Does your smartphone battery charge frequently? স্মার্টফোনৰ বেটাৰী সঘনে চার্জ দিয়ে নেকি?

smartphone66

Does your smartphone battery charge frequently? স্মার্টফোনৰ বেটাৰী সঘনে চার্জ দিয়ে নেকি ?

আজিকালি স্মার্টফোনৰ ব্যৱহাৰ সৰ্বাধিক হৈছে। ফোনকল কৰাৰ পৰা আৰম্ভ কৰি বিত্তীয় লেনদেন, ফটোগ্রাফী, ৰিল তৈয়াৰ, ইউটিউব ভিডিঅ’ তৈয়াৰ আদি নানা কামত স্মার্টফোন ব্যৱহাৰ কৰা হয়। বহুতে স্মার্টফোনতে নানা ভিডিঅ’ তথা চিনেমা চোৱাৰ লগতে গানো শুনে।
মুঠতে স্মার্টফোনৰ ব্যৱহাৰৰ অন্ত নাই। কিন্তু বহুক্ষেত্রত দেখা যায় ভাল বেকআপ থকাৰ পাছতো স্মার্টফোন সোনকালে ডিছচার্জ অর্থাৎ বেটাৰী চার্জ নোহোৱা হয়। ফলত বাৰে বাৰে ফোন চার্জ কৰাব লাগে। বহুতে এই সমস্যাৰ পৰা হাত সাৰিবলৈ লগত পাৱাৰ বেংক লৈ ফুৰে। যদি আপুনি স্মার্টফোনৰ বেটাৰীৰ চাৰ্জ সোনকালে শেষ হোৱাৰ সমস্যাত ভুগি আহিছে, তেন্তে তলত দিয়া পদ্ধতি অৱলম্বন কৰিলে এই সমস্যাৰ পৰা সকাহ লাভ কৰিব।

#কেনেকৈ ছেটিং কৰিব ?

প্রথমে আপুনি স্মার্টফোনৰ ছেটিঙলৈ যাব লাগিব। এতিয়া About phone ত Build Numberত ছয়-সাত বাৰ টেপ কৰক। এইবাৰ Developer Options & Networking অপচন নিৰ্বাচন কৰক।

এতিয়া আপুনি Select USB Configuration অপচন নির্বাচন কৰক। এইবাৰ আপুনি Charging অপচন নিৰ্বাচন কৰক। এই ছেটিঙৰ পাছত আপোনাৰ স্মার্টফোন দ্রুত গতিত চার্জ হ’বলৈ ধৰিব আৰু ফোনটো বাৰে বাৰে চাৰ্জ কৰাৰ সমস্যাৰ পৰা সকাহ পাব। যদি আপোনাৰ ফোনটো বেছি পুৰণি তেন্তে নতুন ফোন ক্রয় কৰক। পুৰণি ফোনৰ বেটাৰীৰ চেকআপ সাধাৰণতে কম হয়। নতুন ফোনৰ বেটাৰীও উন্নত মানৰ হয়।

নতুন ফোন ক্ৰয় কৰিলে বেটাৰী ক্ষমতা অধিক হ’লে বাৰে বাৰে ফোন চার্জ কৰাৰ প্ৰয়োজন নহ’ব। ৫০০০ বা ততোধিক এমএএইছ ক্ষমতাৰ বেটাৰীযুক্ত স্মার্টফোন এবাৰ চাৰ্জ কৰি দীৰ্ঘ সময় ব্যৱহাৰ কৰিব পাৰিব।

স্মার্টফোন ফোনটো চার্জ কৰা অৱস্থাত ফোনটো ব্যৱহাৰ নকৰিব। ফোন ব্যৱহাৰ কৰি চাৰ্জ কৰিলে বেটাৰী চার্জ হওঁতে অধিক সময়ৰ প্ৰয়োজন হয়। নিম্নমানৰ এডাপ্টৰ বা চাৰ্জাৰৰ কাৰণতো স্মার্টফোন চার্জ হওতে অধিক সময়ৰ প্ৰয়োজন হয়। সদায় উন্নত মানৰ এডাপ্টৰ চাৰ্জৰ বাবে ব্যৱহাৰ কৰক। স্মার্টফোনৰ বেটাৰীৰ চার্জ অধিক সময় ৰাখিবলৈ ফোনটোৰ বেটাৰী ছেভিং অপচন নিৰ্বাচন কৰক।

Exit mobile version