Ganeshguri Transformer Fire:
মহানগৰীৰ উৎকট গৰমৰ মাজতে গণেশগুৰিত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ গণেশগুৰিৰ হুণ্ডাই শ্ব’ ৰুমৰ সন্মুখত থকা এটা ট্ৰেন্সফৰ্মাৰ হঠাতে দাওদাওকৈ জ্বলি উঠে ৷ ফলত স্থানীয়লোকৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ অৱশ্যে পিছত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷
