AATTJA Press Release:মৰাণ স্বায়ত্ব শাসিত পৰিষদীয় অঞ্চলত চাহ জনগোষ্ঠীয় অঞ্চল অন্তভুৰ্ক্ত কৰাত তীব্ৰ বিৰোধিতা আটজাৰ

tea tribal 1

AATTJA Press Release:

অসমৰ ভূমি পুত্ৰ মৰাণ জনগোষ্ঠীক চৰকাৰে স্বায়ত্ব শাসন দিয়াক আদৰণি জনাইছে সদৌ আদিবাসী চাহ জনজাতি জাগৰণ সন্থা চমুকৈ আটজাই ।

এই সন্দৰ্ভত এক প্ৰেছ বিবৃতি চাহ জনগোষ্ঠীয় সংগঠনটোৱে কয়,মৰাণ স্বায়ত্ত্ব শাসিত পৰিষদৰ বাবে চৰকাৰে যি স্বায়ত্ব শাসনৰ গাঁও সমূহৰ যি তালিকা প্ৰস্তুত ও প্ৰকাশ কৰিছে উক্ত গাঁও সমূহত দেখা গৈছে যে য’ত মৰাণ জনগোষ্ঠীৰ লোক নাই সেই গাওঁ সমূহো মৰাণ স্বায়ত্ব শাসিত অন্তৰ্গত কৰাত চাহ জনগোষ্ঠী -আদিবাসীৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

যোৱা ২৭ আগষ্টত তিনিচুকীয়া জিলা আয়ুক্তই যদিও ওজৰ আপত্তিৰ দিন ঘোষণা কৰিছিল। সেই তালিকাখনৰ বিসংগতি দেখি কেইবাটাও সংগঠনে সেই তালিকাৰ বিৰোধিতা কৰে আৰু জিলা প্ৰশাসনৰ শুনানি স্থগিত ৰাখিবলৈ বাধ্য হয়।

এই ক্ষেত্ৰত জিলা আয়ুক্তৰ ভূমিকা সন্দেহজনক। শীঘ্ৰেই চৰকাৰে যদি দুয়োপক্ষক মাতি এই সমস্যা সমাধান নকৰে তেতিয়া হ’লে চাহ আদিবাসী আৰু মৰাণ জনগোষ্ঠীৰ মাজত ভুল বুজাবুজিৰ কাৰণে সৃষ্টি হ’ব পাৰে মতানৈক্য ৷ এই ক্ষেত্ৰত তিনিচুকীয়া জিলা আয়ুক্তই একপক্ষীয় সিদ্ধান্ত লোৱা দেখা গৈছে। সেই কাৰণে তিনিচুকীয়া জিলাৰ আয়ুক্ত জনক তিনিচুকীয়া জিলাৰ পৰা অন্য জিলালৈ বদলি কৰণৰ দাবী জনায় সদৌ আদিবাসী চাহ জনজাতি জাগৰণ সন্থা চমুকৈ আটজাৰ সভাপতি প্ৰদীপ কালিন্দী আৰু সাধাৰণ সম্পাদক সন্তোষ কুৰ্মীয়ে।

Exit mobile version