Artificial Flood In Guwahati: উপর্যুপৰি কৃত্ৰিম বানত কাহিল গুৱাহাটীবাসীৰ , পৰামৰ্শতে দায়িত্ব শেষ মন্ত্ৰীৰ

ghy flood

Artificial Flood In Guwahati:

গুৱাহাটীবাসীক সাধাৰণ এজাক বৰষুণতে কৃত্রিম বানত হাবুডুবু খুৱাই ৰং চাইছে চৰকাৰ বাহাদুৰে। ফলত ধাৰাবাহিক ইটোৰ পাছত সিটো কৃত্রিম বানত কক্সকাইছে মহানগৰবাসীৰ। লাখ লাখ লোকে। শণিবাৰে নিশাৰ পৰাও সেই একে পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটীৰ বিভিন্ন প্রান্তত।

এফালে চৰকাৰে ইখনৰ পাছত সিখন উৰণ সেতু নির্মাণৰে যান-জঁট ব্যৱস্থা লাঘৱৰ তথাকথিত হিচাপ-নিকাচ কৰি আহিছে, আনহাতে যেন অৱজ্ঞা কৰিছে কৃত্রিম বান সমস্যাটোক। আনকি উৰণীয়া সেতু নিৰ্মাণ কৰিও যান-জঁট ৰোধ কৰিব পৰা নাই। কৃত্রিম বানৰ পাছত বিশেষজ্ঞৰ দৰে মন্ত্রী দুই-এক স্থানত উপস্থিত হয় আৰু মুখৰ কথাৰে বান কিদৰে নিয়ন্ত্রণ কৰিব, সেই আশ্বাস দি খন্তেক পাছতে উধাও হয়।

এইদৰেই চলিছে গুৱাহাটীত কৃত্রিম বান নিয়ন্ত্রণৰ প্রচেষ্টা। তাৰ বাদে বাস্তৱত কাৰ্যকৰী ব্যৱস্থা একো হোৱা নাই। সেইবাবে মহানগৰীত কৃত্রিম বানৰ কৱলত প্ৰা অঞ্চলৰ সংখ্যাও হ্রাস হোৱাতকৈ বাঢ়িছেহে। নতুন নতুন অঞ্চল, মানুহৰ ঘৰ-দুৱাৰ, দোকান-পোহাৰ এজাক বৰষুণতে এতিয়া একাঁঠু পানীত বুৰ যায়। তাৰেই ছবিখন পুনৰ পৰিলক্ষিত হয় ৰুক্মিণী গাঁও তথা ৰুক্মিণী নগৰ অঞ্চলত।

গুৱাহাটীত শেহতীয়াকৈ কৃত্রিম বানৰ তাণ্ডবে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৰুক্মিণী গাঁৱত। বৰষুণ আহিলেই একাঁঠুৰ পৰা এবুকু পর্যন্ত পানীত বুৰ যায় কে’বা হেজাৰ লোকৰ বাসস্থান, অঞ্চলটোৰ পথ-উপপথ। আনকি দিন-বাতি সমানেই ব্যস্ত গুৱাহাটী-শ্বিলং পথতো একাঁঠু পর্যন্ত পানী হয় ফলস্বৰূপে পথটোৰে যাতায়াত ব্যৱস্থা ব্যাহত হয়। গুৱাহাটী-শ্বিলং পথেই(জিএছ ৰোড) যেতিয়া বন্ধ হৈ পৰে, তাৰ পাছত আৰু গুৱাহাটীক স্মার্ট চিটি কৰাৰ চৰকাৰৰ সপোনৰ কোনো মূলাই নাই।

গুৱাহাটীত কৃত্রিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ অন্তৰালৰ উদ্বেগজনক কাৰণবোৰৰ বাবে সততে সাধাৰণ জনতাক দোষ জাপি দিব বিচৰা চৰকাৰৰ নিজৰ মানুহবোৰ কিমান দায়ী তাৰ বিশ্লেষা নহয়। গুৱাহাটীৰ ভৌগোলিক অৱস্থানৰ বাবে নলা-নর্দমাবোৰ নিয়মিতভাৱে পৰিষ্কাৰ কৰিব লাগে। গুৱাহাটীত চৰকাৰৰ পৃষ্ঠপোষকতাতে বিভিন্ন নির্মাণকার্য চলি আছে। সেই কামত ব্যৱহৃত বিভিন্ন সামগ্রী ঠিকাদাৰে নলাতেই পেলায়। মাত্র তিনি দিন পূর্বে ৰুক্মিণীগাঁৱৰ এটা নলাৰ পৰা ঢালাই কামত ব্যবহাৰ কৰা ব’ৰ্ড, পাইপ, প্লাইউদ আদি উদ্ধাৰ হয়।

তদুপৰি নিৰ্মাণ সামগ্ৰীৰে ভৰি থকা ৩৩ টা বস্তাও উদ্ধাৰ কৰা হয়। ইয়াৰ কেইদিনমান পূর্বে হাতী গাঁৱৰ এটা নলাৰ পৰা এনে সামগ্রী উদ্ধাৰ কৰা হৈছিল। অঞ্চলটোৰ বিষ্ণুজ্যোতি পথত এটা নলাৰ পৰা লোকনিৰ্মাণ বিভাগৰ এজন বিতর্কিত ঠিকাদাৰে নিৰ্মাণ সামগ্রী ভর্তি কৰি পেলাই দিয়া বহু বস্তা উদ্ধাৰ হৈছিল।

Exit mobile version