেয়ৰ উজ্জ্বল ফুকন, ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি উজ্জ্বল কাশ্যপ, যুৱ মৰ্চাৰ জিলা সভাপতি বিদ্যুৎ গগৈ, ডিব্রুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, অসম গণ পৰিষদৰ ৰাজ্যিক উপ-সভাপতি সুনীল ৰাজকোঁৱৰ প্ৰমুখ্যে অন্যান্য বিষয়া সকল।

Exit mobile version