Ghograpar Barmbai Barpukhuri: ঘগ্ৰাপাৰৰ ইতিহাস প্রসিদ্ধ বৰম্বৈ বৰপুখুৰী আজিও অৱহেলিত

পর্যটনস্থলী হিচাপে গঢ়ি তোলাৰ আহ্বান সচেতন মহলৰ

baramboi

Ghograpar Barmbai Barpukhuri: ঘগ্ৰাপাৰৰ ইতিহাস প্রসিদ্ধ বৰম্বৈ বৰপুখুৰী আজিও অৱহেলিত

পর্যটনস্থলী হিচাপে গঢ়ি তোলাৰ আহ্বান সচেতন মহলৰ

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্রৰ অন্তৰ্গত বৰজাৱৰিহাটী গাঁৱত থকা ইতিহাস প্রসিদ্ধ বজাদিনীয়া বৰম্বৈ বৰপুখুৰীটো চৰকাৰী এটা বৃহৎ সম্পত্তি। এই পুখুৰীটো ১৪০ বিঘা মাটিকালিৰে আবৃত। পুখুৰীটোত নানা প্রজাতিৰ দেশী-বিদেশী চৰাই-হাঁহ থাকে। তদুপৰি সময়ে সময়ে নানা প্রজাতিৰ ৰং-বিৰঙৰ হাঁহ, চৰাই আদিৰ সুললিত কণ্ঠস্বৰ তথা জলকেলিৰ মাদকতাই বনভোজ খাবলৈ অহা বনভোজৰ দলসমূহক আপোন পাহৰা কৰি তোলে।

পহিলা জানুৱাৰীৰ পৰা মাঘৰ বিহু পর্যন্ত বিভিন্ন প্রান্তৰ পৰা বনভোজৰ দলসমূহ পুখুৰীলৈ প্ৰতি বছৰে বনভোজ খাবলৈ আহে। উল্লেখ্য যে বর্তমানে প্রতি বছৰে চৰকাৰীভাৱে ডাক বিক্রী কবি এই পুখুৰীটোৰ পৰা মোটা অংকৰ ধন সংগ্ৰহ কৰি আহিছে। পুখুৰীটোৰ পৰা সংগ্ৰহ কৰি অহা ধনৰ তুলনাত পুখুৰীটো যি ধৰণে উন্নয়ন কৰিব লাগিছিল তেনে ধৰণে কৰা নাই বুলি স্থানীয়ই অভিযোগ কৰিছে। পুখুৰীটোৰ চাৰিওটা পাৰ অতি আহল-বহল যদিও দক্ষিণ দিশৰ পাৰটো কিছু পৰিমাণে চাপৰ।

উল্লেখ্য যে অসমৰ তদানীন্তন মুখ্যমন্ত্রী প্রয়াত বিমলা প্রসাদ চলিহাই সেই মসয়ত ২০ হেজাৰ টকাৰ অনুদান আগবঢ়াইছিল। সেই ধনৰে পুখুৰীটোৰ দক্ষিণ দিশৰ পাৰটো সামান্য পৰিমাণে ওখ কৰা হৈছিল। সেই তেতিয়াৰে পৰা আজি পর্যন্ত পুখুৰীটোৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ কোনো পদক্ষেপ গ্রহণ কৰা নাই বুলি স্থানীয়ই জানিবলৈ দিয়ে।

স্মর্তব্য যে উক্ত ৰজাদিনীয়া বৃহদকাৰৰ বৰম্বৈ বৰপুখুৰীটো পূৰ্বৰে পৰা ৰাইজে ৰাজহুৱাকৈ মাছ মাৰিছিল। বৰভাগ-বনভাগৰ ৰাইজে মাঘৰ বিহুৰ উৰুকাৰ দিনা মাছ মৰাটো এটা প্রথা হিচাপে চলি আহিছিল। ১৯৬৯ৰ অক্টোবৰত দতৰা গাঁও পঞ্চায়তৰ উদ্যোগত নাৰপাৰা বজাৰ চ’কত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল।

সেই সময়ৰ দতৰা গাঁও পঞ্চায়তৰ সভাপতি প্রয়াত ৰমেশ চন্দ্র পাটোৱাৰী আৰু বৰজাৱৰিহাটী গাঁৱৰ পঞ্চায়ত সদস্য ফৰমুদ আলী (বর্তমান অৱসৰপ্ৰাপ্ত গাঁওবুঢ়া) ৰ বিশেষ তৎপৰতাত অনুষ্ঠিত তথা যথেষ্টসংখ্যক লোক উপস্থিত হোৱা ৰাজহুৱা সভাখনত তদানীন্তন স্থানীয় বিধায়ক প্রয়াত গৌৰীশংকৰ ভট্টাচার্যই অংশগ্ৰহণ কৰে।

উক্ত ৰাজহুৱা সভাত তাকৰীয়া সংখ্যকে বিৰোধ কৰাৰ বিপৰীতে বৰজাৱৰিহাটী গাঁওবাসীৰ লগতে অধিক সংখ্যকে বৰম্বৈ বৰপুখুৰীটো চৰকাৰীকৰণ কৰাৰ পোষকতা কৰে। সেই মর্মে পুখুৰীটোৰ পৰা সংগ্ৰহ হোৱা ধনৰ চাৰিভাগৰ এভাগ বৰজাৱৰিহাটী গাঁৱৰ উন্নয়নৰ নামত খৰচ কৰাৰ অলিখিত প্রতিশ্রুতিৰে পুখুৰীটো সিদিনাৰ পৰাই চৰকাৰীভাৱে ডাকত দিয়াৰ ব্যৱস্থা গ্রহণ কৰে। আৰু প্ৰতি বছৰে মাঘৰ বিহুৰ উৰুকাৰ দিনা ৰাজহুৱাভাৱে মাছ মৰা প্ৰথাটো বন্ধ হৈ পৰাৰ বিপৰীতে বৃহৎ সম্পত্তিটোৰ পৰা চৰকাৰী ৰাজহ সংগ্ৰহৰ উৎস এটাৰ সৃষ্টি হয়।

এনেদৰে আজি পর্যন্ত পুখুৰীটোৰ পৰা মোটা অংকৰ ৰাজহ চৰকাৰী ভড়ালত সোমাই আহিছে। ইপিনে ৰজা আৰিমত্তই খন্দা বুলি প্রবাদ থকা বৃহদকাৰৰ ইতিহাস প্রসিদ্ধ বৰম্বৈ বৰপুখুৰীটোৰ চাৰিওটা পাৰ অতি আহল-বহল।

এই পাৰ চাৰিটাত পাৰ্কৰ লেখীয়াকৈ সুন্দৰকৈ সজাব পৰা যায়। পুখুৰীটোৰ পানী ভাগত যথেষ্ট সংখ্যক খেল নাও আদি দিয়াৰ ব্যৱস্থাকৰিব পাৰি। তদুপৰি পুখুৰীটোৰ দক্ষিণ দিশৰ পাৰৰ কাষৰ পৰা ২৫ বিঘা চৰকাৰী মাটি আছে যদিও কে’বাগৰাকী লোকে কৃষি কার্য কৰি আছে। আজিৰ পৰা ছয়-সাত বছৰমান পূর্বে ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ এগৰাকী চক্র বিষয়াইস্থানীয় গাঁওবুঢ়া, মণ্ডল আনকি ঘগ্ৰাপাৰ থানাৰ আৰক্ষী বিষয়াসহ এটা আৰক্ষীৰ দল লগত ৰাখি উক্ত মাটিখিনি জোখ-মাখ কৰি খুঁটি আদি মাৰিছিল যদিও উপৰৱালা বিষয়াৰ ফোন কলত সেয়াও সিমানতে বন্ধ হৈ থাকিল বুলি জানিব পৰা গৈছে।

যি নহওক উক্ত ৰজাদিনীয়া বৰম্বৈ বৰপুখুৰীটো উন্নয়নৰ ব্যৱস্থা গ্ৰহণ কৰি পৰ্যটনস্থলীলৈ উন্নীতকৰাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ সচেতন ৰাইজ, স্থানীয় দল-সংগঠনৰ লগতে বৰজাৱৰিহাটী গাঁওবাসীয়েও আহ্বান জনাইছে বিভাগীয় পক্ষক। আনহাতে, পুখুৰীলৈ যাতায়াত কৰা বৰজাৱৰিহাটী গাঁৱৰ পথটো নিৰ্মাণ কৰি থকাৰ লগতে পথটোৰ ঘগ্রাজানৰ ওপৰত দলংখনো নির্মাণ কৰি আছে। পথটো নিৰ্মাণ কৰাৰ লগতে দলংখন সম্পূর্ণ হৈ উঠিলে পুখুৰীটোলৈ যাতায়াত সুচল হৈ উঠিব।

Exit mobile version