Where did Sumi and Tarkik escape? কাৰ ছত্ৰছায়াত ‘সন্ধানহীন’ চুমি- তাৰ্কিক

অবৈধ বেহাত ক'লা ধন বিনিয়োগৰ তথ্য গাপ দিয়াৰ অপচেষ্টা!, প্ৰভাৱশালী চক্ৰৰ সহযোগত চোং সলাই ফুৰিছে, হঠাৎ চৰ্চাৰ পৰা অন্তর্ধান ৰাজ্যৰ জ্বলন্ত বিষয়সমূহ

SUMI BORA

Where did Sumi and Tarkik escape?

কোনে ৰক্ষণাবেক্ষণ দিছে চুমি বৰাক? কাৰ অদৃশ্য হাতৰ আশীর্বাদত অসম চৰকাৰৰ স্মার্ট আৰক্ষীয়ে আজি পর্যন্ত এইগৰাকী অভিযুক্তক গ্রেপ্তাৰ কৰিব পৰা নাই? এই প্রশ্ন এতিয়া ৰাজ্যজুবিয়ে কেবল চর্চিত হোৱা নাই, স্বয়ং তদন্তকাৰী আৰক্ষীৰ মাজতে উত্থাপন হৈছে। এই কথা সহজে বোধগম্য যে চুমি জালত পৰিলে আন বহু বৌ-বৰালিৰ নাম ৰাজহুৱা হ’ব পাৰে। উন্মোচিত হ’ব পাৰে বহু ক’লাধনৰ গৰাকীসকলৰ মুখা।

অবৈধ পন্থাৰে অনলাইন ট্রেডিঙৰ জ্বাল পেলাই শ শ কোটি টকা লুণ্ঠনৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ডিব্ৰুগড়ৰ বিশাল ফুকনৰ সহযোগী চুমিৰ সন্ধান আজি পর্যন্ত অসম আৰক্ষীয়ে লাভ নকৰাটো চূড়ান্ত ব্যর্থতা বুলি ব্যাপকভাৱে চর্চিত হৈছে। যি সময়ত আৰক্ষী তথা অসম চৰকাৰে দুর্নীতি-অপৰাধৰ বিৰুদ্ধে শূনা সহনশীলতাৰ শ্ল’গান দি আহিছে, অসম আৰক্ষীয়ে দিল্লী আৰক্ষীৰ কান্ধত কান্ধ মিলাই কাম কৰা বুলিও বহু সময়ত দাবী কৰিছে, সেই অসম আৰক্ষীয়ে কিয় গ্রেপ্তাৰ কৰিব পৰা নাই চুমিক?

এই সমগ্র বিষয়টোত আৰক্ষীৰ ভূমিকাক লৈ গভীৰ বহস্যৰ সৃষ্টি হৈছে। চুনিয়ে মুখ খুলিলে বহু প্রভাৱশালী ব্যক্তিৰ প্রকৃত চেহেৰা পোহৰলৈ অহাৰ আশংকাতে ৰক্ষণাবেক্ষণ দিয়া হৈছে বুলি ৰাইজৰ মাজত চর্চা আৰম্ভ হৈছে।

পাতি লোৱা ভায়েক’ বিশালৰ বদান্যতাত উদয়পুৰত ‘ডেস্টিনেচন ৱেডিং’ত বহা চুমিৰ লগত সাধাৰণ চোৰৰ দৰে চোং সলাই ফুৰিবলগীয়া হৈছে স্বামী তার্কিক বৰায়ো। চুমি-তার্কিকে নিজে চোং সলাই ফুৰিছে নে দুয়ো কাৰোবাৰ পৰিচালনাত এনেদৰে ‘লুকাই’ ফুৰিছে? এই প্রশ্নই তদন্তকাৰী আৰক্ষীকো জোঁকাৰি গৈছে। ক’লাধন বগা কৰিবলৈ চুমিৰ মাধ্যমেৰে ৰাজ্যৰ কোন প্রভাবশালী লোকে বিশালৰ ট্রেডিঙৰ অবৈধ ব্যৱসায়ত বিনিয়োগ কৰিছিল, সেই বিষয়বোৰ ৰাজহুৱা হোৱাৰ ভয়তে চুমিক নিৰাপদ আশ্রয় দিয়াৰ চৰ্চা চলিছে।

বিভিন্ন তথ্যপাতি-নথি নোহোৱা কৰিবলৈ এই সময়ছোৱাত চেষ্ট চলাৰো অভিযোগ উঠিছে। অবৈধ পন্থাৰে বিনিয়োগ কৰাসকলৰ এই তালিকাত উচ্চপদস্থ আৰক্ষী, উচ্চপদস্থ আমোলা-বিষয়া, চিকিৎসক, ৰাজনীতিক, সাংস্কৃতিক জগতখনৰ কৰ্মী আদিৰ নাম আছে। গতিকে নিজৰ তথ্য যাতে পোহৰলৈ নাহে, তাৰ বাবে সর্বতোপ্রকাৰৰ চেষ্ট অব্যাহত ৰাখিছে সংশ্লিষ্টসকলৰ একাংশই। এনে কাৰণতে ডিব্রুগড় আৰক্ষীয়ে দিয়া তথ্যৰ ভিত্তিতো গুৱাহাটীতে থকা অৱস্থাত চুমি আৰু তার্কিক জালত পৰা নাই। তাৎপৰ্যপূৰ্ণভাৱে মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়াই চুমিৰ সন্ধান কৰি থকা নাই বুলিয়েই বিভ্রান্তিকৰ মন্তব্য প্রদান কৰিছে।

যোৱা তিনি ছেপ্টেম্বৰৰ পুৱাৰে পৰা চুমি আৰু তার্কিক সন্ধানহীন হৈ আছে। আৰক্ষীয়ে দুয়োকে পুৱাৰে পৰা বিচাৰি আছিল। অথচ নিশা ১১ বজাত বশিষ্ঠ আৰক্ষী থানৰ ভাৰপ্ৰাপ্ত বিষয়াই তার্কিকক ফোন কৰিছিল। তার্কিকে ফোনটো ধৰা নাছিল। তাৰ পৰিৱৰ্তে কাৰোবাৰ লগত কথা পাতি পাতি চুমিসহ তার্কিক কণ্ঠশিল্পী দীক্ষুৰ ঘৰৰ পৰা নিশা ১২ বজাত ওলাই গৈছিল আৰু সেই কথা সদৰী কৰিছে শিল্পীজনৰ পত্নী বিজিয়েতাই। সন্ধানহীনৰ সন্ধান উলিয়াবলৈ আৰক্ষীয়ে প্ৰথমতে চকু ৰখা দিশটোৱেই হ’ল ম’বাইল ফোনৰ ব্যৱহাৰ। সন্ধানহীন অথবা কোনো গোচৰত পলাতক অভিযুক্তই ম’বাইল ফোন ব্যৱহাৰ কৰিলেই তাৰ ভিত্তিত ‘লোকেচন’ নিৰ্ধাৰণ কৰি আৰক্ষীয়ে কৰায়ত্ত কৰে।

এনে ক্ষেত্ৰত পুৱাৰে পৰা সন্ধানহীন হৈ থকা তার্কিকৰ ফোনটো অন হৈ থকা, ফোনটোত আৰক্ষীয়ে কল কৰা, তার্কিকে কথা পাতি থকাৰ পাছতো আৰক্ষীয়ে বিচাৰি নোপোৱাটো আশ্চৰ্যকৰ বুলিয়েই বিবেচিত হৈছে। সেই নিশাৰ পৰা দুয়োৰে আজিলৈকে কোনো সন্ধান নাই। আৰক্ষী সূত্ৰই দাবী কৰে যে দুয়োজন এই সময়ত গুৱাহাটীতে থকাৰ সম্ভাৱনা অধিক। তেনে এক খবৰৰ ভিত্তিতে নুনমাটি আৰক্ষীয়ে আজি চুমিৰ পাথৰকুঁৱেৰীত থকা হিলভিউ নামৰ বৃহৎ এপার্টমেন্টটোত থকা চুমিৰ ফ্লেটটোলৈ যায়। আৰক্ষী উপস্থিত হোৱাৰ সময়ত ফ্লেটৰ দুৱাৰ বাহিৰৰ পৰা তলাবন্ধ অৱস্থাত আছিল।

অথচ চুমি ফ্লেটটোলৈ যোৱাৰ সবল তথ্য আৰক্ষীৰ ওচৰত আছিল। সেয়েহে আৰক্ষীয়ে এপার্টমেন্টণ্টটোৰ ছ’চাইটিৰ লগত কথা-বতৰা পাতে। চুমি আৰু তার্কিকে আত্মগোপন কৰিব পৰাকৈ এপার্টমেন্টটোত দুয়োৰে কোনোবা আত্মীয় অথবা ঘনিষ্ঠ লোকে বাস কৰে নেকি সেই তথ্যও ল’বলৈ আৰক্ষীয়ে চেষ্টা চলায়। ইপিনে, দুপৰীয়া দক্ষিণ গুৱাহাটীৰ এক স্থানতো চুমি-তার্কিকৰ অৱস্থিতিৰ এক খবৰ ওলায়।

Exit mobile version