Minor Girl Gang rape Incident In Dhing:
কিছুদিন পূৰ্বে নগাঁৱৰ ধিঙত দুৰ্বৃত্তই এগৰাকী ৬০ উৰ্ধৰ মহিলাক নিজ গৃহত ধৰ্ষণ কৰা জঘন্য ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই বৃহস্পতিবাৰে ধিঙৰ ভকতগাঁও ৰাজহুৱা শ্মশানৰ সমীপত সন্ধিয়া এগৰাকী ছাত্ৰী টিউচন কৰি ঘৰলৈ উভতাৰ পথত তিনি পাষণ্ডই মুখত সোপা দি দলবদ্ধ ধৰ্ষণ কৰি মুমুৰ্ষ অৱস্থাত পেলাই থৈ যায় ৷ নিশাই কিশোৰী ছাত্ৰী গৰাকীক স্থানীয় পথচাৰীয়ে উদ্ধাৰ কৰি নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ আনহাতে এই জঘন্য ঘটনাই পিছতে ধিঙত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷নিশাই ৰাইজে ধিং থানাত অৱস্থান কৰি ধৰ্ষণকাৰী তিনি লম্পটক আটক কৰাৰ দাবীত পৰিবেশ উত্তাল কৰি তোলে ৷
আনহাতে ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বান জনোৱা অনিদিষ্ট কালীন ধিং বজাৰ বন্ধ আজি পুৱাৰে সৰ্বাত্মক আছিল ৷ধিং অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে পালন কৰিছে বন্ধ। আছু কৰ্মীয়ে ৰাজপথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
ইফালে সমগ্ৰ ঘটনাৰ সৈতে জড়িত অপৰাধীৰ সন্ধানত ধিং তথা নগাঁও আৰক্ষীয়ে নিশাই আৰম্ভ কৰিছে অভিযান। ঘটনা সন্দৰ্ভত দুজনক আটক কৰিছে আৰক্ষীয়ে। ধৃত দুয়োজনকে সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ইয়াৰে এজন নাৰকীয় ঘটনাৰ মাষ্টাৰ মাইণ্ড বুলি নিশ্চিত কৰিছে ৷ ধৃত লম্পট দুটা হ’ল তফজ্জুল ইছলাম আৰু ছহিদুল ইছলাম। আনজন এতিয়াও পলাতক অৱস্থাত আছে ৷
আনহাতে ধৰ্ষণৰ বিৰুদ্ধে ন্যায় বিচাৰি হাতে হাতে প্লেকাৰ্ডলৈ ৰাজপথলৈ ওলাই আহিছে কে’বা সহস্ৰাধিক মহিলা ৷ ৰাজপথত অৱস্থান কৰি পাষণ্ড তিনিটা ওপৰত কঠোৰতম শাস্তিৰ দাবী বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷ ইফালে প্ৰতিবাদত নগাঁও জিলা আছুৰ নেতৃবৰ্গ ,টাই আহোম ছাত্ৰ সন্থা,বীৰ লাচিত সেনা সহ বহু দল- সংগঠনে অংশ লৈছে ৷ জানিব পৰা প্ৰতিবাদত একাত্ম হ’বৰ বাবে ইতিমধ্যে বীৰ লাচিত সেনাৰ বাগ্মীবৰ নেতা শৃংখল চলিহা শিৱসাগৰৰ পৰা আহি উপস্থিত হ’ব। অসমীয়া জীয়ৰী-বোৱাৰী,কিশোৰী- যুৱতীক এটা বিশেষ সম্প্ৰদায়ে টাৰ্গেট কৰি লৈ উপযুপৰি এনেধৰণৰ জঘন্য ঘটনা সঘনাই সংঘটিত কৰি আহিছে বুলি মন্তব্য কৰে বহু কেইটা জাতীয় সংগঠনৰ নেতৃবৰ্গই ৷ ধিঙৰ বিধায়ক আমিনুল ইছলামে এই ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দোষীক ফাষ্টটেক আদালতৰ জৰিয়তে ফাঁচী দিয়াৰ দাবী কৰে ৷
ইপিনে,ধিং এই ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷বৰ্তমান বৰাক উপত্যকা থকা মুখ্যমন্ত্ৰী গৰাকীয়ে কয় ,ধিঙৰ বলাৎকাৰত জড়িত এটা দুটা পাষণ্ডক গ্ৰেপ্তাৰ কৰিছে ৷ এতিয়াও পলাতক আন এটা বলাৎকাৰী ৷ দোষীৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা ৷ ইতিমধ্যে নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু ডিজিপি জিপি সিঙক ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে জঘন্য ঘটনাৰ আঁত ধৰি কয়,অসমীয়া সংখ্যালঘু হোৱা স্থানত এনে ঘটনা বাঢ়িছে ৷ ধিঙত এইটোৱেই প্রথম ঘটনা নহয় ৷ অভিযুক্তক কোনো ক্ষেত্ৰতে ৰেহাই দিয়া ন’হব ৷ কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়া হ’ব ৷
ইপিনে , ধিংত সংঘটিত অমানুষিক যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগী ছাত্ৰীগৰাকীৰ শাৰীৰিক অৱস্থা বৰ্তমান সুস্থিৰ বুলি নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক গৰাকীয়ে জানিবলৈ দিছে ।ইতিমধ্যে ডিএছপি পাৰমিতা সৰকাৰে ভাষ্য গ্ৰহণ কৰি পীড়িত ছাত্ৰী গৰাকীৰ |
নগাঁও জিলা প্ৰশাসনে ছাত্ৰীগৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত তীক্ষ্ণ নজৰ ৰাখিছে । নগাঁও আৰক্ষী বিভাগেও এই সমগ্ৰ বিষয়টো গুৰত্বসহকাৰে গ্ৰহণ কৰি ঘটনাটোৰ লগত জড়িত দোষীক কাৰায়ত্ব কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে । নগাঁও জিলা প্ৰশাসনে অনাকাংক্ষিত এই ঘটনাটোৰ বাবে আবেগৰ বশৱৰ্তী নহবলৈ আৰু জনসাধাৰণক শান্তি-শৃংখলা বজাই ৰাখি দোষীক কাৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে । আনহাতে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ নগাঁও চিকিত্সা মহাবিদ্যালয়ত উপস্থিত হৈ নির্যাতিতাৰ স্বাস্থ্যৰ বুজ লয়। জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ এই মন্তব্য সম্প্রতি সুস্থিৰ হৈ আছে নির্যাতিতাৰ শাৰীৰিক অৱস্থা।