Guwahati Sai Rns Academy:সাই আৰ এন এছ একাডেমীৰ সঞ্চালকৰ বৰ্বৰতা

মাচুলক কেন্দ্ৰ কৰি ছাত্ৰক উপযুপৰি প্ৰহাৰ সঞ্চালকৰ, সঞ্চালকৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত এগৰাকী ১৭ বছৰীয়া ছাত্ৰ

sai acadomi

Guwahati Sai Rns Academy:

মহানগৰীৰ এখন অভিজাত বিদ্যালয়ত সংঘটিত হ’ল চাঞ্চল্যকৰ ঘটনা। বিদ্যালয় খনৰ মাচুলক কেন্দ্ৰ কৰি এজন ১৭ বছৰীয়া ছাত্ৰক উপযুপৰি প্ৰহাৰ কৰে বিদ্যালয়খনৰ সঞ্চালকে ৷ সঞ্চালকৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হয় ছাত্ৰ গৰাকী৷

প্ৰাপ্ত খবৰ অনুসৰি গুৱাহাটী সাই আৰ এন এছ একাডেমীৰ সঞ্চালক দুলাল তালুকদাৰে ত্ৰিমাসিক মাচুল দিয়াক কেন্দ্ৰ কৰি ছাত্ৰজনক প্ৰহাৰ কৰাৰ অভিযোগ উদ্থাপিত হৈছে৷ ইতিমধ্যে আঘাতপ্ৰাপ্ত ছাত্ৰজনে গোচৰ তৰিছে সঞ্চালক দুলাল তালুকদাৰৰ বিৰুদ্ধে ৷ আনহাতে এই ঘটনাত কেন্দ্ৰ কৰি শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।

ইপিনে,ভুক্তভোগী ছাত্ৰজনৰ পিতৃজনে অভিযোগ কৰা মতে,তেওঁৰ পুত্ৰই আন এখন শিক্ষানুষ্ঠানৰ আহি সাই একাডেমিলৈ গৈছিল মাচুল দিবলৈ । মাচুল দিয়াৰ পূৰ্বে মাচুল বেছি হোৱা বাবে মোৰ স’তে ম’বাইল ফোন কৰি থাকোতেই তেওঁক প্ৰহাৰ কৰে সঞ্চালক দুলাল তালুকদাৰে ৷

অন্য বিদ্যালয়ৰ পোচাক পিন্ধি অহা আৰু ম’বাইলত কথা পতাৰ বাবেই মাৰধৰ কৰে ৷ আনহাতে সাই আৰ এন এছ একাডেমীৰ সঞ্চালক তালুকদাৰে অভিযোগ কৰে যে তেওঁকহে ছাত্ৰজনে আক্ৰমণ কৰিছিল ৷

Exit mobile version