Suspended members cannot use the name of ‘AAP’:State Aap নিলম্বিত সদস্যই ব্যৱহাৰ কৰিব নোৱাৰিব ‘আপ’ৰ নাম

আপ'ৰ নাম ব্যৱহাৰক লৈ মুখ্য নিৰ্বাচনী বিষয়াৰ নিৰ্দেশনা

CEO

Suspended members cannot use the name of ‘AAP’:State Aap

অকৰ্তৃত্বশীল কোনো লোকে আম আদমী পাৰ্টিৰ নাম ব্যৱহাৰ কৰা সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে আজি এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে। এই নিৰ্দেশনা অনুসৰি এতিয়াৰ পৰা আপৰ কোনো নিলম্বিত বা বহিস্কৃত সদস্যই কোনো ক্ষেত্ৰতে দলটোৰ নাম ব্যৱহাৰ কৰিব নোৱাৰিব।

আজি মুখ্য নিৰ্বাচনী বিষয়াই ৰাজ্যৰ সকলো জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষলৈ এই নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰিছে। তদুপৰি নিৰ্দেশনাত আম আদমী পাৰ্টিয়ে ইতিপূৰ্বে দলৰ পৰা নিলম্বন কৰা ৫ গৰাকী সদস্যৰ নাম উল্লেখ কৰিছে। নিলম্বিত এই সদস্য কেইগৰাকী হ’ল চন্দনজ্যোতি ফুকন, মুনীন গগৈ, ব্ৰজেন্দ্ৰ কুমাৰ সন্দিকৈ, অনুৰূপা বড়ো আৰু নাৰায়ণ দত্ত ভূঞা।

উল্লেখ্য যে বিগত কিছুদিন পূৰ্বে দলৰ পৰা নিলম্বিত তথা বহিস্কৃত হোৱাৰ পিছতো তেওঁলোকে অকৰ্তৃত্বশীল ভাবে ‘ আপ’ৰ নাম আৰু প্ৰতীক ব্যৱহাৰ কৰি সভা – সমিতি আৰু সংবাদমেল সম্বোধন কৰা পৰিলক্ষিত হৈছিল। বিষয়টো মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ দৃষ্টিগোচৰ হোৱাত আজি এই নিৰ্দেশনা জাৰি কৰে।

এতিয়াৰে পৰা কোনো আবেদন, নিবেদনত তেওঁলোকে আম আদমী পাৰ্টিৰ নাম ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে মুখ্য নিৰ্বাচনী বিষয়াই এই ক্ষেত্ৰত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলক দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে।

Exit mobile version