Intermediate Session Of kolongparia Kabi Sanmilan:কলংপৰীয়া কবি সন্মিলনৰ মধ্যকালীন অধিবেশন সম্পন্ন

kabi image

Intermediate Session Of kolongparia Kabi Sanmilan:

অসম কবি সন্মিলনৰ অন্তৰ্গত কলংপৰীয়া কবি সন্মিলনৰ নগাঁও সদৰ শাখাৰ প্ৰথম বাৰ্ষিক মধ্যকালীন অধিবেশন খনি সফলতাৰে সম্পন্ন হয় ৷
নগাঁও খাগৰিজান মহাবিদ্যালয়ত আয়োজন কৰা অনুষ্ঠানটোৰ আৰম্ভনি বন্তি প্ৰজ্বলনআৰম্ভ কৰা হয় ৷ ইয়াৰ পিছতে ৰূপৰেখা চক্ৰৱতীয়ে বৰগীত পৰিবেশন কৰাৰ পাছতেই অধিবেশন খনিৰ উদ্ধোধনী ভাষন আগবঢ়াই নগাঁও খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেশ নাথে।

আনহাতে “স্বাধীনতা সময়ৰ পৰা ২০২০ লৈকে নগঞা কবি সকলৰ কাব্য সাহিত্যত অৱদান” শীৰ্ষক আলোচনা সভাত উল্লিখিত বিষয়ত সাৰুৱা আৰু বহুমূলীয়া ভাষন আগবঢ়াই অনুষ্ঠানটোৰ আমন্ত্ৰিত নিদিষ্ট বক্তা নগাঁও মহাবিদ্যালয়ৰ (স্বতন্ত্ৰ) অসমীয়া বিভাগৰ প্ৰৱক্তা ড° ৰূপাঞ্জলী দেৱীয়ে।

কলংপৰীয়া কবি সন্মিলনৰ মধ্যকালীন অধিবেশন খনিত কাৰ্যকৰী সভাপতি নবীন কলিতাক সভাপতি,সঞ্চালক অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি ত্ৰিদীৱ লস্কৰ,উদ্ধোধক নগাঁও খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেশ নাথ,সদৌ অসম গ্ৰাম্য পুথিভঁড়াল সন্থাৰ নগাঁও জিলাৰ উপ-সভাপতি শশীন্দ্ৰ দেৱ মহন্ত আৰু নগাঁও জিলা কবি সন্মিলনৰ সভাপতি শ্ৰুতিমালা গায়ন বৰাৰ উপস্থিতিত ভবেন বৰা,শশীন্দ্ৰ দেৱ মহন্ত, অনুকোঁৱৰ সিংহ, পুৰ্ণিমা চৌধুৰী, কাবেৰী মহন্ত, মালবিকা বৰা,নাৰায়ণ কলিতা,কমল চন্দ্ৰ শৰ্মা,বেলা মোদী,গুণ কান্ত শৰ্মা,জয়ন্তী বৰা,গৌৰি বল্লৱ গোস্বামী আৰু গীতিকাৰ মুকুতা ৰাজাকে প্ৰমুখ্য কৰি প্ৰায় ৩৫ গৰাকী কবিয়ে কবিতা পাঠ কৰি অধিবেশন খনিৰ সৌষ্ঠৱ উজ্জ্বলাই তোলে।

অনুষ্ঠানটোৰ আৰম্ভনিতে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো কিছু দীঘলীয়া সময় ধৰি এচাম কু-সংস্কাৰি লোকে নাৰীৰ সুৰক্ষা আৰু অশ্লিলতা ভংগৰে বলৎকাৰ,ধৰ্ষন আদিৰ দৰে জঘন্য ঘটনা সংঘটিত কৰি কাৰোবাক হত্যা, ক্ষেনুক অৱচেতন কৰি পেলাই থৈ যোৱা অপসংস্কৃতিৰে দেশখন জোকাৰি যোৱা কাণ্ডবোৰক গৰিহণা দিয়ে আৰু এনে অপসংস্কৃতিৰ বোৰৰ পৰিত্ৰাণ বিচাৰি এনেবোৰ ঘটনাত জড়িত লোকক উচিত দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক প্ৰতি আহ্বান জনায় ।

Exit mobile version