Teacher Taining  Workshop in Titabar:তিতাবৰত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ পাঁচ দিনীয়া প্ৰশিক্ষণ সামৰণি

teacher taining

Teacher Taining  Workshop in Titabar:

 তিতাবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত মাধপুৰ আৰু টেঙাজান মণ্ডলৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ দ্বিতীয় পৰ্যায়ৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ পাঁচদিনীয়া অনা আৱাসিক প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সফলতাৰে সামৰণি পৰে। তিতাবৰ কেচাখাইটিস্থিত পানীৰাম ভূঞা মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণত শিক্ষক-শিক্ষয়িত্ৰীসকল যথেষ্ট উপকৃত হোৱা বুলি জানিব পৰা গৈছে।‌

বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ অন্যতম অংশ ভাষাৰ দক্ষতা বিকাশৰ বাবে শিশুৰ মৌখিক ভাষা, পাঠোদ্ধাৰ, পঠন আৰু লিখন কিদৰে কৰাব লাগে সেই সমন্ধে প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণটো সাফল্যমণ্ডিত কৰাৰ ওতঃপ্ৰোতভাৱে জড়িত সকলো শিক্ষক-শিক্ষয়িত্ৰী, সমল ব্যক্তি, বিষয়া কৰ্মচাৰীক চি আৰ চি চি প্ৰাণজিত বৰকাকতিয়ে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।

Exit mobile version