Fraud cases:Satellite channel journalist arrested in Nagaon:প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ ছেটেলাইট চেনেলৰ নগাঁৱৰ সাংবাদিক

dulen 1

Fraud cases:Satellite channel journalist arrested in Nagaon:

ব্যৱসায় (ট্রেডিং) ৰে এটা নির্দিষ্ট পৰিমাণৰ লাভাংশ দিয়াৰ মিছা প্রতিশ্রুতিৰে এগৰাকী মহিলা দন্ত চিকিৎসকৰ পৰা প্ৰৱঞ্চনাৰে নগদ ছয় লাখ ৫০ হেজাৰ টকা সৰকোৱাৰ অভিযোগত গুৱাহাটীৰ এটা ছেটেলাইট চেনেলৰ নগাঁৱস্থ সাংবাদিক দুলেন বৰাক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

নগাঁৱৰ দন্ত চিকিৎসক ডাঃ শোভময়ী বৰুৱাৰ অভিযোগৰ ভিত্তিত নগাঁও সদৰ আৰক্ষী থানাৰ আৰক্ষীয়ে ৮১৩/২০২৪ নম্বৰত জামিনবিহীন ধাৰাত এটি গোচৰ ৰুজু কৰি যোৱা নিশা কলংপাৰ হালোৱাগাঁৱৰ বাসগৃহৰ পৰা দুলেন বৰাক আটক কৰে। সুদীর্ঘ সময় তেওঁক জেৰাৰ অন্তত আজি বিয়লি বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ভুক্তভোগী মহিলা চিকিৎসকগৰাকীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি, যোৱা ১৭ মে’ত ব্যৱসায়ৰ বাবে দুলেন বৰাই চিকিৎসকগৰাকীৰ পৰা কে’বাটাও কিস্তিত এই বৃহৎ পৰিমাণৰ ধনৰাশি ধাৰলৈ লৈছিল; কিন্তু পৰৱৰ্তী সময়ত তেওঁ সেই ধন ঘূৰাই বিচৰাত বৰাই যথেষ্ট দুর্ব্যৱহাৰ কৰাৰ লগতে আলফাৰ নামতো ভাবুকি প্রদান কৰিছিল।

এই সমগ্র বিষয় সন্দৰ্ভত ডাঃ বৰুৱাই নগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাক অৱগত কৰাৰ পাছতে যোৱা নিশা সাংবাদিক বৰাক গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে। ধৃত সাংবাদিকজনক নগাঁও আদালতত হাজিৰ কৰাৰ পাছত আৰক্ষীয়ে তেওঁক তিনিদিনৰ জিম্মাত লৈ এই ঘটনাৰ লগত আৰু কোন জড়িত আছে তাৰো তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে বৰাক গ্ৰেপ্তাৰৰ পাছতে নগাঁও সদৰ আৰক্ষী থানাত ভিৰ কৰে তেওঁৰ প্ৰৱঞ্চনাৰ বলি হোৱা বহু লোকে। বৰাই প্ৰৱঞ্চনাৰে নগাঁৱৰ বহু লোকৰ পৰা ধন আত্মসাৎ কৰা বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে বৰাৰ বিৰুদ্ধে তীৰ মাফিয়া চক্ৰৰ লগত জড়িত থকাৰ অভিযোগ উঠিছিল। কে’বাখনো বিলাসী বাহনৰ গৰাকী সাংবাদিকজনৰ এখন বাহন আৰক্ষীয়ে পূর্বে জব্দও কৰিছিল।

Exit mobile version